নগৰবেৰাত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন

75

নগৰবেৰাত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন

দুৰ্নীতিৰ দৰ্পণ সেৱা,নগৰবেৰা,২৯ ছেপ্তেম্বৰঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাস্থ ছমৰীয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত আজি ৰাষ্ট্ৰীয় পোষন মাহ ২০২১ উদযাপন কৰে । সু-স্বাস্থ্য অভিমুখী জীৱনৰ বাবে এক সমন্বিত যাত্রা । সুৰক্ষিত জননী বিকশিত ধৰণীৰ লক্ষেৰে কেন্দ্ৰীয় চৰকাৰে মাহ জোৰা কাৰ্য্যসূচীৰে আৰম্ভ কৰা ৰাষ্ট্ৰীয় পোষন মাহ উপলক্ষে ছমৰীয়া সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া আবু মোস্তাফা আশ্ৰফ হুছেইনৰ তৎপৰতাত অনুষ্ঠিত হয় এই কাৰ্যসূচী । পোষন মাহ উপলক্ষে-শিশু,প্ৰসূতি আৰু গৰ্ভৱতী মহিলাৰ স্বাস্থ্যৰ ওপৰত যঠেষ্ট গুৰত্ব প্ৰদান কৰা পৰিলক্ষিত হয় এই কাৰ্যসূচীত । সমাজ কল্যান বিভাগৰ সৌজন্যত আৰু ছমৰীয়া সংহত শিশু উন্নয়ন সেৱা প্ৰকল্পৰ উদ্যোগত নগৰবেৰাস্থ কাৰ্যালয় প্ৰাঙ্গণত ৰূপায়ণ কৰা হয় এই কাৰ্যসূচী । কাৰ্যসূচীৰ অংশ হিচাপে থলুৱা খাদ্য মেলা আৰু অতি পুষ্টিহীন শিশুক চিনাক্তকৰণ সন্দৰ্ভত এক সজাগতা সভাৰো আয়োজন কৰা হয় । আজিৰ এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নগৰবেৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আৰ বি এছ কে ডা° ইলিয়াচ ৰহমান। নগৰবেৰাস্থ ছমৰীয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত সম্পন্ন হয় ভিন্ন কাৰ্যসূচী । বিভিন্ন কলাকৃষ্টি আৰু সাংস্কৃতিক কাৰ্যসূচীৰে সম্পন্ন হয় পোষন মাহ ।