নগৰবেৰাত সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক ওপজা দিন উদযাপন

91

নগৰবেৰাত সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক ওপজা দিন উদযাপন

দুৰ্নীতিৰ দৰ্পণ সেৱা, নগৰবেৰা, ৮ ছেপ্তেম্বৰঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে কামৰূপ জিলাৰ বকো সমষ্টিৰ নগৰবেৰাতো আজি উদযাপন কৰা হয় ভাৰতৰত্ন , সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ ৯৫ সংখ্যক ওপজা দিন । বৃহত্তৰ নগৰবেৰাৰ সংস্কৃতিপ্ৰেমী যুৱকবৃন্দৰ লগতে নগৰবেৰা আঞ্চলিক মৌজা কমিটিৰ উদ্যোগত আজি উদযাপন কৰা হয় সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ ৯৫ সংখ্যক জন্মদিন । বন্তি প্ৰজ্বলন , প্ৰয়াত শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ , পতাকা উত্তোলন আদিৰ উপৰি একাংশ স্থানীয় শিল্পীৰ ভূপেন্দ্ৰ সংগীতৰ কলৰৱত মুখৰিত হয় নগৰবেৰাৰ আকাশ-বতাহ । নগৰবেৰাৰ ইলিগেণ্ট ইন্সিটিটিউট নামৰ শিক্ষানুষ্ঠান খনতো কভিড প্ৰট’কল মানি অনুষ্টুপীয়াকৈ উদযাপন কৰে প্ৰয়াত শিল্পী গৰাকীৰ জন্মদিন ।