নগাঁৱত অগপৰ বৃহৎ যোগদান সমাৰোহ , “অগপ হৈছে অসমৰ ৰাইজৰ তেজেৰে গঢ়া দল”-অতুল বৰা , নিৰ্বাচনী কৌশলেৰে আন দলৰে মিত্ৰতা কৰা হৈছে : কেশৱ মহন্ত

86

নগাঁৱত অগপৰ বৃহৎ যোগদান সমাৰোহ , “অগপ হৈছে অসমৰ ৰাইজৰ তেজেৰে গঢ়া দল”-অতুল বৰা , নিৰ্বাচনী কৌশলেৰে আন দলৰে মিত্ৰতা কৰা হৈছে : কেশৱ মহন্ত

দুৰ্নীতিৰ দৰ্পণ সেৱা ,ৱাহিদুদ জামান , নগাঁও, ২৯ আগষ্ট:” অসম গণ পৰিষদ হৈছে ৰাইজৰ তেজৰে গঢ়া দল। দলটোত সকলোৰে তেজ আছে। দলত এনে কৰ্মী আছে যিসকলে একো নোপোৱাকৈও দলৰ পতাকা মাটিত পৰিবলৈ দিয়া নাই। দললৈ অহা নবাগত সকলে অনাগত দিনত দলটোৰ হৃৎ গৌৰৱ নগাঁৱত ঘূৰাই আনিবলৈ সক্ষম হ’ব।”- এই মন্তব্য অসম গণ পৰিষদৰ সভাপতি তথা ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাৰ। আজি নগাঁও সাংস্কৃতিক প্ৰকল্পত অগপ দলৰ যুৱ পৰিষদৰ উদ্যোগত অনুষ্ঠিত বৃহৎ যোগদান সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰী অতুল বৰাই অগপৰ জন্ম বৃত্তান্ত দাঙি ধৰি লগতে কয়, ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ বিদেশী নাগৰিক বহিস্কাৰৰ দাবীত ছাত্ৰ সন্থাৰ নেতৃত্বত যি গণ আন্দোলন হৈছিল, তাৰ ফলশ্ৰুতিত গঠন হোৱা দলটোত নগাঞা ৰাইজৰ ভুমিকা অপৰিসীম। কাৰণ এই ছাত্ৰ আন্দোলনৰ নেতৃত্ব দিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত‌ই। দলটোৱে পৰৱৰ্তী সময়ত ৰাজ্যৰ শাসন ভাৰ লাভ কৰিলেও বিভিন্ন কাৰণত অসম চুক্তি ৰূপায়ণত সফল হ’ব পৰা নাই। অগপ‌ই দ্বিতীয়বাৰ চৰকাৰ গঠন কৰাৰ পিচত ৰাইজৰ বহু আশা আছিল। সেই আশাও ফলৱতী কৰিব নোৱাৰিলো। সেয়ে পিচৰ নিৰ্বাচনত আশানুৰূপ ফল নাপালো। লাহে লাহে দলটো দুৰ্বলহৈ পৰে। ২০১৪ চনৰ লোক সভা নিৰ্বাচনত আমি এখনো আসন নাপালো। আনকি বিধানসভাৰ প্ৰতিটো চেক্টৰত কম ভোট পালো। ইয়াৰ পিছত অৰ্থাৎ ২০১৬ চনত নতুনকৈ ভাবিবলৈ বাধ্য হলো। ২০১৬ চনৰ পৰিস্থিতি সাপেক্ষে ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতা কৰিলো। ১৪ খন আসনত জিকিলো। দলৰ লগতে জনসাধাৰণৰ ভৱিষ্যতক বাস্তৱ দৃষ্টিভংগীৰে চিন্তা চৰ্চা কৰি অসম চৰকাৰত অংশগ্ৰহণ কৰিলো। অংশীদায়িত্ব আমাৰ কম হ’ব পাৰে। কিন্তু আমাৰ স্বাভিমান ৰক্ষা কৰি গৈছোঁ। মিত্ৰদলৰ সন্মান আমাক দিয়া হৈছে। বিগত পঞ্চায়ত নিৰ্বাচনত অকলে খেলি আশাকৰা ধৰণে ফল নাপালো। ষআনহাতে দললৈ নতুন তেজৰ আমদানি নকৰিলে দলটো গতিশীল কৰিব নোৱাৰো বুলি মন্তব্য কৰি অসম গণ পৰিষদ দলৰ সভাপতি গৰাকীয়ে কয় যে অসম গণ পৰিষদ দল অসমৰ মাটিত শক্তিশালী হোৱা মানে আঞ্চলিকতাবাদ শক্তিশালী হোৱা। কিন্তু দলটোক দুৰ্বল কৰিবৰ বাবে বহুতে চেষ্টা কৰিছে।