পাঠশালা পৌৰসভাত শিল্পীক সম্বৰ্দ্ধনা , দৃষ্টিনন্দন ৰূপত সজাব লাগিব পাঠশালাক : উপায়ুক্ত

76

পাঠশালা পৌৰসভাত শিল্পীক সম্বৰ্দ্ধনা , দৃষ্টিনন্দন ৰূপত সজাব লাগিব পাঠশালাক : উপায়ুক্ত

দুৰ্নীতিৰ দৰ্পণ সেৱা , সঞ্জীৱ দাস , ভৱানীপুৰ , ১ অক্টোবৰঃ আজাদী কা অমৃত মহোৎসৱৰ লগত সঙ্গতি ৰাখি পাঠশালা পৌৰসভাত আজি এক মনোজ্ঞ অনুষ্ঠানৰ আয়োজন কৰা হয় । এই উপলক্ষ্যত আয়োজিত সভাত উদ্দেশ্য ব্যাখা কৰি পৌৰসভাৰ কাৰ্যবাহী বিষয়া কাকুমণি শইকীয়াই কয় যে , আজাদীকা অমৃত মহোৎসৱ উপলক্ষে পৌৰসভাই বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে আৰু তেনে কাৰ্য পৰিক্ৰমাৰে অংশ হিচাপে আজি শিল্পী সম্বৰ্দ্ধনাৰ আয়োজন কৰা হয় । অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ লৈ বজালী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে পাঠশালা পৌৰ সভাৰ এনে পদক্ষেপৰ শলাগ লৈ কয় যে , পাঠশালা নগৰ খন দৃষ্টিনন্দন ৰূপত সজাব লাগিব আৰু সজোৱাৰ বহুত সম্ভাৱনাও আছে । সম্বৰ্দ্ধিত শিল্পী অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ হাৰুণ আলীৰ শিল্প কৰ্মক ভূয়সী প্ৰশংসা কৰি তেও কয় যে , আলীৰ দৰে শিল্পী সকল আছিল ভ্ৰাম্যমাণ থিয়েটাৰৰ শৈল্পিক ক্ষেত্ৰখনৰ মাজহাড় । এই অনুষ্ঠানত পৌৰসভাৰ ফালৰ পৰা উপায়ুক্তক সম্বৰ্দ্ধনাও জনোৱা হয় । কাৰ্যবাহী বিষয়া কাকুমণি শইকীয়াই অনুষ্ঠানত কয় যে , পৰ্যায়ক্ৰমে পাঠশালা নগৰৰ সৌন্দৰ্যবৰ্দ্ধনৰ কাম কৰি যোৱা হব । অনুষ্ঠানত ইঘৰ সিঘৰৰ পৰা পেলনীয়া সামগ্ৰী বুটলি নি পৰিবেশ নিকা কৰি ৰখাত সহায় কৰা পাঁচগৰাকী ব্যক্তিকো আজিৰ অনুষ্ঠানত সন্মান যচা হয় । উল্লেখ্য , পৌৰসভাৰ সম্বৰ্দ্ধনা গ্ৰহণ কৰি অভিভূত হোৱা শিল্পী পেঞ্চনাৰ হাৰুণ আলিয়ে কয় যে , ৰাইজৰ পৰা পোৱা এনে মৰমে কাম কৰাৰ প্ৰেৰণা দিয়ে। অনুষ্ঠানত পৌৰসভাৰ সকলো কাৰ্যকৰ্তা উপস্থিত থাকে ।