মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম স্থান বটদ্ৰৱা থানত ভাদ মাহৰ নাম ৰখাত ব্যস্ত ভকত বৈষ্ণৱ , সামাজিক দূৰত্বতা ৰক্ষা কৰি দৰ্শনাৰ্থীক আদৰিবলৈ সাজু থান পৰিচালনা সমিতি

776

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম স্থান বটদ্ৰৱা থানত ভাদ মাহৰ নাম ৰখাত ব্যস্ত ভকত বৈষ্ণৱ , সামাজিক দূৰত্বতা ৰক্ষা কৰি দৰ্শনাৰ্থীক আদৰিবলৈ সাজু থান পৰিচালনা সমিতি

দুৰ্নীতিৰ দৰ্পণ সেৱা,নজৰুল ইছলাম , বটদ্ৰৱা, ১৭ আগষ্টঃ অসমীয়া জাতীয় জীৱনত সংস্কৃতিৰ অনুশীলনৰ মাহ হিছাপে পৰিগনিত হোৱা ভাদ মাহত অসমৰ বৈষ্ণৱ ধৰ্মাৱলম্বী ৰাইজৰ মাজত এক আনন্দময় ভক্তিৰসৰ সঞ্চাৰ ঘটে । পুৱাৰ পৰা নিশা এপৰলৈকে গায়নৰ গীতৰ ৰাগ,বায়নৰ খোলৰ চাপৰ,হৰি নামৰ অমল ধ্বনি,ভাও ভাৱৰীয়াৰ বিলাপৰ সুৰত কৃষ্ণ ভক্তিৰ নান্দনিক পৰিৱেশত মুখৰিত হয় অসমৰ প্রতিখন গাঁৱৰ প্রতিটো চুবুৰী,প্রতিখন চহৰ-নগৰৰ উপকন্ঠ অঞ্চল । গুৰুজনাৰ জন্মধাম বটদ্রৱাটো আজি শাওন ভাদৰ সংক্ৰান্তি উপলক্ষে এক উখল-মাখল ধৰ্মীয় সাংস্কৃতিক পৰিৱেশৰ সূচনা হৈছে । বটদ্রৱাৰ ঐতিহ্যময় দুই সত্রৰ ভকত বৈষ্ণৱ আৰু আইমাতৃ সকলে ভাদ মাহৰ পৰম্পৰাগত ঐতিহ্যক জীপাল কৰি তুলিবৰ বাবে আজিৰে পৰা প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে । পবিত্র ভাদমাহত হৰিনামৰ ধ্বনিৰে মুখৰিত হ’ব ৰাজ্যৰ,নামঘৰ,সত্ৰ । বটদ্ৰৱা থানলৈ আগমন ঘটিব দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে ভকত বৈষ্ণৱ । বিগত বছৰৰ দৰে এইবেলিও কৰো’ণাৰ সন্ত্ৰাস চলি থকাৰ বাবে সীমিত সংখ্যক ভকত বৈষ্ণৱৰ জৰিয়তে ভাদ মাহৰ পৰম্পৰাগত নাম প্ৰসঙ্গ চলাবলৈ আগবাঢ়িছে শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতি । মাস্ক , চেনিতাইজাৰ ব্যৱহাৰ আৰু সামাজিক দূৰত্বতা অক্ষুন্ন ৰাখি তীৰ্থযাত্ৰীক আদৰিবলৈ এতিয়া দিনে নিশাই ব্যস্ত হৈছে পৰিচালনা সমিতিৰ সেৱক সকল । দ্বিতীয় পালি ভেকচিন গ্ৰহন কৰা সকলকহে বটদ্ৰৱা থান প্ৰাঙ্গনত প্ৰৱেশ কৰিবলৈ পৰিচালনা সমিতিয়ে ধৰাবন্ধা নিৰ্দেশনা দিছে । ভকত বৈষ্ণৱ তথা স্থানীয় ৰাইজে মিলি থান প্ৰাংগণৰ বিভিন্ন স্থান পৰিস্কাৰ কৰাত ব্যস্ত হৈ পৰিছে । ইতিমধ্যে পৰিচালনা সমিতিয়ে ভকত বৈষ্ণৱে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় , তাৰ বাবে বিশুদ্ধ খোৱাপানী , প্ৰসাদ দিয়া স্থান,অতিথিশালা,জিৰণিচ’ৰা,গাড়ী পাৰ্কিং আদি সকলো স্বচ্ছতা সম্পূৰ্ণ কৰি তুলিছে । ইয়াৰোপৰি বটদ্ৰৱা থানৰ কীৰ্তনঘৰৰ নৱীকৰণৰ কাম চলি থকাৰ পৰিপ্ৰেক্ষিপটত নাটঘৰত অস্থায়ীভাৱে গুৰু আসন প্ৰতিষ্ঠা কৰি ওঠৰ প্ৰসঙ্গৰে ভাদ মাহৰ পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠানৰ ৰীতি নীতি আৰু ঐতিহ্যৰে জীপাল হৈ উঠিব । জগত গুৰুজনাৰ পবিত্র জন্মস্থান বটদ্রৱা থানত পবিত্র ভাদ মাহৰ পৰম্পৰাগত ঐতিহ্যক সৰোগত কৰি অনুষ্ঠিত হ’বলগিয়া ওঠৰ প্রসঙ্গৰ প্ৰথমটো কাৰ্য্যসূচী পুৱতি নিশা তালকোবোৱাৰে আৰম্ভ হৈ নিশা শেষপাল প্ৰসঙ্গৰে সামৰণি পৰিব । ভাদ মাহৰ নাম ৰখা কাৰ্যসূচীৰ আজি শাওন ভাদৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈছে । আজি পুৱাবেলা শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ কীৰ্তন ঘৰত পৰিচালনা সমিতিৰ সভাপতি সম্পাদক আৰু সদস্য সকলৰ উপস্থিতিত দুই সত্ৰৰ গায়ন বায়ন,নামলগোৱা আৰু ভকত বৈষ্ণৱক উদ্দেশ্যি ভাদমাহৰ পৰম্পৰাগত ওঠৰ প্ৰসঙ্গৰ কাৰ্য্যসূচী শৃঙ্খলা বদ্ধভাৱে চলাই নিয়াৰ বাবে তামোল পান আগবঢ়ায় এভাগি ঘোষা গায় জননী দিয়াৰ পিছৰে পৰা শাওনৰ সংক্ৰান্তিৰ পৰা ভাদৰ সংক্ৰান্তিলৈ এমাহজুৰি নামৰখা কাৰ্য্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ ঘটিল । প্ৰকাশ থাকে যে , কৰোণা পৰিস্থিতিৰ বাবেই এইবেলি ভাদমাহত বটদ্ৰৱাত পৰম্পৰাগত কোনো ভাওনা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছে যদিও ক’ভিড পৰিৱেশৰ উন্নতি ঘটিলে প্ৰশাসন আৰু স্বাস্থ্যবিভাগৰ লগত আলোচনা মৰ্মে ভাওনা কৃষ্টি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব । তাৰ পৰিবৰ্তে ওঠৰ প্ৰসঙ্গৰ নাম কীৰ্তনেৰে দুজনাগুৰুৰ তিথি মহোৎসৱ,শ্ৰীশ্ৰী কৃষ্ণৰ জন্মাষ্টমী উৎসৱ আৰু নাম সামৰণিৰ দৰে বটদ্ৰৱাৰ ঐতিহাসিক পৰম্পৰা পূৰ্বৰ দৰেই অনুষ্ঠিত হ’ব । ইয়াৰোপৰি শ্রীশ্রী শ’লগুৰি আৰু শ্রীশ্রী নৰোৱা সত্রৰ ভকত-বৈষ্ণৱে গুৰুজনে নিজে নিৰ্মাণ কৰা বৰদোৱাৰ ঐতিহাসিক কীৰ্তন ঘৰৰ পিৰালীত বহি সমগ্র ভাদ মাহ জুৰি নিৰৱিছিন্ন ভাৱে “ অ’ হৰি মোৰ বান্ধৱ,কৃষ্ণ হৰি,ৰাম ৰাম ৰাম ৰাম…” শীৰ্ষক নিৰক্ষৰী ঘোষাৰে পাল পতি পাতি নাম ডকা এক অপূৰ্ব পৰম্পৰা গোটেই মাহজুৰি চলিব ।