নুমলীগড় শোধনাগাৰে নিয়োগৰ ক্ষেত্ৰত কৰা ষড়যন্ত্ৰক সহ্য নকৰাৰ দৃঢ়তাৰে ‘অৱস্থান ধৰ্মঘট’কাৰ্যসূচী ৰূপায়ণ কাৰিকৰী নিবনুৱা সন্থাৰ

109

নুমলীগড় শোধনাগাৰে নিয়োগৰ ক্ষেত্ৰত কৰা ষড়যন্ত্ৰক সহ্য নকৰাৰ দৃঢ়তাৰে ‘অৱস্থান ধৰ্মঘট’কাৰ্যসূচী ৰূপায়ণ কাৰিকৰী নিবনুৱা সন্থাৰ,চকু মুদা কুলিৰ ভাৱত নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষ : চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়া

দুৰ্নীতিৰ দৰ্পণ সেৱা , জানমনি দও , প্ৰতিবেদন , নুমলীগড় , ২০ ছেপ্টেম্বৰ : গোলাঘাট জিলা কাৰিকৰী নিবনুৱা সন্থাই নুমলীগড় শোধনাগাৰে থলুৱা নিবনুৱাক বঞ্চিত কৰি ষড়যন্ত্ৰমূলকভাৱে নিয়োগ নীতি গ্ৰহণ কৰাৰ অভিযোগেৰে যোৱা ১৬ ছেপ্টেম্বৰৰ পৰা ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । দ্বাৰ প্ৰতিবাদী সভা , প্ৰতিবাদী ৰাজহুৱা সভা আদি সমাপন কৰাৰ পাছত আজি পুনৰ নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত চাৰিঘন্টিয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । কিন্তু , ইমানৰ পাছতো নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ গা লৰা নাই । এই ক্ষেত্ৰত,সমগ্ৰ গোলাঘাট জিলাখনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । দৈনিক প্ৰতিবাদৰ সন্মুখীন হৈ অহা নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই চকু মুদা কুলিৰ ভাৱত অৱস্থান কৰি সকলো দেখিও নেদেখা আৰু সকলো বুজিও নুবুজাৰ অভিনয় কৰিছে বুলি বিভিন্ন লোকে মন্তব্য প্ৰকাশ কৰিছে । উল্লেখ্য যে , নুমলীগড় শোধনাগাৰে ষড়যন্ত্ৰমূলকভাৱে নিয়োগ নীতি গ্ৰহণ কৰি থলুৱা নিবনুৱাক উপেক্ষা কৰা বিষয়টো কেতিয়াও সহ্য কৰা নহয় বুলি আজি অৱস্থান ধৰ্মঘটস্থলীৰ পৰা গোলাঘাট জিলা কাৰিকৰী নিবনুৱা সন্থাই দৃঢ়তাৰে প্ৰকাশ কৰে । আনহাতে , আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশ গ্ৰহণ কৰা আছু , জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,গোর্খা ছাত্ৰ সন্থা,আটছা,নুমলীগড় শোধনাগাৰ বৃহত্তৰ শ্ৰমিক ইউনিয়ন,মৰঙী প্ৰেছ ক্লাৱ,চাইন্স ফ’ৰাম,পেট্ৰলিয়াম মজদূৰ ইউনিয়ন আৰু মটৰ চালক সন্থাকে আদি কৰি দল-সংগঠনে নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ বৰ্তমানৰ হঠকাৰী ভূমিকাৰ তীব্ৰ বিৰোধীতা কৰাৰ লগতে গোলাঘাট জিলা কাৰিকৰী নিবনুৱা সন্থাই প্ৰেৰণ কৰা ১২ দফীয়া দাবী চনদ সম্পৰ্কে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ সঁজুৰে দাবী জনাইছে । উল্লেখ্য যে , প্ৰতিবাদৰ কাৰ্যসূচী স্বৰূপে কাইলৈ ‘১০ ঘন্টিয়া অনশন’ কাৰ্যসূচী ৰূপায়িত হ’ব ।