নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ দাবীত নগাঁৱত যুৱ-ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

140

নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ দাবীত নগাঁৱত যুৱ-ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

দুৰ্নীতিৰ দৰ্পণ সেৱা , ৱাহিদুদ জামান , নগাঁও, ৬ ছেপ্তেম্বৰ : নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ দাবীত আজি অসম জাতিয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । পৰিষদৰ নগাঁও জিলা সমিতিৰ শতাধিক সদস্যই নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মূখত ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰি নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ দাবী জনায় । পৰিষদৰ সদস্য সকলে নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য বন্ধ কৰক,এন এইচ পি চি হুচিয়াৰ, বিজেপি চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হুচিয়াৰ আদি বিভিন্ন শ্লোগান দি নগাঁৱৰ ৰাজ পথ উত্তাল কৰি তোলে । প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰা পৰিষদৰ সদস্য সকলে ক্ষোভেৰে কয় , আমি প্ৰতিবাদৰ নামত প্ৰতিবাদ কৰা নাই । উত্তৰ অসমৰ জনগনৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত হোৱাটো বিচাৰিছো । নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য বন্ধ নোহোৱালৈকে আন্দোলন চলি থাকিব বুলি পৰিষদৰ সদস্য সকলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সতৰ্ক কৰি দিয়ে । প্ৰতিবাদী কাৰ্যসূচীত পৰিষদৰ জিলা সমিতিৰ সভাপতি দীপমনি বৰা আৰু সাধাৰণ সম্পাদক প্ৰাগ জ্যোতিষ বনিয়াকে ধৰি বহু কেইজন বিষয় ববীয়াই অংশ গ্ৰহণ কৰে । প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত পৰিষদৰ নগাঁও জিলা সমিতিয়ে নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধান মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।