বীৰ লাচিত সেনাত সংঘাত , শিৱসাগৰ জিলা সভাপতি চিতু বৰুৱাসহ বহুসংখ্যক কৰ্মীৰ সংগঠন ত্যাগ

66

বীৰ লাচিত সেনাত সংঘাত , শিৱসাগৰ জিলা সভাপতি চিতু বৰুৱাসহ বহুসংখ্যক কৰ্মীৰ সংগঠন ত্যাগ

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, অমৃত কুমাৰ শৰ্মাঃ বীৰ লাচিত সেনা-অসমৰ অন্যতম শিৱসাগৰ জিলা সমিতিৰ সভাপতি চিতু বৰুৱাসহ অৰ্ধশতাধিক কৰ্মীৰ সংগঠন ত্যাগ ৷ উল্লেখযোগ্য যে, শিৱসাগৰত তাৎক্ষণিকভাৱে এক সংবাদমেল অনুষ্ঠিত কৰি ৰন্টু পানীফুকন আৰু শৃংখল চলিহাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰে চিতু বৰুৱাই ৷ বীৰ লাচিত সেনা, অসমৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি চিতু বৰুৱাই পদত্যাগ কৰাৰ পাছতে কেন্দ্ৰীয় সমিতিয়ে হঠাৎ লোৱা এক সিদ্ধান্তক লৈ প্ৰশ্ন কৰাৰ লগতে সাংবাদিকৰ আগত কেইবাটাও বিস্ফোৰক তথ্য দাঙি ধৰে ৷ সাংবাদিকৰ আগত চিতু বৰুৱাই উল্লেখ কৰে যে, বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিয়ে শিৱসাগৰ জিলা সমিতিৰ সভাপতি চিতু বৰুৱাক সংগঠনৰ সংবিধান অৱমাননা আৰু সংগঠনৰ নীতি উলংঘন কৰাৰ অভিযোগত এমাহৰ বাবে সভাপতিৰ পদৰ পৰা নিলম্বন কৰিছিল ৷ ইয়াৰ লগতে চিতু বৰুৱাক এমাহৰ ভিতৰত সংবিধান অৱমাননা আৰু সংগঠনৰ নীতি উলংঘন কৰাৰ কাৰণ দৰ্শাবলৈ জাননী প্ৰেৰণ কৰিছিল বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিয়ে ৷ চিতু বৰুৱাই যি কাৰণ দেখুৱাব তাত যদি বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় নেতৃত্ব সন্তুষ্ট হয়, তেন্তে তেওঁক পুনৰ শিৱসাগৰ জিলাৰ সভাপতিৰ পদত অধিষ্ঠিত কৰাৰ কথা উল্লেখ কৰা হৈছিল উক্ত জাননীত ৷ ইয়াৰ বিপৰীতে কিন্তু শুকুৰবাৰে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ উক্ত জাননীক প্ৰত্যাহ্বান জনাই সংগঠন ত্যাগ কৰে চিতু বৰুৱাই । চিতু বৰুৱাৰ সৈতে বীৰ লাচিত সেনা ত্যাগ কৰে বহু কেইখন আঞ্চলিক সমিতিয়ে । শিৱসাগৰ জয়সাগৰৰ ডিয়ভেলেণ্ট হোটেলত আয়োজিত এক সংবাদমেলত বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় মুখ্য সচিব ৰন্টু পানীফুকন আৰু শৃংখল চলিহাই জাতীয়তাবাদৰ নামত দালালি কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে চিতু বৰুৱাই ৷ লগতে বৰুৱাই কয়, সুবিধাবাদৰ ৰাজনীতিৰ আশ্ৰয় লৈ স্থিতি মজবুত কৰিবৰ বাবে চেষ্টা কৰি আহিছে ৰন্টু পানীফুকন আৰু শৃংখল চলিহাই ৷ ৰন্টু পানীফুকন আৰু শৃংখল চলিহাই বীৰ লাচিত সেনাক বিজেপি আৰু আৰএছএছৰ বি-টীমলৈ সলনি কৰিলে বুলিও তাৎপৰ্য্যপূৰ্ণ মন্তব্য আগবঢ়াই ৷ ইয়াৰ লগতে অসমীয়াৰ প্ৰভুত্ববাদৰ কথা কৈ অসমীয়া যুৱককেই ৰন্টু পানীফুকন আৰু শৃংখল চলিহাই প্ৰতাৰণা কৰা বুলি আন এক বিস্ফোৰক অভিযোগো উত্থাপন কৰে চিতু বৰুৱাই ৷ চাৰিলেনযুক্ত পথ নিৰ্মাণত ব্যৱহৃত কোটি টকীয়া ডাম্পাৰ কেলেংকাৰীত ৰন্টু পানীফুকন আৰু শৃংখল চলিহা জড়িত থকাৰ বিস্ফোৰক অভিযোগ আনে বিদায়ী বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে । চিতু বৰুৱাই কয় বিহাৰৰ তৌফিক আলমৰে বিশেষ বুজাবুজিত ৰন্টু পানীফুকন আৰু শৃংখল চলিহাই অসমৰ খিলঞ্জীয়া লোকৰ পৰা কোটি কোটি টকা ডাম্পাৰৰ নামত সংগ্ৰহ কৰি আত্মসাৎ কৰিছে ৷ সংবাদমেলতে ডাম্পাৰ কেলেংকাৰীৰ এক তথ্য প্ৰমাণ দাঙি ধৰে বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে ৷ ডাম্পাৰ কেলেংকাৰীত ৰন্টু পানীফুকন জড়িত থকাৰ বহু কেইটা বিস্ফোৰক অডিঅ’ ক্লীপো মজুত কৰি থোৱাৰ কথা স্পষ্টৰূপে প্ৰকাশ কৰে চিতু বৰুৱাই ৷ ইয়াৰ লগতে বৰুৱাই অসম আৰক্ষীয়ে এই কেলেংকাৰী তদন্তৰ আওতালৈ আনিলে আৰু বহু ভয়ংকৰ তথ্য পোহৰলৈ আহিব বুলি উল্লেখ কৰে ৷ অৱশ্যে এই কেলেংকাৰীৰ অভিযোগ পদবীত থকাৰ সময়ত কিয় ফাদিল কৰা নহ’ল সেই সন্দৰ্ভত ৰহস্যজনকভাৱে স্পষ্ট মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে চিতু বৰুৱা ৷ মন কৰিবলগীয়া যে চিতু বৰুৱাই ৰন্টু পানীফুকন আৰু শৃংখল চলিহাৰ বিৰুদ্ধে যি কেলেংকাৰী কথা সদৰি কৰিছে সেই কেলেংকাৰী কিন্তু যোৱা ২০১৮ চনতে সংঘটিত হোৱা বুলি জানিবলৈ দিয়া বিষয়টোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে ৷ আনহাতে শিৱসাগৰবাসী ৰাইজে জিলা আৰক্ষী অধীক্ষকক সমগ্ৰ ঘটনাৰ এক উচিত তদন্তৰ দাবী জনাইছে ৷