বিশেষভাৱে মহিলা শক্তিৰ ওপৰত ন্যস্ত সমাজ কল্যাণ বিভাগে পোষণ অভিযানৰ দৰে শক্তিশালী চৰকাৰী নীতিৰ আধাৰত সুস্থ মানৱ সম্পদ গঢ়ি ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াত অৰিহনা যোগাবলৈ নতুন দৃষ্টিভংগীৰে আগবাঢ়িব লাগিব’–মন্ত্ৰী অজন্তা নেওগ

361

বিশেষভাৱে মহিলা শক্তিৰ ওপৰত ন্যস্ত সমাজ কল্যাণ বিভাগে পোষণ অভিযানৰ দৰে শক্তিশালী চৰকাৰী নীতিৰ আধাৰত সুস্থ মানৱ সম্পদ গঢ়ি ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াত অৰিহনা যোগাবলৈ নতুন দৃষ্টিভংগীৰে আগবাঢ়িব লাগিব’–মন্ত্ৰী অজন্তা নেওগ

দুৰ্নীতিৰ দৰ্পণ সেৱা , পঙ্কজ নাথ, চাংসাৰি, ৬ ছেপ্টেম্বৰঃ ‘মাতৃ হৈছে ধৰিত্ৰী, মাতৃ ফাউণ্ডেচন৷ বিশেষভাৱে মহিলা শক্তিৰ ওপৰত ন্যস্ত সমাজ কল্যাণ বিভাগে পোষণ অভিযানৰ দৰে শক্তিশালী চৰকাৰী নীতিৰ আধাৰত সুস্থ মানৱ সম্পদ গঢ়ি ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াত অৰিহনা যোগাবলৈ নতুন দৃষ্টিভংগীৰে আগবাঢ়িব লাগিব’–পৰিপুষ্টি সম্পৰ্কত সজাগতা সৃষ্টিৰ বাবে পালন কৰা পোষণ মাহৰ কাৰ্যসূচী কামৰূপ জিলাত আনুষ্ঠানিকভাৱে উদ্বোধন কৰি অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে এইদৰে কয় ৷

কামৰূপ জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজিত উদ্বোধনী সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে আৰু কয় যে , মানৱ সেৱাই ভগৱানৰ সেৱা ৷ সেইবাবে সকলোকে সুস্বাস্থ্যৰ গৰাকী কৰাৰ স্বাৰ্থত জনপ্ৰতিনিধি,প্ৰশাসন,বিভাগ আৰু ৰাইজৰ সমূহীয়া নেতৃত্বৰে পৰিপুষ্টি অভিযান সম্পৰ্কত জন আন্দোলন তথা জনভাগীদাৰিত্বৰে সকলোকে সজাগ কৰিব লাগিব ৷ এই ক্ষেত্ৰত কামৰূপ জিলাখন আদৰ্শ ৰূপে গঢ়ি তুলিবৰ বাবে সংশ্লিষ্ট সকলোকে সেৱাৰ মনোভাৱেৰে কাৰ্য সম্পাদন কৰিবলৈও তেওঁ আহ্বান জনায় ৷ তেওঁ আৰু কয় যে , দেশৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ তালিকাত অসমৰ নাম সন্নিবিষ্ট কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে দেখা সপোন বাস্তবায়িত কৰিবলৈ হ’লে পোন প্ৰথমে ৰাজ্যৰ নাগৰিকসকল সুস্থ সবল হ’ব লাগিব ৷ ইয়াৰ বাবে মাতৃৰ যতন আৰু শিশুৰ যতন অপৰিহাৰ্য ৷ ৰাজ্যখনত যাতে অপৰিপুষ্টিৰ কাৰক সম্পৰ্কত সজাগতাৰ সৃষ্টি কৰি সুষম আহাৰ গ্ৰহণৰ অভ্যাস গঢ়ি তুলিব পাৰি , তাৰ বাবে সমাজ কল্যাণ বিভাগৰ নেতৃত্বত সকলোৱে সমূহীয়া প্ৰচেষ্টাৰে আগবাঢ়িব লাগিব ৷ এই যাত্ৰাৰ পথ প্ৰদৰ্শনৰ বাবেই পোষণ অভিযান,পোষণ মাহ,মাত্ৰু বন্দনা সপ্তাহ আদিৰ আয়োজন বুলি তেওঁ কয় ৷ এনিমিয়া আৰু পৰিপুষ্টিহীনতা সম্পৰ্ক সজাগতা সৃষ্টি কৰাৰ লগতে চৰকাৰী সা-সুবিধাসমূহ সঠিক ৰূপত ৰাইজৰ মাজত উপলব্ধ কৰোৱাটোও অংগনবাড়ী কেন্দ্ৰকে ধৰি সমাজ কল্যাণ বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ এক গুৰুদায়িত্ব বুলিও তেওঁ উল্লেখ কৰে ৷ অদূৰ ভৱিষ্যতে কামৰূপ জিলাই এই ক্ষেত্ৰত প্ৰথম শাৰীত থাকিব বুলিও তেওঁ আশা প্ৰকাশ কৰে ৷ পোষণ মাহৰ প্ৰতিটো সপ্তাহৰ বাবে বাচনি কৰি লোৱা কাৰ্যসমূহ সঠিক ৰূপত কাৰ্যকৰী কৰিবলৈও তেওঁ সংশ্লিষ্ট সকলোকে আহ্বান জনায় ৷ সভাত আদৰণি ভাষণ প্ৰদান কৰি জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে সমাজ কল্যাণ বিভাগৰ অধীনত গ্ৰহণ কৰা অন্যান্য কাম-কাজৰ লগতে বিশেষকৈ জিলাখনৰ অতিকৈ পুষ্টিহীনতাত ভোগা শিশুসকলক চিনাক্ত কৰি তেওঁলোকৰ যতন সুনিশ্চিত কৰাৰ বাবে লোৱা পদক্ষেপ সম্পৰ্কত অৱগত কৰে ৷

