ধুবুৰী আদালতে ভণ্ড সাংবাদিক ৰাজীৱ শৰ্মাৰ অগ্ৰিম জামিন নাকচ , জিলা প্ৰশাসনক গ্ৰেপ্তাৰৰ দাবী ভুক্তভোগীৰ

1217

ধুবুৰী আদালতে ভণ্ড সাংবাদিক ৰাজীৱ শৰ্মাৰ অগ্ৰিম জামিন নাকচ , জিলা প্ৰশাসনক গ্ৰেপ্তাৰৰ দাবী ভুক্তভোগীৰ

দুৰ্নীতিৰ দৰ্পণ,ষ্টাফ ৰিপৰ্টাৰ , ৮ অক্টোবৰঃ ভণ্ড সাংবাদিক ৰাজীৱ শৰ্মাৰ অগ্ৰিম জামিন ধুবুৰী আদালতে নাকচ কৰিছে বুলি জানিব পৰা গৈছে । অতি শীঘ্ৰেই ভণ্ড সাংবাদিক ৰাজীৱ শৰ্মাক গ্ৰেপ্তাৰ কৰিবলৈ ভুক্তভোগীয়ে ধুবুৰী জিলা প্ৰশাসনক দাবী জনাইছে । প্ৰাপ্ত বাতৰি মতে, ভণ্ড সাংবাদিক ৰাজীৱ শৰ্মাই নিজকে আত্মগোপন কৰি যোৱা ২৯ ছেপ্তেম্বৰত ধুবুৰী মুখ্য ন্যায়ধীশৰ আদালতত অগ্ৰিম জামিনৰ আবেদন কৰিছিল যদিও ৭ অক্টোবৰ তাৰিখত উক্ত আবেদনৰ শুনানী গ্ৰহণ কৰাৰ পিছত ধুবুৰী জিলাৰ মুখ্য ন্যায়ধীশৰ আদালতে ভণ্ড সাংবাদিক ৰাজীৱ শৰ্মাৰ অগ্ৰিম জামিন নাকচ কৰে বুলি বাতৰিত প্ৰকাশ । যাৰ পৰিপ্ৰেক্ষিতত ভুক্তভোগীয়ে ধুবুৰী জিলাৰ প্ৰশাসনক ভণ্ড সাংবাদিক ৰাজীৱ শৰ্মাক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে । উল্লেখ্য যে , ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাত ভাৰতীয় দণ্ড বিধি আইনৰ ৩৭৬/৪২০/৪০৬/৪১৭ ধাৰাত ১৩৬৪/২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত আছে যদিও ধুবুৰী প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক তথা সাংবাদিক ৰাজীৱ শৰ্মা বৰ্তমান পলাতক বুলি জানিব পৰা গৈছে । মনকৰিবলগীয়া বিষয় হৈছে যে , উক্ত বিতৰ্কিত তথা ভণ্ড সাংবাদিক ৰাজীৱ শৰ্মাৰ বিৰুদ্ধে ধুবুৰী জিলা প্ৰশাসনে কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰে , সেয়াও লক্ষ্যনীয় বিষয় হৈ পৰিছে ।