পথ অৱৰোধ কৰি মাৰ্ঘেৰিটাত আদিবাসী ছাত্ৰ সন্থা অৰুণাচলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত

111

পথ অৱৰোধ কৰি মাৰ্ঘেৰিটাত আদিবাসী ছাত্ৰ সন্থা অৰুণাচলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত

দুৰ্নীতিৰ দৰ্পণ সেৱা ,মাৰ্ঘেৰিটাৰ বিকাশ বৰুৱা , ২৬ আগষ্টঃ আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতি উদ্যোগত তথা তিনিচুকীয়া জিলা সমিতিৰ সহযোগত আজি মাৰ্ঘেৰিটাত অৰুণাচলৰ বিৰুদ্ধে পথ অৱৰোধৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । মাৰ্ঘেৰিটা হৈ অৰুণাচল প্ৰদেশৰ চাংলাং জিলালৈ যোৱা পথটো অৱৰোধ কৰি আদিবাসী ছাত্ৰ সংগঠনটোৱে মাৰ্ঘেৰিটাত তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে । ছাত্ৰ সংগঠনটোৰ অভিযোগ যে , যোৱা ১৯ আগষ্টত অসমৰ ৩০ টা চাহ শ্ৰমিক পৰিয়ালক অৰুণাচলৰ চাংলাং জিলাৰ ৰংকাটো চাহ বাগিচাৰ মালিক তথা অৰুণাচলী গুণ্ডা বাহিনীয়ে অকথ্য নিৰ্যাতন তথা ভাবুকি দি টকা পইচা কাঢ়ি অসমলৈ খেদি পঠাইছিল । অৰুণাচলী লোকৰ এনে দুস্কাৰ্য তথা নিৰ্যাতনৰ বিৰুদ্ধে সংগঠনটোৱে অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে এই পথ অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰিব লগা হয় । অৱৰোধৰ ফলত অৰুণাচল প্ৰদেশলৈ অহা-যোৱা কৰা সৰু বৰ সকলোবাহন দীৰ্ঘ সময় ধৰি আধা বাটতে আৱদ্ধ হৈ পৰে। ছাত্ৰ সংগঠনটোৰ নেতৃত্বই এই অৱৰোধ স্থলি পৰাই অৰুণাচল প্ৰদেশ চৰকাৰ প্ৰশাসনক অনতি পলমে দুস্কৃতিকাৰী সকলক বিচাৰি উলিওৱা লগতে উপযুক্ত শাস্তি ব্যৱস্থা গ্ৰহণ কৰক । অন্যথা ছাত্ৰ সংগঠনটোৱে পুনৰ ইয়াতকৈ জংগী আনন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হব বুলি সঁকিয়াই দিয়ে ।