বৰপেটাৰ ভেড়াগাঁৱত মাটিৰ মাফিয়া ৰাজ , মানসিক বিকাৰগ্রস্ত ব্যক্তিক ফুচুলাই মাটি কিনা-বেচাৰ চেষ্টা

125
বৰপেটাৰ ভেড়াগাঁৱত মাটিৰ মাফিয়া ৰাজ , মানসিক বিকাৰগ্রস্ত ব্যক্তিক ফুচুলাই মাটি কিনা-বেচাৰ চেষ্টা
ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ১৮ আগষ্ট : বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ গাতে থকা ভেড়াগাঁৱত মাটিৰ মাফিয়া ৰাজ চলাৰ অভিযোগ উত্থাপিত হৈছে । আনুমানিক প্ৰায় দেৰ কোটি টকা বিঘাৰ মাটি ষাঠি লাখ টকাত বিক্ৰী কৰাৰ যো-জা চলিছে বুলি জানিব পৰা গৈছে । আৰু এই টকাৰ পৰিমাণৰ পৰা মাটিৰ গৰাকীয়ে মাত্ৰ ৪৪ লাখ টকা পাব বুলিও জনাইছে বহু ব্যক্তিয়ে । উল্লেখ্য যে , মাটিৰ গৰাকীক মানসিক বিকাৰগ্ৰস্ত বুলি ঘৈণীয়েকৰ লগতে কেইজনমান আত্মীয়ই দাবী কৰে । ইফালে , এই পাগলৰ সুযোগ লৈয়েই চলিছে এনেকুৱা দালালৰাজ । মাটিৰ গৰাকী ছবুৰ উদ্দিন এজন মানসিক বিকাৰগ্রস্ত লোক হোৱা হেতুকে নানান চলাহী কথা কৈ ভেড়াগাঁৱৰ ৰহিজ উদ্দিন (ধলা), বাদশা মিঞা, জামাল উদ্দিন আৰু নজৰুল উদ্দিনে জাহিদুলৰ ওচৰত নিম্নতম টকাত মাটি বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে বুলি ঘৈণীয়েক কৰপুলি বেগমৰ লগতে কেইজনমান আত্মীয়ই অভিযোগ উত্থাপন কৰিছে । বৰপেটা ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ ওচৰত থকা ভেড়াগাঁৱৰ ছবুৰ উদ্দিনক এবাৰ পুলিচে ধৰি নিছিল আৰু প্ৰায় দুমাহ পাছত পগলা আছিল বাবে এনেই পুলিচে এৰি দিয়াৰ কথা ঘৈণীয়েক , সন্তান আৰু আত্মীয়ই জানিবলৈ দিয়ে । সেইবাবে সকলোৰে মাজত এই চৰ্চা বিৰাজমান যে মানসিক বিকাৰগ্ৰস্ত মানুহে মাটি বিক্ৰী কৰিব পাৰিবনে ? য’ত ঘৈণীয়েক আৰু সন্তানে মাটি বিক্ৰী কৰিব নিবিচাৰে । ঘৈণীয়েক কৰপুলি বেগম কয় যে , তেওঁলোক ডাল-দৰিদ্ৰ মানুহ । এই অলপখিনি মাটি আছে এটি ঘৰ বান্ধি থাকিবলৈ , সেইখিনও ৰহিজ উদ্দিন (ধলা), বাদশা মিঞা, জামাল উদ্দিন আৰু নজৰুল উদ্দিনে একেখন গাঁৱৰে জাহিদুলৰ ওচৰত নিম্নতম টকাত বিক্ৰী কৰাৰ জো-যা চলিছে । এই মাটি তাই কেতিয়াও বিক্ৰী নকৰে । তাই দুজনকৈ সন্তানৰ ভবিষ্যতৰ কথা চিন্তা কৰে । পগলা হোৱাৰ বাবেই তাইক গিৰিয়েকৰ ঘৰৰ পৰা গাৱঁৰ কেইজনমান মাতাব্বৰ শ্ৰেণীৰ মানুহ আৰু স্বামীৰ ভাই-ককায়েকে মিলি মাকৰ ঘৰলৈ পঠিয়াই দিছে আৰু তাতেই কাম-কাজ কৰি সন্তানক পঢ়াই আছে । তাইৰ এই মাটিখিনিয়ে একমাত্ৰ সম্বল বুলি জানিবলৈ দিয়ে । ইয়াৰ লগতে ছবুৰ উদ্দিনৰ বাইদেউ হাজিৰণ নেছাইও এই কথাৰ সাক্ষী দি ভায়েক পাগল বুলি কোৱাৰ লগতে মাটি বিক্ৰীৰ বিৰোধিতা কৰে । ইফালে , ঘৈণীয়েক কৰপুলি বেগমে বাঘবৰ , মন্দিয়া ৰাজহ চক্ৰ বিষয়াৰ ওচৰত মাটি বিক্ৰী কৰাৰ ক্ষেত্ৰত অনুমতি নিদিয়াৰ বাবে আবেদন কৰে ।