মাৰ্ঘেৰিটাৰ মানৱ দৰদী চিকিৎসক ডঃ সঞ্জীৱ সোণোৱালক চিল্ড্ৰেন ফ্ৰেণ্ডছ ক্লাবৰ সম্বৰ্ধনা

72

মাৰ্ঘেৰিটাৰ মানৱ দৰদী চিকিৎসক ডঃ সঞ্জীৱ সোণোৱালক চিল্ড্ৰেন ফ্ৰেণ্ডছ ক্লাবৰ সম্বৰ্ধনা

দুৰ্নীতিৰ দৰ্পণ সেৱা , মাৰ্ঘেৰিটাৰ পৰা বিকাশ বৰুৱা , ১৮ ছেপ্তেম্বৰঃ সমগ্ৰ বিশ্বজুৰি ক’ৰোনাই ভয়াবহ ৰূপ ধাৰণ কৰি থকা সময়তো নিস্বাৰ্থ ভাৱে দৰিদ্ৰ নিচলা লোকক চিকিৎসা সেৱা আগবঢ়োৱা মানৱ দৰদী চিকিৎসক ডঃ সঞ্জীব সোণোৱালক শুক্ৰবাৰে চিল্ড্ৰেন ফ্ৰেণ্ডছ ক্লাৱৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ডঃ সঞ্জীব সোণোৱাল তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ মহকুমাৰ অন্তৰ্গত উত্তৰ-পূৱ কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাৰ কেন্দ্ৰীয় চিকিৎসালয় কৰ্মৰত। মানৱ দৰদী চিকিৎসকজনৰ এই মহানুভৱতা বাৱে মাৰ্ঘেৰিটা এটি অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান চিল্ড্ৰেন ফেণ্ডছ ক্লাৱে শুক্ৰবাৰে আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। এই সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানত উপস্থিত থাকে মাৰ্ঘেৰিটাৰ জেষ্ঠ্য সাংবাদিক তথা মাৰ্ঘেৰিটা মহকুমা সাংবাদিক সন্থাৰ সভাপতি আৰ পি আমেদকাৰ, মাৰ্ঘেৰিটাৰ বিশিষ্ট সমাজ কৰ্মী উমেশ বৰা,চিল্ড্ৰেন ফ্ৰেণ্ডছ ক্লাৱৰ প্ৰতিষ্ঠাপক পাপু শ্বাহৰ লগতে অঞ্চলটো বহু কেইজন গণ্য-মান্য ব্যক্তি।