ভদীয়া বানত প্লাবিত মৰিগাঁও , পবিতৰা অভয়াৰণ্যৰ বিস্তৃৰ্ণ এলেকা জলমগ্ন , বন্য জীৱ-জন্তুৰ খাদ্য সংকটৰ আকাংক্ষা , জিলা উপয়ুক্তক স্মাৰক পত্ৰ প্ৰদান মৰিগাঁও যুৱ ছাত্ৰ পৰিষদৰ

312

ভদীয়া বানত প্লাবিত মৰিগাঁও , পবিতৰা অভয়াৰণ্যৰ বিস্তৃৰ্ণ এলেকা জলমগ্ন , বন্য জীৱ-জন্তুৰ খাদ্য সংকটৰ আকাংক্ষা , জিলা উপয়ুক্তক স্মাৰক পত্ৰ প্ৰদান মৰিগাঁও যুৱ ছাত্ৰ পৰিষদৰ

ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ১ ছেপ্তেম্বৰ : ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ভদীয়া বানে সংহাৰি ৰূপ ধাৰণ কৰাৰ সমান্তৰালকৈ মৰিগাঁও জিলাৰ জাগীৰোড সমষ্টিৰ অন্তৰ্গত মায়ং অঞ্চলৰ লগতে লাহৰীঘাট সমষ্টিৰ প্ৰায়বোৰ অঞ্চল বৰ্তমান জলমগ্ন হৈ পৰিছে । এশিঙীয়া গঁড়ৰ বিচৰণ ভূমি পবিতৰা অভয়াৰণ্যৰ প্ৰায় ৯৮% শতাংশ অঞ্চল ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত ইতিমধ্যে বুৰ গৈছে । অভয়াৰণ্য খনৰ ভূমি জলমগ্ন হোৱাত বন্য জীৱ-জন্তুবোৰে নিৰাপদ ওখ ঠাইত আশ্ৰয় গ্ৰহণ কৰিছে । ইফালে , অভয়াৰণ্যখনৰ বিস্তৃৰ্ণ এলেকা পানীয়ে প্লাবিত কৰাৰ ফলত বন্য জীৱ-জন্তুবোৰৰ খাদ্য নাটনি হোৱাৰ আশংকা প্ৰকাশ কৰিছে ভাৰপ্ৰাপ্ত বন বিষয়া নয়ন জ্যোতি দাসে । বৰ্তমান পৰ্যন্ত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হৈ থকাৰ ফলশ্ৰুতিত স্থানান্তৰ কৰা হৈছে পবিতৰা বন বিভাগৰ ঘৰচীয়া হাতী সমূহ । প্ৰতিদিনে অভয়াৰণ্যখনৰ জলস্তৰ বৃদ্ধি হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি বন বিভাগৰ হাতীকেইটাক বুঢ়ামায়ং পাহাৰৰ বন শিবিৰলৈ ইতিমধ্যে স্থানান্তৰ কৰা হৈছে । আনহাতে,বিগত কেইদিনমানত মৰিগাঁও জিলাৰ ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰীয়া কিছু এলেকা বানৰ কবলত পৰিছে । বানাক্ৰান্ত এলেকা সমূহত বসবাস কৰা লোক সকলৰ লগতে পশুধন বিলাকেও সাংঘাতিক ধৰণে খাদ্যৰ অভাৱত পৰিছে । এনে দুৰ্যোগৰ সময়ত জিলা প্ৰশাসনৰ পৰা ব‍ানাক্ৰান্ত লোক সকলৰ লগতে পশুধনৰ খাদ্য সামগ্ৰী যোগান ধৰিবলৈ আহ্বান জনায় মৰিগাঁও জিলা যুৱ ছাত্ৰ পৰিষদে । জিলা খনত হৈ থকা গৰাখহনীয়াৰ স্থায়ী সমাধানৰ দাবী জনায় আজি মৰিগাঁও যুৱ ছাত্ৰ পৰিষদৰ সভাপতি দীপজ্যোতি বৈশ্য আৰু সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলমৰ স্বাক্ষৰিত এক স্মাৰক পত্ৰ জিলা উপায়ুক্তক প্ৰদান কৰি বানাক্ৰান্ত অঞ্চলসমূহত খাদ্য সামগ্ৰী যোগান ধৰাকে ধৰি খহনীয়া সমস্যা সমাধান কৰিবলৈকো দাবী জনায় ।