ভৱানীপুৰৰ উপ নিৰ্বাচনৰ অন্তিম দিনৰ প্ৰচাৰ অভিযানে উত্তাল কৰিলে পৰিৱেশ , আজমলৰ খৰচ মুখ্যমন্ত্ৰীয়ে বহন কৰিছে : ভূপেন বৰা

78

ভৱানীপুৰৰ উপ নিৰ্বাচনৰ অন্তিম দিনৰ প্ৰচাৰ অভিযানে উত্তাল কৰিলে পৰিৱেশ , আজমলৰ খৰচ মুখ্যমন্ত্ৰীয়ে বহন কৰিছে : ভূপেন বৰা

দুৰ্নীতিৰ দৰ্পণ সেৱা , সঞ্জীৱ দাস, ভৱানীপুৰ, ২৭ অক্টোবৰ ঃ ভৱানীপুৰ সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্তীম দিনটোত ৰাজনৈতিক দল সমূহৰ নিৰ্বাচনী প্ৰচাৰে পৰিৱেশ উত্তাল কৰি তোলে ।বিগত তিনিটা নিৰ্বাচনতে এ আই ইউ ডি এফে দখলত ৰখা ভৱানীপুৰ সমষ্টিটো এই উপ নিৰ্বাচনত হস্তগত কৰাটো এ আই ইউ ডি এফ বিজেপি আৰু কংগ্ৰেছৰ বাবে সন্মানৰ প্ৰশ্ন হৈ পৰিছে। কিন্তু এই পৰ্যন্ত এই তিনি দলৰ কোনোটোৱে সমষ্টিটো নিজৰ আয়ত্বলৈ অনাৰ স্পষ্ট ছৱি ওলোৱা নাই। প্ৰথম অৱস্থাত নিৰ্বাচনী বতাহজাক বিজেপিৰফাল গতি কৰিছিল যদিও বিগত তিনিটা দিনত কংগ্ৰেছৰ উত্থানত নিৰ্বাচনী ছৱিখন পূণৰ অস্পষ্ট হৈ পৰে। শেহতীয়া দৃশ্যপটতত প্ৰায় ৫২ হাজাৰ সংখ্যালঘু ভোটাৰৰ ভোট গৰিষ্ঠ সংখ্যক কংগ্ৰেছৰ পক্ষ্যলৈ যোৱাৰ সম্ভৱনা দেখা দিছে। এ আই ইউ ডি এফৰ প্ৰাৰ্থী জুব্বাৰ আলীয়ে যদি সংখ্যালঘূ ভোটাৰৰ ভোট বিভাজন ঘটাব নোৱাৰে তেতিয়া হলে বিজেপিৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰে বিপদত পৰিব পাৰে। ইফালে বড়ো, ভাষিক অসমীয়া আৰু বঙালীকে ধৰি অন্যান্য জাতি জনগোষ্ঠীৰ হিন্দু ভোটাৰৰ প্ৰায় ৯৪ হাজাৰ ভোটৰ যদি কংগ্ৰেছৰ প্ৰাৰ্থী শৈলেন্দ্ৰ নাথ দাসে পোন্ধৰ বিশ হাজাৰ টানিব পাৰে তেতিয়া হলে বিজেপিৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰে শলঠেকত পৰিব পাৰে। এই সমীকৰণৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী বতাহজাক নিজৰ পক্ষ্যলৈ বোৱাবলৈ উবুৰি খাই পৰিছে হাই প্ৰফাইল নেতা সকল। এই ক্ষেত্ৰত বিজেপিয়ে লক্ষণীয়ভাৱে নিৰ্বাচনী প্ৰচাৰত আগবাঢ়ি আছে যদিও কংগ্ৰেছ এ আই ইউ ডি এফো পিচ পৰি থকা নাই। সমষ্টিটোত মুখ্যমন্ত্ৰীয়ে চাৰিবাৰকৈ আহি আঠখন নিৰ্বাচনী প্ৰচাৰ চলায়। তেনেধৰণে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৫দিন ধৰি নিৰ্বাচনী প্ৰচাৰ চলাইছে ।ইপিনে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিনে আজমলে তিনিদিন ধৰি নিৰ্বাচনী প্ৰচাৰ চলায়। আজি শাসক দলৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৰুপেটাত, কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে শালবাৰীত আৰু বদৰুদ্দিনে এডিপি বজাৰত নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰচাৰ চলোৱাৰ বিপৰীতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই আজি পুৱা আঠ বজাৰ পৰা নিৰ্বাচনী প্ৰচাৰ চলায়। কংগ্ৰেছৰ সভাপতি গৰাকীয়ে শুকমানাহত আয়োজন কৰা প্ৰথমখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰে। ইয়াৰ পিচতে ভৱানীপুৰ দক্ষিণহাটী, হাঠিনাপুৰ আদিকে ধৰি সৰু বৰ দহখন নিৰ্বাচনী সভাত প্ৰচাৰ চলায়। শুকমানাহত আয়োজন কৰা নিৰ্বাচনী প্ৰচাৰ সভাখনত সভাপতি ভূপেন বৰাক মুখ্যমন্ত্ৰী, বদৰুদ্দিনে আজমল আৰু সৰ্বানন্দ সোনোৱালৰ প্ৰতি আক্ৰমানাত্মক হৈ পৰা দেখা যায়। বৰপেটা জিলা কংগ্ৰেছ সভাপতি আব্দুল ৰহিম খানৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ভূপেন বৰাই বিজেপি দলক সমালোচনা কৰি কয়, শংকৰ মাধৱ আজান ফকীৰৰ বৰ অসম খনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজৰ একতা বিজেপিয়ে নিবিচাৰে। হিন্দু মুছলিমৰ শ্লগাণেৰে ধৰ্মীয় মেৰুকৰণেৰে ৰাজনৈতিক মুনাফা আদায়ৰ বাবে ভাষিক যুঁজৰ প্ৰস্তুতি চলাইছে । মৌলবাদী মুছলিমৰো থাকে, হিন্দুৰো থাকে, খ্ৰীষ্টিয়ানৰো থাকে। আমাৰ মুখ্যমন্ত্ৰীৰ আসনখনত বহি আছে এজন নকল হিন্দু মৌলবাদী। ধৰ্মৰ নামত জাতপাতৰ ওপৰত বিজেপিয়ে আক্ৰমণ কৰিছে। এই মাতাল হাতীক অহা ৩০ তাৰিখে বস কৰিব লাগিব। ২০ ২৪ত ৰক্ষা নাই। ইয়াৰ আগতে উপ নিৰ্বাচনত ভৱানীপুৰৰ ৰাইজে দেখুৱাই দিব ৰাইজৰ শক্তি কিমান । বিপুল সংখ্যক ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থী শৈলেন্দ্ৰ নাথ দাসে জয় লাভ কৰিব বুলি দাবী কৰি তেওঁ আৰু কয়, বদৰুদ্দিনে বিগত নিৰ্বাচনত কংগ্ৰেছৰ চেলাইন লৈ জীয়াই আছিল। এতিয়া চেলাইন খুলি দিয়া হৈছে। এই উপ নিৰ্বাচনত চাব এ আই ইউ ডি এফৰ অৱস্থা কি হব। আজি ইয়ালৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বদৰুদ্দিন আহিব কিন্তু মুখ্যমন্ত্ৰীৰ খৰচত আহিব। হিমন্তই কয় মুছলমানৰ ভোট নালাগে কিন্তু বদৰুদ্দিনে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কৈ গোপন বুজা বুজিৰ কথা কোৱা নাই নে বুলি তেওঁ প্ৰশ্ন কৰে। প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালকো সমালোচনা কৰি কয় যে দুৰ্নীতি মুক্ত, নিবনুৱা মুক্ত, বিদেশীমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি ৰাইজক দিছিল। কিন্তু লুইচবাৰ্জাৰ, সাৰদা কেলেংকাৰীত হাৰ মানি আত্মসমৰ্পণ কৰি সাগৰৰ পাৰত বতাহ খাই আছে।সম্প্ৰতি সকলো মানুহ গৰিব হৈ গৈ আছে কিন্তু নিজে সম্পত্তিৰ পাহাৰ গঢ়ি সাগৰীয় জাহাজ কিনিবলৈ লৈছে । এক সময়ত অসম চুক্তিক সৰ্বানন্দ সোনোৱালে গীতা বাইবে কোকোৰাণ বুলি কৈছিল। কিন্তু খৰ্গেশ্বৰ তালুকদাৰৰ তেজেৰে স্বাক্ষৰিত অসম চুক্তিখনৰ আত্মাটো হত্যা কৰা সোনোৱালৰ পুলিচ বাহিনীয়ে কা আন্দোলন কৰাৰ বাবে ভৱানীপুৰৰ আব্দুল আলিমকো হত্যা কৰিলে বুলি আক্ষেপ প্ৰকাশ কৰে। প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই আজি ভৱানীপুৰত কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী শৈলেন্দ্র নাথ দাসৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায় বিজয়ৰ বাবে বিজেপিৰ কোনো সমীকৰণ নাই বুলিও দাবী কৰে। কংগ্ৰেছৰ এই নিৰ্বাচনী প্ৰচাৰ অভিযানত প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, সাংহদ আব্দুল খালেক, প্ৰাক্তণ সাংহদ আব্দুল হামিদ, প্ৰাক্তণ মন্ত্ৰী নজৰুল ইছলাম, ভবানীপুৰ সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাক্তণ বিধায়ক তথা কংগ্ৰেছত সদ্য যোগ দান কৰা আবুল কালাম আজাদ, দলৰ ববিয়া দিপাংকৰ দাস, অমলেশ তালুকদাৰ, ধনজিৎ তালুকদাৰকে ধৰি ভালে সংখ্যক নেতাই অংশ গ্ৰহণ কৰে ।ইয়াৰ ফালে ভৱানীপুৰ সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী শৈলেন্দ্র নাথ দাসে এটা সঁজাতি দলৰ লগত গাৱে ভূঞে গৈ ভোট ভিক্ষা মাগে।