বৰপেটাৰ পালহাজীত নিশা গুলীচালনা, ড্ৰাগছ মাফিয়াই চলালে তিনিজাঁই গুলী

80

বৰপেটাৰ পালহাজীত নিশা গুলীচালনা, ড্ৰাগছ মাফিয়াই চলালে তিনিজাঁই গুলী

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , হবিবুৰ ৰহমান , ১২ ছেপ্তেম্বৰঃ বৰপেটাৰ পালহাজীত যোৱা নিশা সংগঠিত হয় এক ভয়ংকৰ গুলীচালনাৰ ঘটনা ৷ ড্ৰাগছ ব্যৱসায়ৰ ঘাটি হিচাপে পৰিচিত বৰপেটাৰ পালহাজীত ড্ৰাগছ মাফিয়াই চলালে তিনিজাঁইকৈ গুলী৷ নামনি অসমৰ কুখ্যাত ড্ৰাগছ মাফিয়া শ্বাহৰুখ ওৰফে মুক্তাৰ উক্ত গুলীচালনাৰ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহ কৰা হৈছে ৷ কুখ্যাত ড্ৰাগছ মাফিয়া শ্বাহৰুখ ওৰফে মুক্তাৰৰ বিষয়ে আৰক্ষীক খবৰ দিয়াৰ সন্দেহতে আলিপ হুছেইন নামৰ লোকজনৰ ঘৰৰ সন্মুখত ড্ৰাগছ মাফিয়াই চলালে গুলী ৷ শুক্ৰবাৰে নিশা প্ৰায় ১১ মান বজাত সংগঠিত হোৱা এই গুলীচালনাৰ ঘটনাৰ পিছৰে পৰাই আতংকত ভুগিছে আলিপ হুছেইনৰ পৰিয়াল ৷ প্ৰত্যক্ষদৰ্শীৰ মতে , তিনিজাঁই গুলী ফুটাই মটৰ চাইকেলেৰে আতৰি যায় দুই যুৱক ৷ ইতিমধ্যে ঘটনাস্থলীৰ পৰা দুটা খালী কাৰ্টিজ আৰু আন দুটা সজীৱ গুলী উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ ঘটনাটোৰ পিছতেই বৰপেটা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷ আৰক্ষীয়ে ঘটনাটোৰ সৈতে জড়িতৰ সন্দেহত এজন যুৱকক সোধা–পোছাৰ বাবে আটক কৰা বুলি গাঁওবাসীয়ে জানিবলৈ দিছে যদিও আৰক্ষীয়ে ঘটনাটোৰ বিষয়ে এতিয়াও কোনো কথাই সদৰি কৰাৰ পৰা বিৰত আছে ৷ ইপিনে , ড্ৰাগছ ব্যৱসায়েৰে বিশাল সম্পত্তিৰ পাহাৰ গঢ়ি তোলাৰ সন্দেহত আৰক্ষীয়ে ইতিপূৰ্বে ড্ৰাগছ মাফিয়া শ্বাহৰুখ ওৰফে মুক্তাৰৰ ঘৰৰ পৰা এখন এক্সকেভেটৰ আৰু দুখনকৈ ট্ৰেক্টৰ জব্দ কৰা বুলি জানিব পৰা গৈছে ৷ এই গুলীচালনাৰ ঘটনাক লৈ সমগ্ৰ পালহাজী অঞ্চলত এক আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে ৷