নুমলীগড়ত উপস্থিত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল

65

নুমলীগড়ত উপস্থিত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল

দুৰ্নীতিৰ দৰ্পণ সেৱা,বিনোদ কুমাৰ নাথ,গোলাঘাট , ২৬ আগষ্টঃ ভাৰতীয় জল পৰিবহন প্ৰাধিকৰণৰ তত্বাৱধানত নুমলীগড়ৰ পৰা ব্ৰহ্মপুত্ৰ নদীলৈকে ধনশিৰি নদীয়েদি ৩৭ কিঃ মিঃ জল পথ নিৰ্মাণৰ প্ৰস্তুতি । আজি শোধনাগাৰ আৰু ভাৰত চৰকাৰৰ মাজত বুজা বুজি চুক্তিত স্বাক্ষৰ সম্পন্ন কৰা হয় । ভাৰত চৰকাৰৰ বন্দৰ , জাহাজ আৰু জল পথ বিভাগৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোনোৱালে নুমলীগড় জাহাজ ঘাটত পৰিদৰ্শন কৰে । বিশেষকৈ নুমলীগড়ৰ শোধনাগাৰৰ প্ৰকল্প সম্প্ৰসাৰণ বাবে সামগ্ৰী সৰবৰাহৰ বাবে এই পথ জৰুৰী হৈ পৰাত আজি নুমলীগড় শোধনাগাৰৰ লগত এখনি বুজাবুজি চুক্তিপত্ৰ উভয় পক্ষই সম্পাদন কৰে। নুমলীগড় শোধনাগাৰৰ সামগ্ৰী সমুহ বাংলাদেশ হৈ ১০০০ কিঃ মিঃ সাগৰীয় আন্তৰাষ্ট্ৰীয় জলপথেৰে অনাৰ পাছত অসমৰ ধুবুৰী জিলাই দি ব্ৰহ্মপুত্ৰ নদীৰ ৰাষ্ট্ৰীয় জলপথ নম্বৰ NW2 ৰে ৫০০ কিমি অনাৰ পিছত বোকাখাতৰ ধনশিৰি মুখেৰে ধনশিৰি নদীত জাহাজ সমুহ প্ৰবেশ কৰিব। ধনশিৰি নদীয়েদিয়ে ৩৭ কিঃ মিঃ জলপথেৰে নুমলীগড় জাহাজ ঘাটত সামগ্ৰী সমুহ নমোৱা হ’ব। বিশেষকৈ ধনশিৰি নদীৰ জলপথ উন্নত কৰা কাৰ্য্যই অনাগত দিনত বানিজ্যিক অৰ্থনীতিৰ পথ সুচল হোৱাৰ পোষকতা কৰিছে চৰকাৰ তথা এন আৰ এল কৰ্তৃপক্ষই বুলি জানিব পৰা গৈছে।