প্ৰসংগ-উচ্ছেদক লৈ আজমল মৌন , এআইইউডি এফৰ নেতা মামুন ইমদাদুল হক চৌধুৰীৰ পদত্যাগ

160

প্ৰসংগ-উচ্ছেদক লৈ আজমল মৌন , এআইইউডি এফৰ নেতা মামুন ইমদাদুল হক চৌধুৰীৰ পদত্যাগ

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ২৪ ছেপ্তেম্বৰঃ এআইইউডি এফৰ নেতা মামুন ইমদাদুল হক চৌধুৰীয় আজি দলীয় পদবীৰ পৰা পদত্যাগ কৰিছে ৷ ইয়াকেলৈ সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া হৈছে ৷ তেওঁৰ কৰ্মী বা ৰাজ্যৰ সচেতন ৰাইজে নেতাজনৰ এই পদত্যাগক সমৰ্থন জনাইছে ৷ তেওঁ দলৰ সভাপতি মৌলানা বদৰ উদ্দিন আজমলৰ ওপৰত ক্ষোব প্ৰকাশ কৰি দল এৰিছে ৷ সংখ্যালঘুৰ বিপদৰ সময়ত তেওঁ মৌন থাকে ৷ শেহতীয়া ছিপাঝাৰৰ ঘটনাকলৈয়ো আজমলে এতিয়ালৈ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷ সেইহেতুকে দলতো মেলিছে ফাট ৷ সেয়েহে তেওঁ পদত্যাগ পত্ৰত দলৰ সভাপতি আজমললৈ এনেদৰে লিখিছে ৷ আশা কৰো , ভালে কুশলে আছে । অৱশ্যে,অহৰহ ‘বাতানুকুল’ পৰিৱেশত থকা হেতুকে কুশলে নথকাৰ নিশ্চয় কাৰণ নাই ! অৱশ্যে আমি সাধাৰণ মানুহ বোৰ বিগত কেইদিনমানৰ অসমৰ পৰিৱেশ চাই মানসিক অশান্তিত ভুগি আছোঁ ।
নিজৰ যুৱ কালছোৱা-জীৱন গঢ়াৰ সময় ছোৱা দল গঢ়াত পাৰ কৰিছোঁ । দলে মোৰ সৈতে যোৱা বিধান সভাৰ নিৰ্বাচনত কি কৰিলে , সেই সম্পৰ্কে সমগ্ৰ অসমবাসী অৱগত । প্ৰয়াস আছিল সংখ্যা গুৰুৰ সৈতে সংখ্যালঘুৰ সন্মানজনক শান্তি পূৰ্ণ সহৱস্থানৰ আৰু সেই মতেই সকলো কৰাৰ বাবে নিজকে সমৰ্পণ কৰি দিছিলোঁ । মোক সহযোগ কৰাৰ সলনি ৰাজনৈতিক ভাৱে হত্যা কৰা হ’ল । তথাপিও ধৈৰ্য্য ধৰি আছিলোঁ । কিয়নো,মোৰ দৰে সাধাৰণ মানুহ এজন বিধায়িনী ব্যৱস্থাত থকা নথকা লৈ কাৰো একো আহে নাযায় । কিন্তু,দুটামান দিন ধৰি উচ্ছেদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিৱেশে মনটো বুজাব নোৱাৰা কৈ অশান্ত কৰি তুলিছে । উচ্ছেদ এক চৰকাৰী প্ৰক্ৰিয়া । তাত নিশ্চিত ভাৱে চৰকাৰৰ নীতি-নিয়ম আছে । আমি বিধায়ক হৈ থকা কালছোৱাত এই ছিপাঝাৰতেই উচ্ছেদ হৈছিল । উচ্ছেদ হৈছিল আমচাং , চ’তিয়া আদি অঞ্চলত । আমি প্ৰশাসনৰ সৈতে বহি কোনো অপ্ৰীতিকৰ ঘটনা যাতে নহয় , তাৰ বাবে প্ৰয়াস কৰিছিলোঁ । সফলো হৈছিলোঁ । চৰকাৰী ভুমি দখল যেনেকৈ আমি সমৰ্থন নকৰো , ঠিক তেনেকৈ উচ্ছেদৰ নামত অমানৱীয় অত্যাচাৰো আমি সমৰ্থন কৰিব নোৱাৰোঁ । কিন্তু,এইবাৰ দলে এনে কৰা দেখা নগ’ল । নিহত ব্যক্তিৰ ওপৰত লাঠিৰ কোব ! মৃতদেহৰ ওপৰত অমানুষিক অত্যাচাৰ । এইবোৰ আমাৰ জীৱন কালত আমি দেখাতো বাদেই দিয়ক শুনাও নাই । কিন্তু,এইবাৰ এইবোৰ দেখাৰ দুৰ্ভাগ্য হ’ল । মৃত দেহৰ ওপৰত কেমেৰামেনজনে মৰা প্ৰচণ্ড লাথটো মোৰ কলিজাত লাগিছে । কি আসুৰিক উল্লাস ! আমি আশা কৰো , এনে দুৰ্ঘটনাবোৰৰ যাতে কোনো কালেই পুনৰাবৃত্তি নহয় ।
এই সমগ্ৰ প্ৰক্ৰিয়াটোত দল এইবাৰ সাংঘাতিক ধৰণে নিৰৱ । আপোনাৰতো দেখা- দেখিয়েই নাই । মাননীয় মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ স্থিতি স্পষ্ট কৰাৰ সময় পায় । APCC ৰ সভাপতিয়ে তেওঁলোকৰ দলৰ স্থিতি স্পষ্ট কৰিবলৈ সময় পায় । প্ৰায় প্ৰতিটো দল-সংগঠনেই তেওঁলোকৰ নিজ নিজ স্থিতি প্ৰকাশ কৰিবলৈ সময় পায় । কিন্তু, আপুনি ইমানেই ব্যস্ত যে , মানুহৰ এই বিপদ কালত আপোনাৰ স্থিতি কি , সেই সম্পৰ্কে জনাবলৈ আপোনাৰ আহৰি নাই । সাধাৰণ মানুহৰ এই চৰম বিপদৰ মূহুৰ্তত দলৰ এনে ভাবিব নোৱাৰা নিৰৱতা মোৰ দৰে এজন সাধাৰণ মানুহৰ পক্ষে সহ্য কৰাৰ বাহিৰত । মোৰ অন্তৰাত্মাই আৰু এই দল কৰাৰ অনুমতি নিদিয়ে । চৰৰ মানুহক পাট্টা দিম বুলি কৈ দল কৰা আজি ১৫ বছৰ হ’ল । মাটিৰ পাট্টাতো বাদেই দিয়ক । এতিয়া মানুহৰ জীৱন লৈ টনা-টনি । আমাৰ নিৰ্মোহ আত্ম বিশ্লেষণৰ প্ৰয়োজন আছে-সভাপতি চাহাব ! আকৌ কৈছোঁ , নিৰ্মোহ আত্মবিশ্লেষণৰ প্ৰয়োজন । যিটো আপুনি কোনো দিনেই নকৰে । অন্ততঃ বিগত দেৰ দশকৰ অভিজ্ঞতাই আমাক তাকেই কয় ৷ সেয়ে,এই পত্ৰৰ যোগেদি মই দলৰ সাধাৰণ সম্পাদক পদৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰিছোঁ । আজিৰ পৰা আৰু দলৰ সৈতে মোৰ কোনো ধৰণৰ সম্পৰ্ক নাথাকিব ৷ এনেদৰে প্ৰাক্তন বিধায়ক,নাওঁবৈছা তথা প্ৰাক্তন চীফ হুইপ , AIUDF বিধায়িনী দল মামুন ইমদাদুল হক চৌধুৰীয়ে পত্ৰখনত উল্লেখ কৰে ৷ লগতে তেওঁ বি:দ্ৰ: দি কয় , পত্ৰখন অসমীয়া পঢ়ি দিওঁতা দৰমহা ভুক্ত কৰ্মচাৰীৰ হতুৱাই নপঢ়াই নিজে পঢ়িলে ভাল পাম । কাৰণ , পত্ৰখন প্ৰেৰণ কৰা লৈকে মই এজন সাধাৰণ সম্পাদক আৰু এজন সাধাৰণ সম্পাদক হিচাপে সভাপতিক এইষাৰ অনুৰোধ জনোৱা-আপোনাৰ ভাষাৰে মোৰ” হক বনে”। কিয়নো , আপুনি অসমীয়া পঢ়িব পৰা-নোৱাৰাৰ সন্দেহটো মোৰ এতিয়াও আতঁৰা নাই । ইয়াকেলৈ সমগ্ৰ অসমত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