পূজাৰ প্ৰস্তুতি সন্দৰ্ভত নাজিৰা মহকুমা প্ৰশাসনৰ পূজা সমিতিসমূহৰ লগত আলোচনা

109

পূজাৰ প্ৰস্তুতি সন্দৰ্ভত নাজিৰা মহকুমা প্ৰশাসনৰ পূজা সমিতিসমূহৰ লগত আলোচনা

দুৰ্নীতিৰ দৰ্পণ সেৱা , নাজিৰা , নয়নমণি ফুকন , ২৮ ছেপ্টেম্বৰ : সমাগত শাৰদীয় দুৰ্গাপূজা উদযাপন সন্দৰ্ভত পালন কৰিবলগীয়া নীতি নিৰ্দেশনা সমূহৰ বিষয়ে অৱগত কৰাৰ উদ্দেশ্যে আজি নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি সব্যসাচী কাশ্যপৰ অধ্যক্ষতাত এখন সভা অনুষ্ঠিত হয় । নাজিৰা মহকুমাৰ পূজা সমিতি সমূহৰ সৈতে হোৱা এই সভাত মহকুমাধিপতি গৰাকীয়ে আগন্তুক দুৰ্গা পূজা উদযাপনৰ সময়ত ক’ভিড-১৯ ৰোগৰ গনসংক্ৰমণ ৰোধৰ বাবে চৰকাৰ আৰু স্বাস্থ্য বিভাগে জাৰি কৰা নীতি-নিৰ্দেশনা সমূহ সম্পূৰ্ণৰূপে মানি চলিবলৈ আহ্বান জনায় । তেওঁ পূজা সমিতি সমূহক পূজা অনুষ্ঠিত কৰিবৰ বাবে সংশ্লিষ্ট বিভাগ সমূহৰ পৰা অনুমতি বিচাৰি আবেদন আগতীয়াকৈ জমা দিবলৈ কয় । পূজা সমিতিৰ বিষয়-ববীয়া সকলক পূজাস্থলী সমূহ আহল-বহল আৰু সকলো ফালৰ পৰা মুকলি হোৱাৰ লগতে সামাজিক দূৰত্ব বৰ্তাই ৰাখি , প্ৰৱেশ আৰু প্ৰস্থান পথ পৃথক কৰিবলৈ নিৰ্দেশ দিয়ে । আনহাতে , পূজা স্থলীৰ সম্পূৰ্ণ এলেকা চেনিটাইজ কৰাৰ লগতে প্ৰৱেশ পথত মাস্ক আৰু চেনিটাইজাৰ ৰখাটো বাধ্যতামূলক । মহকুমাধিপতি সব্যসাচী কাশ্যপে কয় যে , “প্ৰসাদ বিতৰণ পূজা মণ্ডপৰ বাহিৰত হব লাগিব আৰু কাগজেৰে তৈয়াৰ কৰা পেকেটত প্ৰসাদ দিব লাগিব ।” লগতে তেখেতে সভাত জনায় যে , পূজাৰ আগত, পূজাৰ সময়ত আৰু পূজাৰ পিছত কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আৰু মেলাৰ আয়োজন কৰিব নোৱাৰিব । ইয়াৰ উপৰিও পূজা স্থলী সমূহ দূৰৰ পৰা যাতে নিৰীক্ষণ কৰিব পাৰি , তাৰ বাবে পৰ্যবেক্ষণ মিনাৰ নিৰ্মাণ কৰাৰ লগতে সহায়ক কক্ষ গঠন কৰি অনুভাষ যন্ত্ৰ স্থাপন কৰিবলৈ আয়োজক সকলক আদেশ দিয়ে । লগতে তেওঁ বিসৰ্জনৰ সময়ত কোনো সমদল বা শোভাযাত্ৰা উলিয়াব নোৱাৰিব বুলিও জনায় । তেওঁ পূজা সমিতি সমূহক পেণ্ডেলৰ চৌপাশে পৰ্য্যাপ্ত পোহৰৰ ব্যৱস্থা কৰাৰ লগতে জেনেৰেটৰৰ ব্যৱস্থা , অগ্নি নিৰ্বাপনৰ ব্যৱস্থা থকা বাধ্যতামূলক বুলি উল্লেখ কৰে । দৰ্শনাৰ্থীসকলক সহায় কৰাৰ উদ্দেশ্যে আয়োজক সকলে পূজাস্থলীৰ বিভিন্ন স্থানত স্বেচ্ছাসেৱী নিয়োগ কৰিব লাগিব । পূজা সমিতিৰ বিষয়-ববীয়া সকল,পুৰোহিত, ১৮ বছৰৰ ওপৰৰ ভক্ত সকল তথা স্বেচ্ছাসেৱীসকলে ও কোভিড-১৯ প্ৰতিষেধক লোৱাটো বাধ্যমূলক আৰু পূজা সমিতি সমূহে সেয়া নিশ্চিত কৰিব লাগিব বুলিও মহকুমাধিপতি গৰাকীয়ে অৱগত কৰে । লগতে তেওঁ পূজা মণ্ডপত অহা ভক্ত তথা দৰ্শনাৰ্থী সকলৰ বাবে হাত ধুৱাৰ তথা চেনিটাইজাৰৰ ব্যৱস্থা নিশ্চিত কৰাৰ লগতে তেওঁলোকে মাস্ক পিন্ধা তথা সামাজিক দূৰত্ব বজাই ৰখাটো নিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়ে । তদুপৰি পূজা স্থলী সমূহ ৯ বজাৰ আগত বন্ধ কৰিব লাগিব আৰু সান্ধ্য আইনৰ পিছত স্বেচ্ছাসেৱীসকলৰ বাহিৰে বেলেগ কোনো ব্যক্তি যাতে উপস্থিত নাথাকে , তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ কয় । সভাত পূজা সমিতিৰ বিষয়-ববীয়া সকলে নাজিৰা মহকুমা প্ৰশাসনৰ নিৰ্দেশনা সমূহ পালন কৰাৰ আশ্বাস প্ৰদান কৰে । আজিৰ সভাত পূজা সমিতিৰ প্ৰতিনিধিসকলৰ উপৰিও নাজিৰা ৰাজহ চক্ৰ বিষয়া ভনলাল লিম্পুই নাম্পুই বিয়াটে , সহকাৰী আয়ুক্ত প্ৰীতম গগৈ , ৰুবি কুমাৰী ৰয় , তথ্য আৰু জনসংযোগ বিষয়া ড° বৰ্ণালী দত্ত , নাজিৰা মহকুমা অন্তৰ্গত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকল আৰু বিভিন্ন বিভাগৰ মূৰব্বী সকল উপস্থিত থাকে ।