বিভিন্ন সমস্যা সমাধানৰ দাবীত ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

95

বিভিন্ন সমস্যা সমাধানৰ দাবীত ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰেমানন্দ দাস , তিনিচুকীয়া , ১৬ চেপ্তেম্বৰঃ তিনিচুকীয়া অঞ্চলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই , আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ সমীপত দুঘন্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰে ৷ তিনিচুকীয়া অঞ্চলৰ বিভিন্ন সমস্যা , যিসমূহ অতীজৰে পৰা এতিয়াও সমস্যায়ে হৈ আছে , সেই সমূহ বিশেষকৈ জৰাজীৰ্ণ বাট পথৰ সমস্যা , কৃত্ৰিম বানপানী , অবৈধ নিৰ্মাণ , নিৰ্মাণ কাৰ্যত স্থানীয় শ্ৰমিকৰ পৰিৱৰ্তে সন্দেহযুক্ত বহিৰাগত শ্ৰমিকৰ ব্যৱহাৰ ৰোধ কৰা , ব্যক্তিগত ক্ষেত্ৰত ১০০ শতাংশ থলুৱা নিযুক্তি , বিশুদ্ধ খোৱা পানীৰ আঁচনি শীঘ্ৰেই কাৰ্যকৰী কৰা , ষ্ট্ৰীট লাইটৰ ব্যৱস্থাৰ লগতে নতুন নতুন অঞ্চলত চি চি টিভি সংস্থাপনৰ ব্যবস্থা , ব্যৱসায়িক প্ৰতিষ্ঠান তথা অন্যান্য নাম ফলক সমূহত অসমীয়া ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰা ইত্যাদি বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰে ৷ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উদিপ বৰপাত্ৰ আৰু সাধাৰণ সম্পাদক নয়ন জ্যোতি বেজবৰুৱাৰ নেতৃত্বত ৰূপায়িত হোৱা কাৰ্যসূচীত উপস্থিত থাকে আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা সত্যজিৎ বৰগোহাঁই , চিন্ময় জ্যোতি মৰাণ , চেলু হুছেইনৰ লগতে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় উপ সভাপতি দেৱজিৎ বৰুৱা , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সঞ্জু গোঁহাই তথা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰায় অৰ্ধ শতাধিক বিষয় ববীয়া ৷ উপস্থিত থকা সকলোৱে তিনিচুকীয়া অঞ্চলৰ সমস্যা শীঘ্ৰেই সমাধান কৰাৰ বাবে দাবী জনোৱাৰ লগতে উন্নয়নত ব্যৰ্থ হোৱা তিনিচুুকীয়া সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণক ধিক্কাৰ জনায় ৷ কাৰ্যসূচীৰ শেষত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা তিনিচুকীয়া অঞ্চলৰ সমস্যা সমাধানৰ বাবে ১৪ দফীয়া দাবী সম্বলিত এখনি স্মাৰক পত্ৰ তিনিচুকীয়া জিলাৰ উপায়ুক্তক প্ৰদান কৰে ।