যোৱা নিৰ্বাচনৰ সময়ত বহু আঞ্চলিক দল গঠন হৈছিল। ইয়াৰ আঁৰত কংগ্ৰেছ, এ আই ইউ ডি এফ দৰে দল। কিন্তু তেওঁলোকে বহু কুৎসা ৰচনা কৰিও আমাক দুৰ্বল কৰিব নোৱাৰিলে। অসমৰ সকলো শ্ৰেনীৰ লোকৰ প্ৰাণত থকা দলটোলৈ এদিন আৰু ভাল দিন আহিব। নগাঁও জিলাত কলিয়াবৰৰ বাহিৰে এখনো আসন আমাৰ হাতত নাই বুলি উল্লেখ কৰি অতুল বৰাই কয়, অনাগত দিনত নগাঁও জিলাত অন্য সমষ্টি আমি দখল কৰিব পাৰিম। যদি শক্তিশালী হয়। নৱাগত সকলক সেৱাৰ মনোভাৱৰে কাম কৰিবলৈ আহ্বান জনায় তেওঁ কয়, ৰাইজৰ প্ৰতি সেৱা আগবঢ়াবলেহে দলটো শক্তিশালী হ’ব। তেওঁ ন-পুৰণি সকলো কৰ্মকৰ্তাই ঐক্যবদ্ধ ভাবে কাম কৰি অসমত আঞ্চলিকবাদী শক্তিটোক আগুৱাই যাবলৈ আহ্বান জনায়। সভাপতি বৰাই অগপৰ নগাঁও জিলা কাৰ্যালয়টোৰ বিধস্ত ৰূপৰ বিষয়ে উনুকিওৱাৰ লগতে ন ৰূপত কাৰ্যালয়টো সজাই তুলিবলৈ বিষয়ববীয়া সকলক আহ্বান জনায় কয়, নিজৰ ঘৰখন সন্মুখ ভাগ ছাফা কৰিব লাগিব। দলটোৰ যুৱ পৰিষদৰ সভাপতি মনি মাধৱ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত যোগদান কাৰ্যসূচীত দলৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কয়, নগাঁও জিলাই ১৯৮৫ চনৰ পৰা আঞ্চলিকতাবাদৰ নেতৃত্ব দিছে। নগাঁৱৰ পৰাই দুবাৰকৈ মুখ্যমন্ত্ৰী হৈছে। এতিয়াও নগাঁৱৰ মানুহৰ মনত আঞ্চলিকতাবাদ সজীব হৈ আছে। কিন্তু মিত্ৰতা বা নিৰ্বাচনী কৌশলৰ বাবে অন্য দলৰ প্ৰতি সমৰ্থন কৰিব লগীয়া হৈছে। ভুল ভ্ৰান্তিৰ বাবে হ‌ওঁক বা উপযুক্ত কৌশলৰ অভাৱত হ‌ওঁক দলটো সংগঠিত ভাবে শক্তিশালী হ’ব পৰা নাই। এতিয়াৰ পৰা শক্তিশালী হ’ব লাগিব। আপোচহীন ভাবে প্ৰতিষ্ঠাকালৰে পৰা দলটোক আগুৱাই নিবলৈ চেষ্টা কৰি অহা বুলি উল্লেখ কৰি কাৰ্যকৰী সভাপতি মহন্তই লগতে কয় যে আমাৰ মাজত আঞ্চলিকতাবাদোআছে। জাতীয়তাবাদো আছে, সৰ্বভাৰতীয় দৃষ্টিভংগীৰে তেনে এটা শক্তিক একত্ৰিত কৰা হৈছে। এতিয়া নতুন শক্তিয়ে আঞ্চলিকতাবাদৰ ধ্বজা উৰোৱাব বুলিও তেওঁ মন্তব্য কৰে। সভাত নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা কয়,অসম গণ পৰিষদৰ দলদোপ, হেণ্ডোলদোপ হৈছে। আজি যুৱ প্ৰজন্মৰ বহু লোক যোগদান কৰাটো অগপৰ কাৰণে এক শুভ লক্ষণ বুলি মন্তব্য কৰি তেওঁ আৰু কয়, অসম গণ পৰিষদ দল অসমৰ মানুহৰ মনত আছে আৰু প্ৰাণত আছে। আত্ম মৰ্যাদাৰে বসবাস কৰাৰ সুবিধা জাতীয়তাবাদী শক্তি সমূহে চেষ্টা কৰে।