বটদ্রৱা থানত জগতগুৰু শ্রীমন্ত শংকৰদেৱৰ ৪৫৩ তম তিৰোভাৱ তিথি ‘গুৰু কীৰ্তন

91

বটদ্রৱা থানত জগতগুৰু শ্রীমন্ত শংকৰদেৱৰ ৪৫৩ তম তিৰোভাৱ তিথি ‘গুৰু কীৰ্তন

সামাজিক দূৰত্বতা ৰক্ষাৰ মাজেৰে ভক্তৰ সমাগম , ক’ভিড পৰিৱেশৰ বাবে ভংগ হ’ল ঐতিহ্যময় পৰম্পৰাৰ “ভোজন বেহাৰ”ভাওনা , হৰি নামৰ অমল ধ্বনিত মুখৰিত চৌপাশ , বটদ্ৰৱা থানত স্বৰ্ণকন্যা হিমা দাসৰ সেৱা

দুৰ্নীতিৰ দৰ্পণ সেৱা , বটদ্ৰৱা , ৮ ছেপ্তেম্বৰঃ জাতীয় জীৱনক নতুন ৰঙৰে সজাই পৰাই সাহিত্য কৃষ্টিৰ বৰভেটি প্ৰতিষ্ঠা কৰা জগত গুৰু শ্ৰীমন্ত শংকৰৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱাত তেৰাৰ ৪৫৩ তম তিৰোভাৱ তিথি উপলক্ষে ‘গুৰু কীৰ্তন’ উৎসৱত আজি সামাজিক দূৰত্বতা ৰক্ষাৰ মাজেৰে ভক্ত বৈষ্ণৱৰ সমাগমত এক আধ্যাত্মবাদী কৃষ্ণ ভক্তিৰ নান্দনিক পৰিবেশৰ সৃষ্টি হয় । কালি বিয়লি গুৰু কীৰ্তনৰ গন্ধ গোৱা হয় আৰু সন্ধিয়া ভোজন বেহাৰৰ বেহাৰৰ নাচৰ গোৱা বোৱা সম্পন্ন হয় । গুৰু কীৰ্তন উপলক্ষে আজি পুৱা উষা কীৰ্তনৰ পিছতেই তাল কোবোৱা প্রসঙ্গ আৰু মঞ্জীৰা নাম অনুষ্ঠিত হয় । ইয়াৰ পিছতেই আইসকলৰ পুৱা নাম প্রসঙ্গত ‘ৰুক্মিনী হৰণৰ’ দিহা গোৱা হয় । কাহিলি পুৱাতে অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবাটাও দিহানামৰ দল উষাকীৰ্তনৰ নামতি দলে ভক্তিৰ নিজৰা বোৱাই ভক্তিময় পৰিৱেশৰ সূচনা কৰে। গায়ন-বায়নে পুৱাৰ গীতত‘পৰভাতে শ্যাম কানু ধেনু লৈয়া সংগে’ শীৰ্ষক গীত পৰিবেশন কৰে । দুপৰীয়া কীৰ্তনঘৰৰ নাম প্রসঙ্গত ‘ৰাম নিৰঞ্জন’, ‘এ হৰি ৰাম নিৰঞ্জন’আৰু ‘কৃষ্ণ সূৰ্য ভৈলন্ত উদিত’ শীৰ্ষক কীৰ্তন পৰিবেশন কৰাৰ পিছত “মাধৱ মাধৱ মধু ৰিপু/গোবিন্দ কৃষ্ণ হৰি হৰি ৰাম “ঘোষা গোৱা হয় । দুপৰীয়া কীৰ্তনঘৰ,দৌলমন্দিৰ আৰু পদশিলাৰ নামত সমবেত ভকত বৈষ্ণৱ আইমাতৃ সকলোৱেই হাতত চেনিতাইজাৰ সানি,মুখত মাস্ক আৰু সামাজিকভাৱে ব্যৱধান ৰক্ষা কৰি নাম প্ৰসঙ্গত অংশ লয় আৰু নৈবেদ্য প্ৰসাদ গ্ৰহণ কৰে । প্ৰকাশ থাকে যে , ঐতিহ্যময় পৰম্পৰাৰ ধাৰাবাহিকতা ৰক্ষা কৰি গুৰুকীৰ্তনৰ দিনা বিয়লিৰ ভাগত নাটঘৰ প্রাঙ্গনত অনুষ্ঠিত হৈ থকা ‘ভোজন বেহাৰ’ নাটৰ অভিনয় অনুষ্ঠান ক’ভিড পৰিৱেশৰ বাবে দ্বিতীয় বছৰৰ বাবেও বাতিল কৰা হয় । জাতীয় জীৱনৰ মণিকূট স্বৰূপ বটদ্ৰৱাত দ্বিতীয়বাৰৰ বাবে গুৰুকীৰ্তনৰ ঐতিহ্যময় পৰম্পৰা “ভোজন বেহাৰ” নাটৰ অভিনয় শিল্পৰ গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠান বাতিল হোৱাক লৈ সত্ৰীয় সাংস্কৃতিক পৰম্পৰাৰ লগত জড়িত সকলৰ মনত বেদনা বিঢ়ৌত পৰিৱেশ দেখিবলৈ পোৱা গ’ল । গুৰু কীৰ্তন উপলক্ষে পুৱাৰে পৰা অসমৰ বিভিন্ন ঠাইৰ পৰা ভক্তপ্রাণ ৰাইজৰ আগমণ ঘটে । কীৰ্তনঘৰ,পদশিলা,পাটশিলা,দৌল মন্দিৰ আদি পূন্যস্থান সমূহত তীৰ্থযাত্রী সকলে শৰাই,বন্তি, নৈৱেদ্য আদি প্রদাণ কৰি ঈশ্বৰৰ আশীষ নিৰ্মালী
গ্রহণ কৰে । লকডাউনৰ পিছৰে পৰা বহুদিনৰ বিৰতিৰ পিছত দুপৰীয়া কীৰ্তন ঘৰত প্ৰসাদ গ্ৰহণ কৰি তপোবনৰ সুষমাৰে সুশোভিত “আকাশী গঙ্গা”ৰ তীৰত নিৰামিষ ব্যঞ্জনেৰে এসাজ পৰিয়ালৰ লগত অন্ন গ্ৰহণ কৰাটোও আজিৰ দৃষ্টি নন্দন আছিল । কাহিলী পুৱাতে কীৰ্তনঘৰৰ পিৰালিত বহি “কৃষ্ণ হৰি এ, ৰাম ৰাম । অ হৰি মোৰ বান্ধৱ ” শীৰ্ষক নিৰক্ষৰী ঘোষাৰে নাম ডকা কাৰ্য্যসূচীৰে ভকত বৈষ্ণৱ সকলে ঘোষা পৰিৱেশনৰে বটদ্ৰৱাৰ আকাশ বতাহ মুখৰিত কৰি তোলে । পুৱা তাল কোবোৱা প্ৰসংগৰে আৰম্ভ হোৱাৰ পিছত পৰম্পৰাগত ঐতিহ্যক সাৰোগত কৰি নিশা শেষ পাল গোৱা প্ৰসংগৰে গুৰুকীৰ্তনৰ কাৰ্যসূচীৰ অন্ত পৰিল । গুৰুকীৰ্তন উপলক্ষ্যে আজি বটদ্ৰৱা থানত অসমৰ দৌৰৰাণী তথা স্বৰ্ণ কন্যা খ্যাত হিমা দাসে দুপৰীয়াৰ ভাগত সেৱা গ্ৰহণ কৰি ঈশ্বৰৰ আশীৰ্বাদ লয় ।