বিদ্যুত বিভাগৰ গৌৰীপুৰ উপ সংমণ্ডলৰ প্ৰবন্ধকৰ কাৰ্যালয়ত শক্তি মন্ত্ৰী বিমল বৰা

81

বিদ্যুত বিভাগৰ গৌৰীপুৰ উপ সংমণ্ডলৰ প্ৰবন্ধকৰ কাৰ্যালয়ত শক্তি মন্ত্ৰী বিমল বৰা

দুৰ্নীতিৰ দৰ্পণ সেৱা , গৌৰীপুৰ,৩০ আগষ্টঃ অসম শক্তি বিতৰন কোম্পানী পৰিসীমিত প্ৰবন্ধকৰ কাৰ্যালয়ৰ গৌৰীপুৰ উপ সংমণ্ডলত আজি কোকৰাঝাৰৰ পৰা উপস্থিত হয় শক্তি মন্ত্ৰী বিমল বৰা । জানিব পৰা মতে , গৌৰীপুৰ উপ সংমণ্ডলৰ বিষয়া কৰ্মচাৰীৰ সকলৰ লগত মত বিনিময় কৰাৰ উদ্দেশ্যে আহি উপস্থিত হয় মন্ত্ৰী জনে । মন্ত্ৰীজনে ধুবুৰী জিলাখনৰ লগতে গৌৰীপুৰ উপ সংমণ্ডল বিভিন্ন কাম কাজৰ বুজ লোৱাৰ উপৰিও বিভাগটোৰ বিষয়া কৰ্মচাৰী সকলৰ লগত মত বিনিময় কৰে । সাংবাদিকৰ আগত মন্ত্ৰীজনে কয় যে , ধুবুৰী জিলাত যাতে বিজুলী সেৱা ভালকে পাই থাকে , তাৰ কাৰণে ধুবুৰী জিলাত আহি উপস্থিত হৈছোঁ । গৌৰীপুৰত ৫০ মেগাৱাট বিদ্যুত আহি আছে যদিও আমি ১০০ মেগাৱাট যোগান ধৰাৰ বাবে কাম চলি আছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী জনে । লোডশ্বেডিং দূৰ কৰাৰ প্ৰয়াস শক্তি বিভাগৰ । উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম শক্তি বিতৰণ কোম্পানী পৰিসীমিতৰ অভিজিত শৰ্মা বৰুৱা (এজিএম),বিজয় বৰো (ডিজিএম),সুৰজিত পাল (এজিএম),বিজেপি ধুবুৰী জিলা কমিটিৰ সভাপতি দেবময় সান্যাল,এআইইউডিএফ দলৰ গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমানকে ধৰি গৌৰীপুৰ উপ সংমণ্ডলৰ বিষয়া কৰ্মচাৰী সকল ।