বনাঞ্চল লাগে নে ৰাষ্ট্ৰীয় ঘাইপথ লাগে ? গছৰ মূল্যত ৰাস্তা নালাগেঃ বিধায়ক ছিৰাজুদ্দিন আজমল , ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বাবে ডবকাত বনাঞ্চলৰ ৭০০০ জোপা গছ কটাৰ যোজা

153

বনাঞ্চল লাগে নে ৰাষ্ট্ৰীয় ঘাইপথ লাগে ? গছৰ মূল্যত ৰাস্তা নালাগেঃ বিধায়ক ছিৰাজুদ্দিন আজমল , ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বাবে ডবকাত বনাঞ্চলৰ ৭০০০ জোপা গছ কটাৰ যোজা

জমিৰউদ্দিন তালুকদাৰ, ডবকা , ২৩ অক্টোবৰঃ দেশৰ ভিতৰত সৰ্বাধিক বনাঞ্চল হ্ৰাস পাইছে অসমত ৷ শেহতীয়াকৈ আমেৰিকাৰ মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ এদল গৱেষকে চলোৱা অধ্যয়নত এই উদ্বেগজনক তথ্য পোহৰলৈ আহিছে ৷ গৱেষণা মতে, ২০০১ চনৰ পৰা ২০২০ চনলৈ অসমত সৰ্বাধিক ১৪·১ শতাংশ বনাঞ্চল হ্ৰাস পাইছে ৷ অকল ২০২০ বৰ্ষত সমগ্ৰ দেশত ১ লাখ ৪৩ হাজাৰ হেক্টৰ ভূমিৰ পৰাই বনাঞ্চল ধ্বংস হৈছে ৷ দেশত দ্ৰুত হাৰত বনাঞ্চল হ্ৰাস পোৱাৰ সময়ত স্বাভাৱিক বতৰতো ব্যাঘাত জন্মিছে ৷ জলবায়ু পৰিৱৰ্তনৰ ওপৰত সমগ্ৰ বিশ্ব চিন্তিত হোৱাৰ সময়ত হোজাই জিলাৰ ডবকা সংৰক্ষিত বনাঞ্চলৰ মাজেদি পাৰ হৈ যোৱা ডবকা-ডিফু সংযোগী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ চাৰি শাৰীলৈ সম্প্ৰসাৰণৰ যোজা চলিছে ৷ ডবকা-ডিফু ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথটো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ইতিমধ্যে চাৰিলেনযুক্ত ঘাইপথলৈ উন্নীতকৰণ কৰি নিৰ্মাণ কৰাৰ প্ৰস্তুতি চলাইছে ৷ তাৰ বাবে ডবকা বনাঞ্চলৰ পৰা ৭০০০ হাজাৰ জোপা মূল্যবান গছ কাটিবলগীয়া হব ৷ তাৰে প্ৰায় ৫ সহস্ৰাধিক জোপা মূল্যবান শালগছ ৷ পথ সম্প্ৰসাৰণৰ বাবে কাটিবলগীয়া গছ কেইটাত বন বিভাগে ৰঙা ৰঙৰ নাম্বাৰিং কৰিছে ৷ ইয়াতে উল্লেখ কৰা প্ৰয়োজন যে, ডবকা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ বৰ্তমানৰ অৱস্থাৰ পৰা দুয়োফালে ৩০ মিটাৰলৈ সম্প্ৰসাৰণ হব ৷ ফলত ৰাস্তাৰ বৰ্তমানৰ অৱস্থাৰ পৰা ত্ৰিশ মিটাৰলৈ দুয়োকাষে সম্প্ৰসাৰণ হলে ব্যাপক হাৰত বনাঞ্চল ধ্বংস হব ৷ কেৱল সেয়াই নহয়, বনাঞ্চলৰ মাজেদি ঘাইপথ সম্প্ৰসাৰণ হলে হলৌ বান্দৰ, বন্য হস্তীকে ধৰি অন্য জীৱকুল সংকটৰ গৰাহত পৰিব ৷ যিহেতুকে ডবকা বনাঞ্চল হাতী আৰু হলৌ বান্দৰৰ বসতিস্থল ৷ অবৈজ্ঞানিক পদ্ধতিৰে আৰু বিকল্প ব্যৱস্থা থকাৰ সময়ত ঘাইপথ সম্প্ৰসাৰণৰ হঠকাৰী সিদ্ধান্তৰ কথা ৰাজহুৱা হৈ পৰাত ৰাইজে ব্যাপক ক্ষোভ প্ৰকাশ কৰে ৷ ডবকাৰ বহুকেইটা দল-সংগঠনে ক্ষোভ প্ৰকাশ কৰি উত্তৰাখণ্ডৰ ‘চিপকো’ আন্দোলনৰ আৰ্হিৰে বনাঞ্চল সংৰক্ষণৰ সপক্ষে থিয় দিছে ৷ ঐক্য সেনা, অসমৰ হোজাই জিলা সমিতিৰ সভাপতি আহমদ হুছেইন, সাধাৰণ সম্পাদক মিজানুৰ ৰহমান লস্কৰ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, হোজাই জিলা সমিতিৰ সাধাৰণ সম্পাদক জাইদুল লস্কৰৰ নেতৃত্বত শতাধিক ছাত্ৰই বন বিভাগে নাম্বাৰিং কৰা শালগছবোৰত সাৱটি ধৰি এক ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰে ৷ ডবকাৰ বিভিন্ন সংগঠনে ডবকা সংৰক্ষিত বনাঞ্চল সুৰক্ষাৰ দাবীৰে সজোৰে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়ত স্থানীয় বিধায়ক ছিৰাজুদ্দিন আজমলে ডবকা শালবাগানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সাংবাদিকৰ লগত মত বিনিময় কৰে ৷ বিধায়ক ছিৰাজুদ্দিন আজমলে কয়–ৰাস্তা লাগিব ৷ কিন্তু এখন সেউজ বনাঞ্চল ধ্বংস কৰি ৰাস্তা নালাগে বুলি কয় ছিৰাজুদ্দিন আজমলে ৷ আজমলৰ মতে, পৰিৱেশ আটাইতকৈ ডাঙৰ বিষয় ৷ ডবকা বনাঞ্চল সুৰক্ষাৰ বাবে মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিব বুলি কয় ৷ প্ৰয়োজনত কেন্দ্ৰীয় ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নিতীন গাডকৰীক লগ ধৰিব বুলিও কয় ছিৰাজুদ্দিন আজমলে ৷ আজি বিধায়কৰ লগত সংগ দিয়ে তেওঁৰ মনোনীত প্ৰতিনিধি আনোৱাৰ হুছেইন, ৰাজনৈতিক সচিব আকবৰ আলী, সচিব নুৰুল হুছেইন, মোহাম্মদ আলীয়ে ৷ স্থানীয় পৰিৱেশ কৰ্মী আহমদ হুছেইন, ছাত্ৰ নেতা মেহবুব আহমেদ বৰভূঞা, জাইদুল লস্কৰ, মইনুল হকে বিধায়কক বনাঞ্চলখন সুৰক্ষাৰ বাবে চৰকাৰৰ ওচৰত সজোৰে দাবী উত্থাপন কৰাৰ দাবী জনায় ৷ উল্লেখ্য যে ডবকা-ডিফু ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাম পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ পৰা চলি আহি আছে ৷