অসম গণ পৰিষদেও কাম কৰিছে। প্ৰকৃত জাতীয়তাবাদে ৰাষ্ট্ৰীয় জাতীয়তাবাদৰ বিৰোধী নহয়। বিভিন্ন ৰাজ্যৰ জাতীয়তাবাদৰ বাখ্যা দাঙি ধৰি বৰুৱাই কয়, আঞ্চলিকবাদক বিশ্বাস কৰা মানে, ৰাষ্ট্ৰীয়তাবাদীক বিৰোধ কৰা নুবুজায়। তেওঁ দলৰ শৃংখলাবদ্ধতা মানিব চলিবলৈ নৱগাতসকলক আহ্বান জনায়। যুৱ পৰিষদৰ নেতা দিপুজ্জ্বল ৰাজখোৱাই আঁত ধৰা সভাখনত অগপৰ কেন্দ্ৰীয় উপ সভাপতি বিষ্ণু দাস, সুনিল ৰাজখোৱা, সাধাৰণ সম্পাদক অতুল মেধি, সম্পাদক দীপক হাজৰিকা, সাংগঠনিক সম্পাদক বুদ্ধেশ্বৰ শ‌ইকীয়া, মহিলা পৰিষদৰ সভাপতি মামনি বৰা, ছাত্র পৰিষদৰ সভাপতি ত্ৰিনয়ন হাজৰিকা আদিকে ধৰি বহু কেইগৰাকী নেতা-কৰ্মী উপস্থিত থাকে। উক্ত সভাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও নগৰ সমিতিৰ সভাপতি কাশ্যপ ফুকন, সাধাৰণ সম্পাদক নয়ন শইকীয়া, পল কুমাৰ বৰদলৈ, কুলদীপ বৰা, বিচিত্ৰ দাসৰ নেতৃত্বত প্ৰায় শতাধিক কৰ্মীয়ে যোগদান কৰে। সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক মুন্না শৰ্মা, প্ৰাক্তন ছাত্ৰ ইন্দ্ৰজিত কলিতা, নগাঁও মহকুমা ছাত্ৰৰ উপ সভাপতি ৰাজন জ্যোতি বৰাকে ধৰি ছাত্ৰ সন্থাৰ বহু কেইগৰাকী সদস্যই অগপত যোগদান কৰে। ইপিনে, এডিপি কলেজৰ সাধাৰণ সম্পাদক অভিক মহন্ত, নগাঁও পলিটেকনিক কলেজৰ ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল মুণ্ডা, সহকাৰী সম্পাদক পলাশ জ্যোতি দাস, সাংস্কৃতিক সম্পাদক চিন্ময় শইকীয়া, নগাঁও কলেজৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক উজ্জ্বল শইকীয়া, ছাত্ৰ কল্যাণ নিধিৰ ভাগৰ্বী বৰা, ধিং কলেজ, ৰূপহী কলেজ, নগাঁও ছোৱালী কলেজকে ধৰি কংগ্ৰেছ, অসম জাতীয় পৰিষদৰ জিলা সভাপতি কিশোৰ নাথ, উপ-সভাপতিদ্বয় ফিৰোজ আহমেদ, শান্তনু বৰাকে ধৰি বিভিন্ন দল-সংগঠনৰ সহস্ৰাধিক যুৱ নেতা-কৰ্মীয়ে আজি আনুষ্ঠানিক ভাবে অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদত যোগদান কৰে। নৱাগত এই কৰ্মী সকলক দলীয় গামোচাৰে আদৰণি জনায় মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তই ।