নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্প বন্ধৰ দাবীত ধেমাজিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ , শীঘ্ৰে নদীবান্ধ বন্ধ নকৰিলে বৃহৎ প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ

375

নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্প বন্ধৰ দাবীত ধেমাজিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ , শীঘ্ৰে নদীবান্ধ বন্ধ নকৰিলে বৃহৎ প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিকাশ শইকীয়া , চিলাপথাৰ , ৬ ছেপ্তেম্বৰঃ বিগত বহু দিন ধৰি প্ৰধানকৈ ধেমাজি,মাজুলী তথা লক্ষীমপুৰ জিলাকে ধৰি আন আন জিলা সমূহকো কম বেছি পৰিমাণে বানপানীৰ সমস্যাৰে জৰ্জৰিত কৰি অহা নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্প বন্ধ কৰাৰ দাবীত আজি AJYCP ৰ সদস্য সকলে প্ৰতিবাদী কাৰ্য্যসূচীৰে উত্তাল কৰি তোলে ধেমাজিৰ ৰাজপথ । নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত সুদীৰ্ঘ ২০০৮ চনৰ পৰা বিৰোধিতা কৰি অহা নদীবান্ধ প্ৰকল্পৰ কাম বন্ধ কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰাত বঞ্চিত হৈছে বুলি ক্ষোভ প্ৰকাশ কৰিছে AJYCP ৰ সদস্য সকলে । বিগত লকডাউনৰ সময়চোৱাত নিশা সান্ধ্য আইনৰ সুযোগ বুজি NHPCৰ কামসমূহ আগবঢ়াই নিয়াৰ অভিযোগ তুলিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়া সকলে । আগন্তুক দিনবোৰত NHPCৰ যিকোনো সামগ্ৰী সৰবৰাহ কৰিবলৈ চেষ্টা কৰিলে কেন্দ্ৰীয় সমিতি তথা অসমৰ ৰাইজৰ সহযোগত তীব্ৰভাৱে বাধা প্ৰদান কৰা হ’ব বুলি অৱগত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । ইয়াৰ লগতে কয় যে , অনাগত দিনবোৰত বৃহত নদীবান্ধ বন্ধ নকৰিলে তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে AJYCP ৰ সদস্য সকলে ।