বিশ্ব গঁড় দিৱসত ৰাইমনাত ত্ৰাসৰ সৃষ্টি কৰা ৫৭ গঁড় চিকাৰীৰ আত্মসমৰ্পণ

57

বিশ্ব গঁড় দিৱসত ৰাইমনাত ত্ৰাসৰ সৃষ্টি কৰা ৫৭ গঁড় চিকাৰীৰ আত্মসমৰ্পণ

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, ২২ ছেপ্টেম্বৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি অসমৰ প্ৰায় সকলো কেইখন ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰি আহিছে । অসম চৰকাৰ আৰু বন বিভাগে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই আহিছে যদিও চোৰাং চিকাৰীক ৰোধ কৰিব পৰা নাই । কিন্তু এইবাৰ বিশ্ব গঁড় দিৱসৰ দিনা মন পৰিবৰ্তন হ’ল ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ একাংশ চোৰাং চিকাৰীৰ । বিটিচি পৰিষদৰ ওচৰত অস্ত্ৰসহ আত্মসমৰ্পণ কৰিলে একেলগে ৫৭ গৰাকীকৈ চোৰাং চিকাৰীয়ে । উল্লেখ্য যে,কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ ৰাইমনাত আজি বিশ্ব গঁড় দিৱসৰ দিনা ৫৭ গৰাকী চোৰাং চিকাৰীয়ে আত্মসমৰ্পণ কৰাৰ লগতে অস্ত্ৰ সম্বৰণ কৰে ৷ ৰাইমনা ৰাজহুৱা প্ৰেক্ষাগৃহ প্ৰাঙ্গণত ৰাইমনা গোল্ডেন লেংগুৰ ইকো-টুৰিজম ছচাইটীৰ (আৰ জি ই এছ)ৰ উদ্যোগত আয়োজিত অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিচি প্ৰধান প্ৰমোদ বড়ো ৷ উল্লেখ্য যে , কচুগাঁও বনাঞ্চলক ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰাৰ লগে-লগে ৰাষ্ট্ৰীয় উদ্যানৰ আন্তঃগাথনি উন্নয়নৰ লগতে সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে ৷ তেনে ক্ষেত্ৰত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত দীৰ্ঘ দিনৰ পৰা জীৱ জন্তু চিকাৰ কৰি জীৱীকা নিৰ্বাহ কৰা চিকাৰী সকলক মূল সূঁতিলৈ অনাৰ প্ৰচেষ্টা কৰা হৈছিল ৷ ৰাষ্ট্ৰীয় উদ্যানৰ স্বাৰ্থত বিটিচি পৰিষদ তথা আৰ জি ই এছৰ আহ্বান মৰ্মে আজি ৫৭ গৰাকী চোৰাং চিকাৰীয়ে আত্মসমৰ্পণ কৰাৰ লগতে তেওঁলোকৰ লগত থকা অস্ত্ৰ সম্বৰণ কৰে ৷ চোৰাং চিকাৰী সকলে ৪০টা বন্দুক, গুলী, বাৰুদ অৰ্পণ কৰাৰ লগতে হৰিণাৰ সিং আৰু হাতীৰ দাঁত অৰ্পণ কৰে ৷ বিটিচি প্ৰধান প্ৰমোদ বড়োৱে কয় যে ,বিটিচিৰ আহ্বান মৰ্মে চোৰাং চিকাৰীসকল মূল সূঁতিলৈ আহিছে ৷ চোৰাং চিকাৰীৰ এই পদক্ষেপক বিটিচি পৰিষদে আদৰণি জনাইছে ৷ চোৰাং চিকাৰীসকলক সংস্থাপনৰ ক্ষেত্ৰত প্ৰাথমিক ভাবে ৫০ হেজাৰকৈ টকাৰ চেক প্ৰদান কৰা হয় ৷ পৰৱৰ্তী সময়ত সকলোকে স্থায়ী সংস্থাপনৰ ব্যৱস্থা কৰা হ’ব বুলি বিটিচি প্ৰধান গৰাকীয়ে প্ৰকাশ কৰে ৷