নিশা নগাঁও বাইপাছত ডকাইতি কাণ্ড,গুলীবিদ্ধ বৰপেটাৰ গাড়ীচালক

94

নিশা নগাঁও বাইপাছত ডকাইতি কাণ্ড,গুলীবিদ্ধ বৰপেটাৰ গাড়ীচালক

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ, ২১ ছেপ্টেম্বৰঃ সোমবাৰে নিশা নগাঁও বাইপাছত সংঘটিত হয় চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷ ১২ জনীয়া এটা ডকাইতৰ দলৰ আক্ৰমণত গুলীবিদ্ধ হ’ল বৰপেটাৰ সুমন দাস নামৰ এজন গাড়ী চালক । নগাঁও বাইপাছৰ ঝাৰনি গাঁও নামৰ ঠাইত ডকাইতৰ দলে সংঘটিত কৰে এই গুলীচালনাৰ ঘটনা ৷ জানিব পৰা মতে , গুৱাহাটী বৰাগাঁৱৰ পৰা হাফলঙ অভিমুখে অনলাইনৰ সামগ্ৰী কঢ়িয়াই অনা কুৰিয়াৰ চাৰ্ভিছৰ AS 25EC 6515 নম্বৰৰ বাহনখন নিশা নগাঁও বাইপাছত এটা ১২ জনীয়া দলে আগভেটি ধৰে ৷ ডকাইতৰ দলটোৱে গাড়ী চালক সুমন আৰু তেওঁৰ লগত থকা হৰ্ষজিৎ দাসৰ পৰা মানিবেগ আৰু ম’বাইল কাঢ়ি নিয়াৰ লগতে অধিক ধন বিচাৰি ভাবুুকি প্ৰদান কৰে । কিন্তু লগত আৰু ধন নাই বুলি সুমনে মন্তব্য কৰাত গুলীচালনা কৰে ডকাইতৰ দলটোৱে ৷ ডকাইতৰ গুলীয়ে সুমনৰ ডিঙিত গুৰুতৰ ভাৱে আঘাত কৰে ৷ পিছত গুলীবিদ্ধ সুমনক নগাঁও অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ৷ ইতিমধ্যে নগাঁও আৰক্ষীযে ঘটনাস্থলী পৰিদৰ্শন কৰি তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷ নগাঁও বাইপাছত নিশা ডকাইতৰ দলে সংঘটিত কৰা এই গুলীচালনাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