নগাঁও জিলা চুতীয়া যুৱ সন্মিলনৰ প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠক , চুতীয়া জনগোষ্ঠীক জন জাতিৰ মৰ্যদা-চুতীয়া উন্নয়ন পৰিষদক ২০০ কোটিৰ আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবী

214

নগাঁও জিলা চুতীয়া যুৱ সন্মিলনৰ প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠক , চুতীয়া জনগোষ্ঠীক জন জাতিৰ মৰ্যদা-চুতীয়া উন্নয়ন পৰিষদক ২০০ কোটিৰ আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবী

দুৰ্নীতিৰ দৰ্পণ সেৱা ,ৱাহিদুদ জামান , নগাঁও , ২৭ ছেপ্টেম্বৰ : চুতীয়া যুৱ সন্মিলনৰ নগাঁও জিলা সমিতিৰ নৱ গঠিত কাৰ্যনিৰ্বাহক সভাৰ প্ৰথমখন বৈঠক তথা শপত গ্ৰহণ অনুষ্ঠান আজি নগাঁও চহৰৰ সমীপৰ ডাকৰঘাট বামুণ গাঁও নামঘৰত অনুষ্ঠিত হয় । সংগঠনটোৰ নৱ নিৰ্বাচিত সভাপতি পদুম কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত কাৰ্যনিৰ্বাহক সদস্য সহ ২৫ বিয়ববীয়াই শপত বাক্য পাঠ কৰাৰ লগতে তিনিটাকৈ গুৰুত্বপূৰ্ণ প্ৰস্থাৱ গ্ৰহণ কৰে । সেই অনুসৰি অসমৰ চুতীয়া সকলক জন-জাতিৰ মৰ্যদা দিয়া , চুতীয়া উন্নয়ন পৰিষদক চৰকাৰে ২০০ কোটি টকাৰ আৰ্থিক সাহাৰ্য দিয়াকে ধৰি তিনি দফীয়া প্ৰস্থাৱ গ্ৰহণ কৰে । সভাৰ পিছত অনুষ্ঠিত এক সংবাদ মেলত সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক পঙ্কজ বৰাই কয় , যোৱা ১৯ ছেপ্টেম্বৰত ৰহাত কেইবা শতাধিক চুতীয়া জাতিৰ প্ৰতিনিধি আৰু কেন্দ্ৰীয় পৰ্যবেক্ষকৰ উপস্থিতিত অনুষ্ঠিত এক সাধাৰণ সভাত অতি সুকলমে সন্মিলনৰ নগাঁও জিলা সমিতিখন গঠন কৰা হয় । এই সমিতিখনক দ্বি-খণ্ডিত কৰাৰ বাবে দুজমান লোকে ষড়যন্ত্ৰ ৰচনা কৰাটো অতি দুৰ্ভাগ্যজনক । লোক দুজনে আমাৰ বিৰুদ্ধে অবৈধ ভাবে ৰাইজৰ পৰা ধন সংগ্ৰহৰ যি অভিযোগ আনিছে , সেয়া প্ৰমাণ কৰিব নোৱাৰিলে অথবা তিনি দিনৰ ভিতৰত নিজৰ ভূল স্বীকাৰ নকৰিলে মানহানি গোচৰ তৰাৰ ভাবুকি প্ৰদান কৰে । বৰাই সকলোকে সন্মিলিত প্ৰচেষ্টাৰে কাম কৰি চুতীয়া জাতিৰ সামগ্ৰিক উন্নয়নত ব্ৰতী হ’বলৈ আহ্বান জনায় । ইপিনে ,সংবাদ মেলখনত নৱ নিৰ্বাচিত সভাপতি পদুম বৰাই চুতীয়া জাতিক লৈ কোনেও বিভ্ৰান্তিৰ সৃষ্টি নকৰিবলৈ আহ্বান জনায় । সংবাদ মেলত সন্মিলনৰ নগাঁও জিলা সমিতিৰ মুখ্য উপদেষ্টা অধ্যাপক প্ৰশান্ত খনিকৰ , কাৰ্যকৰী সভাপতি পঙ্কজ কুমাৰ বৰা , উপ- সভাপতি সোমেশ্বৰ বৰদলৈ, সাধাৰণ সম্পাদক মুন কাকতিসহ বহু কেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে ।