মানকাচৰৰ আৰক্ষীৰ বৃহৎ সাফল্য , ২৪৫০ নিচাজাতীয় কেপচুল সহ এজনক গ্ৰেপ্তাৰ

440

মানকাচৰৰ আৰক্ষীৰ বৃহৎ সাফল্য , ২৪৫০ নিচাজাতীয় কেপচুল সহ এজনক গ্ৰেপ্তাৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , মানকাচৰ , ৬ ছেপ্টেম্বৰ ঃ সমগ্ৰ ৰাজ্যৰ লগতে দক্ষিণ শালমাৰা মানকাচাৰ জিলাতো ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান অব্যাহত আছে । মানকাচৰ থানাৰ অন্তৰ্গত পূবেৰগাওঁত যোৱা নিশা গোপন সূত্ৰই পম খেদি মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতাই চন্দ্ৰ ৰায়ে ২৪৫০ টা নিচাজাতীয় কেপচুল সহ জিয়াদুৰ ৰহমান নামৰ এজন অসাধু ব্যৱসায়িক গ্ৰেপ্তাৰ কৰে । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মদ , ভাং , নিচাজাতীয় কেপচুল, টেবলেট আদি বন্ধ কৰাৰ বাবে ৰাজ্যৰ আৰক্ষী বিভাগক যুদ্ধকালীন ভাবে ব্যৱস্থা লবলৈ নিদেৰ্শ দিয়াত আৰক্ষী বিভাগে সজাগ হৈছে । জানিব পৰা মতে , চলিত বছৰৰ এপ্ৰিল মাহৰ পৰা বৰ্তমানলৈ দঃশালমাৰা মানকাচৰ জিলাৰ আৰক্ষীয়ে এশৰো অধিক নিচাজাতীয় কেপচুল আদি সৰবৰাহ কৰা অসাধু ব্যৱসায়িক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে । ইপিনে , ধৃত জিয়াদুৰ ৰহমানক অধিক তথ্যৰ বাবে আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে । কাইৈল আদালতৰ যোগেদি জেল হাজতলৈ প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে । মনকৰিবলগীয়া কথা যে , নিতাই চন্দ্ৰ ৰায়ে মানকাচৰ আৰক্ষী থানাত যোগদান কৰাৰ পিছৰেই পৰা মানকাচৰত ড্ৰাগছৰ বিৰুদ্ধে এক প্ৰকাৰ জেহাদ ঘোষণা কৰিছে । মানকাচৰৰ পৰা ড্ৰাগছ নিৰ্মূল কৰাৰ বাবে ন ন কৌশল অব্যাহত ৰাখিছে নিতাই চন্দ্ৰ ৰায়ে ।