বালিপৰাত ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে সাৰৰ বিপণন কেন্দ্ৰ মুকলি , কংগ্ৰেছক সমালোচনা বিধায়ক পদ্ম হাজৰিকাৰ

97

বালিপৰাত ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে সাৰৰ বিপণন কেন্দ্ৰ মুকলি , কংগ্ৰেছক সমালোচনা বিধায়ক পদ্ম হাজৰিকাৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা ,জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ১৯ ছেপ্টেম্বৰঃ শোণিতপুৰৰ বালিপৰাত ক্ষুদ্ৰ চাহ খেতিয়ক বা অন্যান্য খেতিয়ক সকলৰ সুবিধাৰ্থে ৰেহাই মুল্যৰ এক সাৰৰ বিপণন কেন্দ্ৰ মুকলি কৰা হয় । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে বালিপৰাৰ লখিমপুৰপথস্থিত মজুমদাৰ বীজ ভাণ্ডাৰত অঞ্চলটোৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ লগতে অন্যান্য খেতিয়ক সকলৰ সুবিধাৰ্থে ৰেহাই মূল্যৰ এক সাৰৰ বিপণণ কেন্দ্ৰ মুকলি কৰে চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই । অনুষ্ঠানত শোণিতপুৰ জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাস , জিলা কৃষি বিভাগৰ বিষয়া,অঞ্চলবাসী কৃষিপ্ৰেমী ৰাইজ,ক্ষুদ্ৰ চাহ খেতিয়ক উপস্থিত থাকে লগতে কোনো অসাধু ব্যৱসায়ীয়ে অধিক মুল্যত সাৰ বিক্ৰী কৰিলে তেনে ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ ভাবুকি দিয়ে বিধায়ক পদ্ম হাজৰিকাই । লগতে যি সকল জনা শুনা মানুহ আছে , তেওঁলোকে এতিয়া কংগ্ৰেছ নকৰে উপৰলৈ চাই খোজ কঢ়া মানুহবোৰেহে কংগ্ৰেছ কৰিব বুলি কংগ্ৰেছ দলক সমালোচনা কৰে পদ্ম হাজৰিকাই । আগন্তুক উপ নিৰ্বাচনত অন্য দলে এটাও চিট দখল কৰিব নোৱাৰে , তেওঁলোকে মাথো নিজৰ চিকিউৰিটি ৰাখিবৰ বাবে আহ্বান জনায় পদ্ম হাজৰিকাই ।