বঢ়মপুৰত দুই শতাধিক কংগ্ৰেছ আৰু অগপ নেতা কৰ্মীৰ বিজেপিত যোগদান , উন্নয়নৰ যোগেদি আমি বঢ়মপুৰ সমষ্টিক নকৈ গঢ়িম–জিতু গোস্বামী

150

বঢ়মপুৰত দুই শতাধিক কংগ্ৰেছ আৰু অগপ নেতা কৰ্মীৰ বিজেপিত যোগদান , উন্নয়নৰ যোগেদি আমি বঢ়মপুৰ সমষ্টিক নকৈ গঢ়িম–জিতু গোস্বামী

দুৰ্নীতিৰ দৰ্পণ সেৱা ,ৱাহিদুদ জামান , নগাঁও ,৩০ আগষ্ট : নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অধীনৰ বৰবাৰী এলেকাত আজি এখন বিজেপি দলৰ যোগদান সমাৰোহ অনুষ্ঠিত হয় । বঢ়মপুৰ মণ্ডল বিজেপিৰ সভানেত্ৰী নিভা শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা যোগদান সমাৰোহৰ পূৰ্বে এক বৃক্ষৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিধায়ক জিতু গোস্বামীয়ে । বিশেষকৈ বিধায়ক জিতু গোস্বামীৰ নেতৃত্বত সেউজীয়া বঢ়মপুৰ গঢ়াৰ লক্ষ্যৰে বৃক্ষৰোপন কাৰ্যসূচী অংশগ্ৰহণ কৰাৰ পিছতে যোগদান কাৰ্যসূচী উপলক্ষে অনুষ্ঠিত হোৱা সভাখনত বিধায়ক জিতু গোস্বামীয়ে কয়-বিগত ২০ বছৰ ধৰি বঢ়মপুৰ সমষ্টি উন্নয়নৰ দিশত পিছপৰি গ’ল । গতিকে , সমষ্টিটোৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি আমি সকলো একত্ৰিত হৈ সমভাৱে কাম কৰি যাব লাগিব । এই উন্নয়নৰ যোগেদি আমি বঢ়মপুৰ সমষ্টিক নকৈ গঢ় দিম । চাপানালা অঞ্চলৰ কংগ্ৰেছ নেতা তথা বিগত বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থী সুৰেশ বৰাৰ সোহাত স্বৰূপ অৰবিন্দ চৌধুৰী,ধৰ্মেশ্বৰ তিমুং , ৰিবুল আহমেদ , জিন্টু বৰদলৈৰ নেতৃত্বত অনুষ্ঠিত হোৱা যোগদান সমাৰোহৰ আঁত ধৰে বিজেপি নেতা জয়ন্ত বৰাই । সভাত বিজেপিৰ নগাঁও জিলা সভাপতি অভিজিৎ নাথ , প্ৰাক্তন সভাপতি বাবুল বৰাৰ লগতে কেইবাগৰাকী বিজেপি নেতা কৰ্মী তথা কেইবাটাও গাঁও পঞ্চায়তৰ সভাপতি , কাউঞ্চিলাৰ উপস্থিত থাকে । সভাত যোগদান কৰা কংগ্ৰেছ নেতা আৰবিন্দ চৌধুৰীয়ে কয়-আমাৰ বিজেপি বিধায়ক জিতু গোস্বামীৰ যথেষ্ট কৰ্ম স্পৃহা আছে । বিধায়কজনে জয়লাভ কৰাৰ এশ দিনৰ ভিতৰতে কেইবাটাও উন্নয়ন মূলক কামৰ পদক্ষেপ লোৱাৰ বাবে মোৰ লগতে আৰু বহু কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগদান কৰিছে । সভাত জেষ্ঠ অগপ নেতা শৰৎ শইকীয়াই যোগদান কৰি বিধায়ক জনৰ কাম কাজক প্ৰশংসা কৰে । সভাত প্ৰাঞ্জল হাজৰিকা,শংকৰ ভূমিজ,কেলভিন, যুগান্ত দৈমাৰী , ৰমেশ তাঁতী , হীৰামণি বৰা , জিন্টু বৰদলৈ , শংকৰ নাজাৰী , হজৰত আলী , ৰিবুল আহমেদ আদিকে ধৰি দুই শতাধিক অগপ আৰু কংগ্ৰেছ দলৰ নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰে।