বোকাখাতত কবি-সাংবাদিক পলিমা চেতিয়া বসুমতাৰীৰ ‘কথা বীক্ষা’ৰ উন্মোচন

138

বোকাখাতত কবি-সাংবাদিক পলিমা চেতিয়া বসুমতাৰীৰ ‘কথা বীক্ষা’ৰ উন্মোচন

দুৰ্নীতিৰ দৰ্পণ সেৱা,বোকাখাত , ১৩ আগষ্টঃ বোকাখাত মহকুমা সাংবাদিক সন্থাৰ উদ্যোগত যোৱা ১২ আগষ্টত বোকাখাত নাট্যমন্দিৰত অনুষ্ঠিত হৈ যায় সাংবাদিক-কবি-লেখিকা পলিমা চেতিয়া বসুমতাৰীৰ প্ৰবন্ধ সংকলন ‘কথা বীক্ষা’ৰ উন্মোচনী অনুষ্ঠান । বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সম্পাদক নীলু আচাৰ্যই আঁত ধৰা অনুষ্ঠানৰ সভাপতিত্ব কৰে বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্তই । অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট কবি-লেখিকা নিজৰা বৰঠাকুৰে । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক নীলু আচাৰ্যই আৰু লেখিকা বসুমতাৰীৰ সামাজিক সাংস্কৃতিক জীৱন পৰিক্ৰমাৰ আলোকপাত কৰে বোকাখাত মহকুমা সাংবাদিক সন্থাৰ প্ৰচাৰ সম্পাদক অজন্তা তালুকদাৰে ।লেখিকা বসুমতাৰীৰ পঞ্চমখন গ্ৰন্থ’কথা বীক্ষা’ৰ উন্মোচন কৰি বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকাই শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে । সভাতে লেখিকা পলিমা চেতিয়া বসুমতাৰীয়ে গ্ৰন্থ উন্মোচকৰ লগতে উপস্থিত বিশিষ্ট অতিথিসকলক একোখনিকৈ ফুলাম গামোচা আৰু একোটিকৈ প্ৰীতি উপহাৰৰ টোপোলাৰে সম্বৰ্দ্ধনা জনায় । সভাতে সদ্যপ্ৰয়াত মাজুলী জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি সদ্যপ্ৰয়াত অৰুণ বৰাৰ লগতে জ্ঞাত অজ্ঞাত প্ৰয়াতজনৰ বাবে মৌণ প্ৰাৰ্থনা কৰি শোক প্ৰস্তাব গ্ৰহণ কৰা হয় । লেখিকা পলিমা চেতিয়া বসুমতাৰীৰ ইতিমধ্যে প্ৰকাশিত গ্ৰন্থ সমূহ হ’ল ‘নাৰী যেতিয়া নি:সংগ হয়'(কাব্যগ্ৰন্থ),’বঙহৰ দেও'(কাব্যগ্ৰন্থ),’চম্পাৱতী নেখেদিবি তই বতা চৰাই'(কাব্যগ্ৰন্থ) আৰু ‘কাব্যশিল্প'(যুটীয়া কাব্য সংকলন)। বোকাখাত থানাৰ আৰক্ষী বিষয়া ভবেন বসুমতাৰীৰ পত্নী আৰু দুগৰাকী কন্যা সন্তানৰ মাতৃ লেখিকা বসুমতাৰী অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক , কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ উপসভাপতি,সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক,অসম সাহিত্য সভাৰ আজীৱন সদস্য,অল ইণ্ডিয়া পয়েটেচ কনফাৰেঞ্চৰ কাৰ্যনিৰ্বাহক সদস্য,বোকাখাত মহকুমা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক হোৱাৰ লগতে বাটৰ কেনভাচ গোলাঘাট,জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ লগতে দেৰকুৰিতকৈ অধিক সংবাদ-সংগঠন,সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত হৈ আছে আৰু সাংবাদিকতাৰ লগতে সামাজিক সাংস্কৃতিক জগতখনলৈ আগবঢ়োৱা অৱদানৰ বাবে বহু সংগঠন-অনুষ্ঠানে বঁটা সম্বৰ্দ্ধনাৰে লেখিকাগৰাকীক সন্মানিত কৰিছে । বসুমতাৰী বৰ্তমান ‘কাঁচিয়লি’ ত্ৰৈমাসিক আলোচনীৰ মুখ্য সম্পাদকৰ দায়িত্বত আছে । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে ক্ৰমে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ,অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা , বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী পুতলী খাউণ্ড আৰু বন্তি প্ৰজ্বলক নিজৰা বৰঠাকুৰে । অনুষ্ঠানত বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ উপসভাপতি তথা বিশিষ্ট কবি-নাট্যকাৰ অমৰ শৰ্মা,সংগঠনটোৰ সম্পাদক নীলু আচাৰ্য,সাংবাদিক প্ৰিয়ংদীপ কাকতি আৰু বোকাখাত মহকুমা ছাত্ৰ সন্থাৰ সভাপতি গীতাৰ্থ শইকীয়াক একোখনিকৈ ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনায় লেখিকাই । অনুষ্ঠানতে লেখিকা পলিমা চেতিয়া বসুমতাৰীক অৰুণ পাব্লিকেশ্যনৰ তৰফৰ পৰা স্বত্বাধিকাৰ তথা কবি-সাংবাদিক অজন্তা তালুকদাৰ আৰু বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ তৰফৰ পৰা সভানেত্ৰী পুতলী খাউণ্ডে একোখনিকৈ ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনায় । অনুষ্ঠানত শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে ক্ৰমে অমৰ শৰ্মা,প্ৰিয়ংদীপ কাকতি আৰু সাংবাদিক-লেখক ধ্ৰুৱজ্যোতি সাহাই । অনুষ্ঠানৰ শেষত লেখিকা বসুমতাৰীৰ হেঁপাহৰ অনুষ্ঠান ‘কাঁচিয়লি’ৰ তৃতীয় বৰ্ষপূৰ্তি উদযাপন কৰা হয় ।