সভাত নিজৰ ভাষণ প্ৰসংগত সমাজ কল্যাণ বিভাগৰ সঞ্চালক বিভাস মোডীয়ে পোষণ অভিযানৰ কাম-কাজত জনপ্ৰতিনিধি আৰু বিভিন্ন বিভাগক সংযুক্ত কৰি আগবাঢ়িবলৈ পৰামৰ্শ আগবঢ়ায় ৷ তদুপৰি গৰ্ভৱতী মহিলাক দিব লগা পাঁচ হাজাৰ টকাৰ আৰ্থিক অনুদান সময়মতে লাভ কৰাটো সুনিশ্চিত কৰিবলৈও সংশ্লিষ্ট সকলোকে আহ্বান জনায় ৷

সভাত উপস্থিত থকা কামৰূপ জিলাৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহৰ বিধায়কবৰ্গ ক্ৰমে দিগন্ত কলিতা,ৰেকিবুদ্দিন আহমেদ, সুমন হৰিপ্ৰিয়া,নন্দিতা দাস আৰু হেমাংগ ঠাকুৰীয়াই ভাষণ প্ৰদান কৰি বিভিন্ন পৰামৰ্শ আগবঢ়ায় ৷ সভাত জিলা সমাজ কল্যাণ বিভাগৰ কাৰ্য-ক্ৰমণিকা সম্পৰ্কত পাৱাৰ পইণ্ট প্ৰেজেণ্টেচনেৰে অৱলোকন কৰে সমাজ কল্যাণ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত মানালী জৈনে৷ এই সভাতেই জিলা সমাজ কল্যাণ বিভাগে প্ৰস্তুত কৰি উলিওৱা পৰিপুষ্টিমূলক খাদ্যৰ তালিকা এখনো উন্মোচন কৰা হয় ৷ ইয়াৰ আগেয়ে মন্ত্ৰীগৰাকীয়ে পোষণ মাহ উপলক্ষে উপায়ুক্তৰ কাৰ্যালয় প্ৰাংগনত পৰিপুষ্টিমূলক খাদ্য বিধি আৰু দৈনন্দিন মানি চলিবলগীয়া সুঅভ্যাস সম্পৰ্কীয় তথ্যৰে অংগনবাড়ী কেন্দ্ৰৰ আৰ্হিত সজাই তোলা প্ৰদৰ্শনী আৰু পোষণ বাগিছাৰ দ্বাৰ মুকলি কৰে ৷ একে ঠাইতে পোষণ অভিযানৰ তথ্য সম্বলিত হাইড্ৰজেন বেলুন এটিও মন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে উন্মোচন কৰে ৷

আজিৰ উদ্বোধনী সভাত জিলা সমাজ কল্যাণ বিষয়া ৰুবুল শৰ্মাকে ধৰি বিভাগৰ অন্যান্য বিষয়াবৰ্গৰ লগতে স্বাস্থ্য, শিক্ষা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,তথ্য আৰু জনসংযোগ আদি আন কেইবাটাও বিভাগৰ বিষয়াসকল উপস্থিত থাকে ৷ উল্লেখযোগ্য যে , ২০১৮ বৰ্ষৰ ৮ মাৰ্চত পোষণ অভিযান আৰম্ভ কৰাৰ লগে লগে পৰিপুষ্টি সম্পৰ্কত সজাগতা সৃষ্টিৰ উদ্দেশ্যে সেই বৰ্ষৰ পৰাই ছেপ্টেম্বৰৰ মাহটো পোষণ মাহ হিচাপে পালন কৰি অহা হৈছে ৷ চতুৰ্থ বাৰৰ বাবে পালন কৰা এইবছৰৰ পোষণ মাহৰ বাণী হৈছে ‘সুস্বাস্থ্য অভিমুখী জীৱনৰ বাবে এক সমন্বিত যাত্ৰা’।