“ভট্টদেৱ বিশ্ববিদ্যালয়ৰ শৈক্ষিক সমস্যা সন্দৰ্ভত বজালী জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত উপায়ুক্তৰ উপস্থিতি আছু আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মাজত আলোচনা”

230

“ভট্টদেৱ বিশ্ববিদ্যালয়ৰ শৈক্ষিক সমস্যা সন্দৰ্ভত বজালী জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত উপায়ুক্তৰ উপস্থিতি আছু আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মাজত আলোচনা”

দুৰ্নীতিৰ দৰ্পণ সেৱা , ৰাজীৱ চৌধুৰী , বজালী , ১৮ ছেপ্তেম্বৰঃ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন শৈক্ষিক সমস্যাৰ সন্দৰ্ভত আছুৰ দীৰ্ঘদিনীয়া প্ৰতিবাদৰ অন্তত আজি বজালী জিলাৰ উপায়ুক্তৰ উদ্যোগত আছু আৰু ভট্টদেৱ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মাজত উপায়ুক্তৰ সভাকক্ষত এক বিস্তৃত আলোচনা অনুষ্ঠিত হয় । উক্ত সভাত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয় সম্পাদক সমুদ্ৰ পাটগিৰি ডাঙৰীয়াই বিশ্ববিদ্যালয় খনৰ স্নাতকোত্তৰ চতুৰ্থ ষাণ্মাসিকৰ ২০ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ বিভিন্ন অভিযোগ সমূহৰ বিষয়ে উপায়ুক্ত তথা বিশ্ববিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰে । উক্ত সভাত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ হৈ ভাৰপ্ৰাপ্ত শৈক্ষিক পঞ্জীয়ক সজল দাস ডাঙৰীয়াই পৰীক্ষা কেনেদৰে অনুষ্ঠিত কৰিব , তাৰ বিষয়ে আলোকপাত কৰাৰ লগতে স্নাতকোত্তৰ চতুৰ্থ ষাণ্মাসিকৰ Assignment সমূহ পৰীক্ষা সমাপ্তিৰ পিছতো জমা ল’ব বুলি অৱগত কৰে । দুয়োপক্ষৰ বক্তব্য শুনাৰ পিছত বজালী জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মুৰব্বী তথা বজালী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ চৌধুৰী ডাঙৰীয়াই পৰীক্ষাত অৱৰ্তীন হ’বলগীয়া ছাত্ৰ-ছাত্ৰীয়ে যাতে স্বাস্থ্য জনীত অসুবিধাৰ সন্মুখীন নহয় , তাৰ বাবে এগৰাকী কাৰ্যবাহী দণ্ডাধীশৰ নেতৃত্বত জিলা স্বাস্থ্য বিভাগৰ এটি সঁজাতি দলৰ জৰিয়তে গোটেই পৰীক্ষা ব্যৱস্থা চলোৱাৰ আশ্বাস প্ৰদান কৰে । উক্ত সভাত সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক দ্বীপজ্যোতি দাসে বিগত মাৰ্চ মাহত অফলাইন যোগে অনুষ্ঠিত হোৱা স্নাতক প্ৰথম আৰু তৃতীয় ষাণ্মাসিকৰ ফলাফল সমূহ অতি শীঘ্ৰে ঘোষণা কৰাৰ বাবে দাবী জনায় লগতে ইউ.জি.চি(UGC) এ প্রকাশ কৰা নিয়মাৱলী অনুসৰি স্নাতক দ্বিতীয় আৰু চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ-ছাত্ৰীক অতি শীঘ্ৰে পদোন্নতি কৰিবলৈ দাবী জনায় । ইয়াৰ লগতে বিশ্ববিদ্যালয়খনত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ পুৰণি বিভাগ সমূহ ধৰি ৰাখি নতুন বিভাগ অন্তৰ্ভুক্ত কৰাৰ লগতে শিক্ষকৰ সমস্যা সমাধান,তথ্য প্ৰযুক্তি সম্পন্ন গ্ৰন্থাগাৰ,বিজ্ঞানাগাৰ,প্ৰয়োজনীয় শ্ৰেণীকোঠা,বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি,স্নাতক তথা স্নাতকোত্তৰ শাখাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ছাত্ৰ সন্থাৰ তৰফৰ পৰা আসন বৃদ্ধিৰ দাবী জনোৱা হয় । সভাখনৰ শেষত উপায়ুক্তই বিশ্ববিদ্যালয়খনৰ সমস্যা সমূহৰ ওপৰত সমাধানৰ পথ বিচাৰি অনাগত দিনত ৰূপৰেখা অংকন কৰিব বুলি কথা দিয়ে । উক্ত সভাত সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক অংকুৰ তালুকদাৰ,বজালী মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিমাংশু শৰ্মাৰ প্ৰমুখ্য কৰি ছাত্ৰ সন্থাৰ আন আন বিষয়ববীয়া সকল উপস্থিত থাকে । সভাখন সফল ভাৱে সামৰণি পৰাৰ বাবে উপায়ুক্তই সকলো পক্ষক ধন্যবাদ জনায় ।