ভেঙেনাআটি গাঁও পঞ্চায়তৰ কাম-কাজৰ বুজ ললে বিধায়ক জিতু গোস্বামীৰ , সকলো বাট-পথ পুণৰ নিৰ্মাণ কৰাৰ নিৰ্দেশ

128
ভেঙেনাআটি গাঁও পঞ্চায়তৰ কাম-কাজৰ বুজ ললে বিধায়ক জিতু গোস্বামীৰ , সকলো বাট-পথ পুণৰ নিৰ্মাণ কৰাৰ নিৰ্দেশ
দুৰ্নীতিৰ দৰ্পণ সেৱা ,ৱাহিদুদ জামান , নগাঁও , ১৯ আগষ্ট : নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বেঙেনাআটি পঞ্চায়ত কাৰ্যালয়ত আজি উপস্থিত হয় বঢ়মপুৰৰ নৱ নিৰ্বাচিত বিধায়ক জিতু গোস্বামী । বিধায়ক গৰাকীয়ে আজি পঞ্চায়তটোত উপস্থিত হৈ পঞ্চায়তটোৰ উন্নয়নমূলক কাম কাজৰ বুজ লোৱাৰ লগতে খণ্ড উন্নয়ন বিষয়া , অভিযন্তা , পঞ্চায়ত সচিবকে ধৰি পঞ্চায়তটোৰ প্ৰতিনিধি সকলকৰ লগত এক আলোচনাত মিলিত হয় । ইয়াৰ পাছতে তেওঁ পঞ্চায়তৰ সভাগৃহত আয়োজিত এক সভাত অংশ গ্ৰহণ কৰি পঞ্চায়তটোৰ হিতাধিকাৰীৰ আৰু ৰাইজৰ লগতো মত বিনিময় কৰে । বিধায়ক গৰাকীয়ে বেঙেনাআটি গাওঁ পঞ্চায়ত এলেকাৰ জৰাজীৰ্ণ প্ৰতিটো বাট পথ এম জি এনৰেগা আঁচনিৰ জৰিয়তে অতি শীঘ্ৰে পুনৰ নিৰ্মাণ কৰিবলৈ পঞ্চায়ত কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে । তদুপৰি মূল পথ সমূহ SOPD আঁচনিৰ জড়িয়তে পুনৰ নিৰ্মাণ কৰাৰ আশ্বাস দিয়ে বিধায়ক গৰাকীয়ে । তেওঁ প্ৰসংগক্ৰমে কয় যে- বেঙেনাআটি গাওঁপঞ্চায়তৰ উন্নয়নমূলক কাম কাজত বাধা দিয়া ব্যক্তি সকল জেললৈ যাব লাগিব । পঞ্চায়ত কামত কোনো লোকে বাধা দিব নোৱাৰে । তেনে লোকক চৰকাৰে কোনো কাৰণতে ক্ষমা নকৰে । কোনো অনুপযুক্ত লোকে যাতে প্ৰধানমন্ত্ৰী গৃহ নিৰ্মান আঁচনিৰ হিতাধিকাৰী হ’ব নোৱাৰে , তাৰ প্ৰতি লক্ষ ৰাখি হিতাধিকাৰী তালিকাখন প্ৰস্তুত কৰিবলৈ পঞ্চায়ত সচিবক নিৰ্দেশ দিয়ে । সভাখনত পাখিমৰীয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া দীনেশ পেগু, পঞ্চায়ত সচিব অজিত বৰা, পঞ্চায়টোৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী চেহেনাছ চুলতানা, কনিষ্ঠ অভিযন্তা ক্ৰমে নুৰুল হক, ৱাচিউল হক,পঞ্চায়তৰ ৱাৰ্ড সদস্য সকল, বিজেপি ভোটাই পাঠৰি মণ্ডলৰ সভাপতি পদ্ম বৰুৱা, সম্পাদক ফাৰুক হুছেইন, ভোটাই পাঠৰী এছ চি মৰ্চাৰ সভাপতি ডিম্বেশ্বৰ বৰা, বিজেপি নেতা, জয়ন্ত বৰা, ছিদ্দিক হুছেইন, ৰঞ্জিত দাস আদৰ্শ কৃষক আনুৱাৰ হুছেইন আদি উপস্থিত থাকে ।