বৃহৎ নদীবান্ধৰ বিৰুদ্ধে গোগামুখত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তিৰ উত্তাল প্ৰতিবাদ

77

বৃহৎ নদীবান্ধৰ বিৰুদ্ধে গোগামুখত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তিৰ উত্তাল প্ৰতিবাদ

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, ১৩ ছেপ্তেম্বৰঃ গোগামুখত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে আদি কৰি জলবোমা সদৃশ বৃহৎ নদীবান্ধৰ কাম বন্ধ কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । যিকোনো বিনিময়ত এই জলবোমা সদৃশ বৃহৎ নদীবান্ধৰ কাম বন্ধ হব লাগিব , মূলতঃ ধেমাজি , লখিমপুৰ, মাজুলী আৰু নামনি ৰাইজৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব । উল্লেখ্য যে , উত্তৰ অসমবাসীৰ বাবে জলবোমা সদৃশ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠন সৰৱ হৈ থকাৰ সময়তে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত আজি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এন এইচ পিচিৰ মুখ্য প্ৰৱেশ দ্বাৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদকাৰীয়ে অসম চৰকাৰ হায় হায় , কেন্দ্ৰীয় চৰকাৰ হুঁচিয়াৰ আৰু বান্ধলবী গৌৱেক আদি ধ্বনিয়ে পৰিৱেশ উত্তাল কৰি তোলে ৷ কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক বিদ্যুৎ শইকীয়াই অংশ গ্ৰহণ কৰি কয় যে ,ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ষড়যন্ত্ৰ মূলকভাৱে অসমৰ ৰাইজৰ প্ৰতিবাদক গুৰুত্ব নিদি চোৰাংকৈ নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ নিৰ্মাণ সামগ্ৰী সৰবৰাহ কৰাৰ লগতে প্ৰকল্পটোৰ নিৰ্মাণৰ কাম অব্যাহত ৰাখিছে ৷ অসম চৰকাৰ , কেন্দ্ৰীয় চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে এন এইচ পি চিৰ বিৰুদ্ধে অবিৰত ভাৱে কাৰ্যসূচী গ্ৰহণ কৰিব বুলি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰক সকীয়নি প্ৰদান কৰে ৷ ছাত্ৰ মুক্তি কেন্দ্ৰীয় সমিতিৰ সভাপতি বিতু সোনোৱাল,কাৰ্যকৰী সভাপতি মানস কোঁৱৰে অংশ গ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে ৷ উক্ত কাৰ্যসূচীত ধেমাজি জিলা সমিতিৰ বিষয় ববীয়া সকলো উপস্থিত থাকে ।