বৰপেটাত শিশু শ্ৰমিক, বাল্য বিবাহৰ বিৰুদ্ধে ভ্ৰাম্যমাণ সজাগতা অভিযানঃ আগতে আমি নিজক সচেতন কৰিব লাগিব-উপায়ুক্ত তেজ প্ৰসাদ ভূচাল

87

বৰপেটাত শিশু শ্ৰমিক, বাল্য বিবাহৰ বিৰুদ্ধে ভ্ৰাম্যমাণ সজাগতা অভিযানঃ আগতে আমি নিজক সচেতন কৰিব লাগিব-উপায়ুক্ত তেজ প্ৰসাদ ভূচাল

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ, ২৩ ছেপ্টেম্বৰঃ শিশু শ্ৰমিক ৰোধ কৰা আৰু বাল্য বিবাহ বন্ধ কৰাৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ পূৰ্বে আমি নিজেও নিজকে সজাগ কৰিব লাগিব । নিজৰ ঘৰত শিশুক শ্ৰমিক হিচাপে নিয়োগ কৰাৰ পৰা বিৰত থাকিব লাগিব । আজি বৰপেটাত উপায়ুক্তৰ কাৰ্যালয় চৌহদৰ পৰা উলিওৱা এটি সজাগতা যাত্ৰাৰ শুভাৰম্ভ কৰি উপায়ুক্ত তেজ প্ৰসাদ ভূচালে এই দৰে কয় । তেওঁ কয় যে , শিশু সকলক শ্ৰমিক হিচাপে নিয়োগ কৰাৰ ফলত তেওঁলোক শৈশৱৰ শিক্ষা-দীক্ষা আৰু পৰিচৰ্য্যাৰ পৰা বঞ্চিত হ’ব লগীয়া হয় । একেদৰে বাল্য বিবাহেও শিশুটিৰ স্বাভাবিক শাৰীৰিক মানসিক বিকাশ বাধাগ্ৰস্থ কৰে বুলি উল্লেখ কৰি তেওঁ এই বাৰ্তা জিলাখনৰ প্ৰতিটো প্ৰত্যন্ত অঞ্চলৰ লোকৰ ওচৰলৈ লৈ যাবলৈ সমাজ কল্যাণ বিভাগৰ বিষয়া-কৰ্মচাৰী সকলৰ প্ৰতি আহ্বান জনায় । এই উদ্ধোধনী অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত , জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা আৰু জিলা সমাজ কল্যাণ বিষয়াৰ দায়িত্বত থকা সহকাৰী আয়ুক্ত দীপাংকৰ কলিতাও উপস্থিত থাকে । কলিতাই জনোৱা মতে , জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত শিশু শ্ৰমিক , শিশু সৰবৰাহ আৰু বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে সমগ্ৰ জিলাখনতে সপ্তাহজোৰাকৈ গাড়ীৰে প্ৰচাৰ অভিযান চলাবলৈ লোৱা হৈছে । আজিৰে পৰা আৰম্ভ হোৱা এই অভিযানৰ সময়চোৱাত জিলাখনৰ প্ৰতিটো ভিতৰুৱা অঞ্চললৈ গৈ প্ৰচাৰ চলোৱা হ’ব । ইয়াৰ পিছতে পোষণ মাহ উপলক্ষে উলিওৱা আন এক ভ্ৰাম্যমাণ প্ৰচাৰ অভিযানৰো আজি উপায়ুক্তৰ কাৰ্যালয়ৰ পৰাই শুভাৰম্ভ কৰা হয় । শিশু আৰু মাতৃৰ পৰ্যাপ্ত পৰিপুষ্টি সম্পৰ্কত ৰাইজৰ মাজত নৃত্য-গীত আদিৰে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আৰম্ভ কৰা এই অভিযানত বৰপেটা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত অঙ্গনবাড়ী কৰ্মী-সহায়িকা সকলৰ দ্বাৰা বাটৰ নাট , নৃত্য-গীত আদি প্ৰদৰ্শনেৰে পৰিপুষ্টিৰ আৱশ্যকতা আৰু উপাদন আদিৰ সম্পৰ্কত সঠিক জ্ঞান দিয়াৰ চেষ্টা চলোৱা হ’ব ।