মহাপুৰুষ শংকৰদেৱৰ ৪৫২ সংখ্যক তিৰোভাৱ তিথি , ভূপেন হাজৰিকাৰ ৯৬ তম্ জন্মদিনত হৰিনামৰ অমৃত ধ্বনিৰে মুখৰিত উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতন

176

মহাপুৰুষ শংকৰদেৱৰ ৪৫২ সংখ্যক তিৰোভাৱ তিথি , ভূপেন হাজৰিকাৰ ৯৬ তম্ জন্মদিনত হৰিনামৰ অমৃত ধ্বনিৰে মুখৰিত উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতন

দুৰ্নীতিৰ দৰ্পণ সেৱা , পঙ্কজ নাথ, চাংসাৰি, ৮ ছেপ্টেম্বৰ : উত্তৰ গুৱাহাটী অগ্ৰনী শৈক্ষিক প্ৰতিষ্ঠান উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত আজি বুধবাৰে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৪৫২ সংখ্যক তিৰুভাৱ তিথিৰ লগতে বিশ্ববৰেণ্য শিল্পী , সাহিত্যিক সুধাকন্ঠ ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৬ তম্ জন্মদিন হৰ্ষোল্লাসৰ মাজেৰে পালন কৰা হয় । বন্তি জ্বলাই অনুষ্ঠানৰ শুভাৰম্ভ কৰে পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামী আৰু উপপ্ৰধান আচাৰ্য জগদীশ শৰ্মাই । বিশিষ্ট শিল্পী সংগীত আচাৰ্যা মনিকা মুদৈয়ে আঁত ধৰা সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিতে বৰগীত আৰু ভূপেন্দ্ৰ সঙ্গীত পৰিৱেশন কৰে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ দৃষ্টিহীন ছাত্ৰ হৰেশ্বৰ দাসে । নিকেতনৰ তিনি গৰাকী ছাত্ৰী হৃশিতা পাৰাশৰ,মহিমা তালুকদাৰ , জুপি বৰাই পৰিবেশন কৰা বৰগীত আৰু নৃত্যই সকলোকে মন্ত্ৰমুগ্ধ কৰে । উৎসৱত প্ৰধান আচাৰ্য উৎপল তালুকদাৰে সংস্কৃতি বোধ পৰিযোজনাৰ অন্তৰ্গত আচাৰ্য সকলৰ ৰচনা প্ৰতিযোগিতাত ৫ ম স্হান লাভ কৰা উত্তৰ গুৱাহাটী শংকৰদেৱৰ হিমাক্ষী ডেকা আচাৰ্যাক বঁটা প্ৰদান কৰে । আজিৰ অনুষ্ঠানৰ আকৰ্ষণীয় দিশো আছিল আচাৰ্য আচাৰ্যা সকলে হৰিনাম কীৰ্তনেৰে বিদ্যালয় পৰিসৰ মুখৰিত কৰি তোলা । কেইবা ঘন্টা জুৰি চলা সত্ৰীয়া সংস্কৃতিক অনুষ্ঠানৰ শেষত মাহ প্ৰসাদ বিতৰণ কৰা হয় । আনহাতে , চাংসাৰি আৰু ধোপাটাৰীৰ লগতে ওচৰ পাজৰৰ ঠাইসমূহৰ নামঘৰ সমূহত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি কভিড বিধি পালন কৰা হৈছে বুলি জানিব পৰা গৈছে ।