পুজা অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতেই উৎফুল্লিত জামুগুৰিহাটৰ মৃৎ শিল্পীসকল

81

পুজা অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতেই উৎফুল্লিত জামুগুৰিহাটৰ মৃৎ শিল্পীসকল

দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ১০ চেপ্তেম্বৰঃ পুজা অনুষ্ঠিত হ’ব নে নহয় , সেই লৈ চৰম অনিশ্চয়তা বিৰাজ কৰি থকাৰ সময়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কভি’ড বিধি মানি চলি পুজা অনুষ্ঠিত কৰিব পৰা যাব বুলি ঘোষণা কৰাৰ পাছতেই অসমৰ অন্যান্য প্ৰান্তৰ লগতে জামুগুৰিহাটৰ মৃৎ শিল্পীসকলো উৎফুল্লিত হৈ পৰা দেখা গৈছে । বিগত বৰ্ষত কৰ’ণা মহামাৰীৰ বাবেই পুজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত চৰকাৰে কিছু বাধা আৰোপ কৰাত নিৰ্মান কৰি ৰখা প্ৰতিমা সমুহ বিক্ৰী কৰিব নোৱাৰি যথেষ্ট ক্ষতিৰ সন্মুখীন হোৱা জামুগুৰিহাটৰ মৃৎ শিল্পীসকল এইবাৰো অনিশ্চয়তাৰ লগতে হতাশাত ভুগি আছিল যদিও মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বই পূজা অনুষ্ঠিত কৰিব পৰা যাব বুলি ঘোষণা কৰাৰ পাছত আনন্দিত হৈ পৰিছে । মুখ্যমন্ত্ৰী ঘোষণাৰ পাছতেই দুগুণ উৎসাহৰে এইসকল মৃৎ শিল্পীয়ে তেওঁলোকৰ কৰ্মত মনোনিবেশ কৰিছে । মুখ্যমন্ত্ৰীৰ এই ঘোষণাক জামুগুৰিহাটৰ মৃৎ শিল্পীসকলে আদৰণি জনোৱাৰ লগতে তেওঁলোকৰ মৰিবলৈ ধৰা গছজোপাক পানী দি জীয়াই ৰখাত সকাহ দিয়া বুলিও মন্তব্য কৰে ।