বৈধ প্ৰক্ৰিয়াৰে গঠন মোৰাঝাৰ ক্ৰীড়া সন্থাৰ নতুন সমিতিঃ পেনেল সমিতিৰ সদস্যৰ সংবাদ মেল

105

বৈধ প্ৰক্ৰিয়াৰে গঠন মোৰাঝাৰ ক্ৰীড়া সন্থাৰ নতুন সমিতিঃ পেনেল সমিতিৰ সদস্যৰ সংবাদ মেল

জমিৰউদ্দিন তালুকদাৰ, ডবকা , ১৭ অক্টোবৰঃ মোৰাঝাৰ ক্ৰীড়া সন্থাৰ সাধাৰণ সভাক লৈ বিতৰ্ক অব্যাহত আছে ৷ হোজাই জিলাৰ মোৰাঝাৰ ক্ৰীড়া সন্থাৰ তিনি বছৰীয়া কাৰ্যকাল চলিত বৰ্ষৰ ৩১ জুলাইত সামৰণি পৰিছিল ৷ কভিড পৰিস্থিতিৰ বাবে সময়মতে সাধাৰণ সভা অনুষ্ঠিত কৰিব নোৱাৰাত যোৱা ১৬ অক্টোবৰত মোৰাঝাৰ ক্ৰীড়া সন্থাৰ সাধাৰণ সভা মোৰাঝাৰ খেলপথাৰত অনুষ্ঠিত হয় ৷ ১৯৭২ চনত স্থাপিত মোৰাঝাৰ ক্ৰীড়া সন্থাৰ ১৬ তম সাধাৰণ সভাত কাৰ্যসূচী অনুসৰি প্ৰথমে পূৰ্বৰ সমিতিয়ে বিগত কাৰ্যকালৰ কৰ্মখতিয়ান, সম্পাদকীয় প্ৰতিবেদন আদি দাঙি ধৰাৰ অন্তত পদত্যাগ কৰে ৷ পূৰ্বৰ সমিতিখনে পদত্যাগ কৰাত নতুন সমিতি গঠনৰ বাবে মোৰাঝাৰ অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ আমিৰুদ্দিনৰ পৌৰোহিত্যত বিষয় বাচনি সভা অনুষ্ঠিত হয় ৷ পূৰ্বৰ পৰম্পৰা অনুসৰি বিষয়ভাৱ বাচনিৰ বাবে সভাই আঠ জনীয়া এখনি পেনেল সমিতি গঠন কৰি দিয়ে ৷ পেনেল সমিতিত মোৰাঝাৰ অঞ্চলৰ বিশিষ্ট শিক্ষানুৰাগী, ক্ৰীড়াৰ লগত সম্পৰ্কিত ব্যক্তিক মনোনীত কৰা হয় ৷ সেই মতে আমিৰ উদ্দিন, নেচাৰ উদ্দিন আহমেদ, বদৰুল হক, আব্দুল ৱাহিদ, ছিৰাজুদ্দিন, ফৰিজ উদ্দিন চৌধুৰী, জাকিৰ হুছেইন আৰু মোৰাঝাৰ গাঁও পঞ্চায়তৰ সভাপতি হিফজুৰ ৰহমানক পেনেল সমিতিত ৰখা হয় ৷ পেনেল সমিতিয়ে মোৰাঝাৰ ক্ৰীড়া সন্থাৰ সৰ্বতোপ্ৰকাৰৰ উন্নতি কামনা কৰি ১৮ জনীয়া এখনি সমিতি গঠন কৰি দিয়ে ৷ মোৰাঝাৰ অঞ্চলৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজসেৱক চুহেল আহমেদক সভাপতি আৰু আমিনুল ইছলামক সাধাৰণ সম্পাদক হিচাপে সমিতি গঠন কৰি দিয়া হয় ৷ একাংশই পেনেল সমিতিয়ে গঠন কৰি দিয়া সমিতিখন বৈধ নহয় বুলি প্ৰচাৰ চলোৱাৰ সময়ত আজি মোৰাঝাৰত পেনেল সমিতিত থকা দুগৰাকী সদস্য আমিৰ উদ্দিন আৰু ফৰিজউদ্দিন চৌধুৰীয়ে এক সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদ মেলত দুয়োগৰাকী ব্যক্তিয়ে শান্তিপূৰ্ণভাৱে মোৰাঝাৰ ক্ৰীড়া সন্থাৰ সাধাৰণ সভা অনুষ্ঠিত হৈ যোৱাৰ লগতে এখন সুস্থ সমিতি গঠন কৰি দিয়া বুলি সদৰি কৰে ৷ পেনেল সমিতিৰ প্ৰায় আটাইকেই গৰাকী সদস্যৰ মত সাপেক্ষে চুহেল আহমেদক সভাপতি আৰু আমিনুল ইছলামক সাধাৰণ সম্পাদক ৰূপে বাচনি কৰা হয় ৷ সমিতি গঠনক লৈ কোনো বিতৰ্ক হোৱা নাই বুলিও দুয়োগৰাকী ব্যক্তিয়ে সংবাদমেলত সদৰি কৰে ৷ একাংশ লোকে মোৰাঝাৰ ক্ৰীড়া সন্থাক বদনাম কৰিবলৈ চেষ্টা চলাইছে বুলিও অভিযোগ কৰে দুয়ো গৰাকী ব্যক্তিয়ে ৷ ইয়াতে উল্লেখ কৰা প্ৰয়োজন যে, মোৰাঝাৰ ক্ৰীড়া সন্থাৰ সাধাৰণ সভাত উত্তেজনা বিৰাজ কৰা বুলি একাংশ লোকে প্ৰচাৰ কৰাৰ সময়ত পেনেল সমিতিৰ দুয়োগৰাকীয়ে সদস্যই কয়–আৰক্ষীৰ উপস্থিতিত সুস্থ পৰিৱেশত সুকলমে সাধাৰণ সভা অনুষ্ঠিত হৈছে ৷ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে সুস্থ এখন সমিতিও গঠন কৰি দিয়া হৈছে বুলিও কয় ৷ আজিৰ সংবাদ মেলত উপস্থিত থাকে মোৰাঝাৰ ক্ৰীড়া সন্থাৰ নৱনিযুক্ত সভাপতি চুহেল আহমেদ সহ বহুকেইগৰাকী ক্ৰীড়ানুৰাগী ব্যক্তি ৷ সভাত চুহেল আহমেদক সম্বৰ্ধনাও দিয়া হয় ৷