নিমাতী-মাজুলীৰ যাতায়তৰ সুবিধাৰ বাবে দ্বীপ জিলা পালেহি ডিগাৰু আৰু ৰাজলক্ষ্মী

69

নিমাতী-মাজুলীৰ যাতায়তৰ সুবিধাৰ বাবে দ্বীপ জিলা পালেহি ডিগাৰু আৰু ৰাজলক্ষ্মী

দুৰ্নীতিৰ দৰ্পণ সেৱা ,মাজুলীৰ পৰা কল্পজিৎ শ‌ইকীয়া,১৮ চেপ্তেম্বৰ : মাজুলী-নিমাতীৰ মাজত একক ইঞ্জিন চালিত ফেৰি সেৱা বন্ধ হৈ থকাৰ লগে লগে মাজুলীৰ যাত্ৰীৰ মাজত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । সময় মতে যোৰহাটলৈ যাব নোৱাৰি বহু যাত্ৰীয়ে ডিব্ৰুগড় হৈ বহু কষ্ট স্বীকাৰ কৰি যোৰহাটলৈ যাব লগাৰ দৰে পৰিস্থিতিৰ সুচনা হৈছে ৷ মাজুলীবাসীৰ এই সমস্যাৰ কথা অনুধাৱন কৰিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তৎপৰতাৰে মাজুলী বাসীলৈ নতুন কৈ দুখন ফেৰি প্ৰদান কৰে ৷ কালি মুখ্যমন্ত্ৰী জনে গুৱাহাটীৰ লাচিত ঘাটত মাজুলী আৰু ধুবুৰী বাসীৰ যাতায়তৰ সুবিধাৰ বাবে প্ৰদান কৰা নতুন ফেৰীৰ ফ্লেগ অফ কৰাৰ পিছত আজি আহি মাজুলীৰ কমলাবাৰী ঘাটত উপস্থিত হয়হি ফেৰি দুখন ৷ ৰাজলক্ষ্মী আৰু ডিগাৰু নামৰ ফেৰি দুখন মাজুলীত উপস্থিত হোৱাত মাজুলীবাসীয়ে মুখ্যমন্ত্ৰী জনৰ তৎপৰতাৰ শলাগ লয় ৷ এই ফেৰী দুখনৰ ভিতৰত ৰাজলক্ষ্মী নামৰ জাহাজ খন কমলাবাৰীৰ পৰা নিমাতীৰ মাজত যাত্ৰী অনা নিয়াৰ বাবে চলিব ৷ ইফালে , সংবাদ মাধ্যমত মাজুলীত অচিৰেই খাদ্য সংকতে দেখা দিয়াৰ বাতৰি সম্পচাৰ হোৱাৰ প্ৰতি গুৰুত্ব দি ৰাজ্যৰ মুখ্যমন্ত্ৰী জনে মাজুলীত খাদ্য সামগ্ৰী আনিব পৰাকৈ ডিগাৰু নামৰ এখন জাহাজো প্ৰদান কৰিছে ৷ কাইলৈৰ পৰা মাজুলী কমলাবাৰী ঘাটৰ পৰা যাত্ৰী সকলে এই দুখন ফেৰীৰে পাৰাপাৰ হোৱাৰ সুবিধা লাভ কৰিব ৷