বিলাসীপাৰাত প্ৰটেল সাংবাদিকৰ দালালী,থানাত গোচৰ ,আটকৰ দাবী ৰাইজৰ

161

বিলাসীপাৰাত প্ৰটেল সাংবাদিকৰ দালালী,থানাত গোচৰ ,আটকৰ দাবী ৰাইজৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা,হজৰত আলী,নায়েৰ আলগা,১২ ছেপ্তেম্বৰ ঃ বিলাসীপাৰাত এচাম প্ৰটেল সাংবাদিকৰ দালালী,ভয় ভাবুকি গঞাক নানান প্ৰৰোচনা মুলক কাৰ্যত লিপ্ত কৰাই ধন ঘটোৱা কাম কাজত অতিষ্ঠ হৈ বিলাসীপাৰা থানাত দুজনৰ নামত গোছৰ তৰিছে । উল্লেখ্য যে,যোৱা কিছু দিন আগতেই প্ৰটেলৰ সাংবাদিক ৰমজান আলী আৰু জেহেৰুল ইছলামক ৰাইজে অতিষ্ঠ হৈ পহু খেদা দিছিল । গোটেই দিন থানাৰ ওচৰত ঘূৰি ফুৰে থকাৰ অভিযোগ । কোনো গঞাই যদি কোনো গোচৰ বা এজাহাৰ দিবলৈ আহে,তাক নানান প্ৰলোভন দি বিপথে পৰিচালনা কৰি আহিছে বুলি অভিযোগত প্ৰকাশ পাইছে । মনৰিবলগীয়া বিষয় হৈছে যে,নায়েৰ আলগা ছিনিয়ৰ মাদ্ৰাছাৰ শিক্ষক ফৰিজ উদ্দিনে প্ৰায় ৭ মাহ আগতে কাজাইকাটা গাৱঁৰ হোজা দন্তবেমাৰীয়ে উদ্দিনৰ ওচৰত গৈ কয় ,মোৰ দাতঁঁ এটি থৰকবৰক অৱস্থা পেলাই দিয়ক । উক্ত বিনষ্ট হোৱা দাঁত উভালি পেলোৱা হয় । পিছে বেমাৰী কৰিম আলীয়ে বেমাৰ ভাল কৰাৰ বাবে গুৱাহাটী,কোচবিহাৰ আদি ঠাইত চিকিৎসা হয় যদিও ভাল নহয় । প্ৰায় ছমাহ উকলি যোৱাৰ পিছত উক্ত সাংবাদিকদ্বয় উক্ত বেমাৰীক ফুচুলাই বিলাসীপাৰা থানাত ফৰিজ উদ্দিনৰ নামত এজাহাৰ দাখিল কৰাই মনে সজা কথাৰে বেমাৰীজনৰ পৰা বাইট লৈ প্ৰটেলত প্ৰচাৰ কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । ভিত্তিহীন বাতৰি কৰাত ফৰিজে উক্ত সাংবাদিকৰ বিৰুদ্ধে বিলাসীপাৰা থানাত গোচৰ তৰিছে বুলি বাতৰি পোৱা গৈছে । উক্ত সাংবাদিকদ্বয়ৰ বিভিন্ন প্ৰকাৰৰ আপত্তিজনক ঘটনা বহুত আছে বুলিও অভিযোগকাৰীয়ে উল্লেখ কৰে । উক্ত অনিয়ম প্ৰকৃতিৰ কাম কাজত ৰাইজে অতিষ্ঠ হৈ পৰিছে । প্ৰশাসনে কি পদক্ষেপ লয়,সেয়া হ’ব লক্ষ্যণীয় ।