মানকাচৰত চাৰিটা কৈ প্ৰধান মন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ পথৰ আধাৰশিলা স্থাপন বিধায়ক আমিনুল ইছলামৰ

61

মানকাচৰত চাৰিটা কৈ প্ৰধান মন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ পথৰ আধাৰশিলা স্থাপন বিধায়ক আমিনুল ইছলামৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , মানকাচৰ , ২৭ আগষ্ট : মানকাচৰ সমষ্টিৰ ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত বহুতো সময়ত বহুতো অসুবিধাৰ সন্মুখীন হৈ অহা নতুন কথা নহয় । সকলো প্ৰকাৰে পিছপৰি থকা সমষ্টিখনৰ উন্নয়নৰ প্ৰতি গুৰুত্ব দিয়া দেখা গৈছে মানকাচৰৰ নৱ নিৰ্বাচিত বিধায়ক আমিনুল ইছলামক । দুদিনতে চাৰিটাকৈ পথৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক বিধায়ক আমিনুল ইছলামে। প্ৰধান মন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত চাৰিটাকৈ পথৰ আধাৰশিলা স্থাপন কৰে বিধায়ক গৰাকীয়ে। ময়নাবান্ধাৰ পৰা বোচাকাটা হৈ ভুৰাকাটা লৈ যোৱা ৯ কিলোমিটাৰ পথৰ আধাৰশিলা স্থাপন কৰি হাটশিঙিমীৰী ৰোডৰ পৰা ধানুৱা লৈ যোৱা ৬ কিলোমিটাৰ পথৰ আধাৰশিলা স্থাপন কৰে। দুয়োটা পথৰ কাম সম্পূৰ্ণ হলে ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত এক নতুন গতি লাভ কৰিব বুলি বিধায়ক আমিনুল ইছলামে মন্তব্য কৰে। ইফালে , মানকাচৰৰ পূৰ্বাঞ্চলৰ বাঘাপাৰা গাঁও পঞ্চায়তত দুখনকৈ পকী পথৰ আধাৰশিলা স্থাপন কৰে। মানকাচৰৰ পূৰ্বাঞ্চলৰ চোমৰাশালীৰ পৰা মলামাৰী হৈ কুটিৰঘাট লৈ যোৱা ৪.৩০ কিলোমিটাৰ পকী পথৰ আধাৰশিলা স্থাপন কৰি বানশালীৰ পৰা পুঠিমাৰী হৈ জাংগাল চাৰি আলি লৈকে ৩.২২ কিলোমিটাৰ পকী পথৰ আধাৰশিলা স্থাপন কৰে বিধায়ক আমিনুল ইছলামে। চাৰিটাকৈ পকী পথৰ আধাৰশিলা স্থাপন কৰি বিধায়ক আমিনুল ইছলামে সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় , মই নিৰ্বাচনৰ আগত ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছো । ৰাইজৰ সমস্যা সমাধানৰ প্ৰতি মই সঘনাই গুৰুত্ব দিবলৈ চেষ্টা কৰিম । লগতে প্ৰধান মন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত ঠিকা লাভ কৰা ঠিকাদাৰ সকলোক ৰাস্তাৰ কামৰ যাতে গুণগতভাৱে ভাল হয় , তাৰ ভাৱে ঠিকাদাৰ সকলোক নজৰ ৰাখিবলৈ আহ্বান জনায়। আধাৰশিলা স্থাপন কৰাৰ সময়ত মানকাচৰৰ লোক নিৰ্মাণ বিভাগৰ ফালৰ পৰা উপস্থিত থাকে সহকাৰী কাৰ্য্যকাৰী অভিযন্তা আক্তাৰ আলী,কনিষ্ঠ অভিযন্তা ছানোৱাৰ হোছেইন, কনিষ্ঠ অভিযন্তা আৰিফ হোছেইন ইউ ডি এফৰ জিলা সভাপতি নজমুল আৰফিন,ডোৰডাংগা কুচনিমাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ অভিভাৱক আনোৱাৰ হোছেইন,বাঘাপাৰা গাঁও পঞ্চায়তৰ সভাপতি সোলেমান হাজৰিকা,কালাপানী গাওঁ পঞ্চায়তৰ সভাপতি মজিবৰ ৰহমান,বেঙেৰ ভিটা গাওঁ পঞ্চায়তৰ সভাপতি আমজাত হোছেইন মোল্লাৰ লগতে ইউ ডি এফৰ জেষ্ঠ্য কৰ্মীসকল ।