মুক্ত কবি কন্ঠ আন্তৰ্জাতিক কবি মঞ্চৰ বিশেষ বটাঁ জামুগুৰিহাটৰ নৱপ্ৰজন্মৰ প্ৰতিভাৱান সাংবাদিক চন্দন শৰ্মালৈ

148

মুক্ত কবি কন্ঠ আন্তৰ্জাতিক কবি মঞ্চৰ বিশেষ বটাঁ জামুগুৰিহাটৰ নৱপ্ৰজন্মৰ প্ৰতিভাৱান সাংবাদিক চন্দন শৰ্মালৈ

দুৰ্নীতিৰ দৰ্পণ , নিউজ ডেক্স , ৪ অক্টোবৰঃ সাহিত্য আৰু কাব্যিক জগতৰ লগতে বৌদ্ধিক ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়াই অহা সাহিত্য তথা কাব্য মঞ্চ “মুক্ত কবি কন্ঠ আন্তৰ্জাতিক কবি মঞ্চই” অহা ইং ২৬ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগীয়া “মুক্ত কবি কন্ঠ আন্তৰ্জাতিক কবি মঞ্চৰ” বিশেষ বটাঁ প্ৰদান অনুষ্ঠানত অসমৰ পাঁচজন নতুন প্ৰজন্মৰ সাংবাদিকক তেওঁলোকৰ কৰ্ম,প্ৰতিভা আৰু উদ্যমৰ বাবে বিশেষ বটাঁ প্ৰদান কৰাৰ কথা ঘোষণা কৰে । লক্ষীৰাম বৰুৱা ভৱন,অসম সাহিত্য সভা,গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত বহুকেইখন গ্ৰন্থ উন্মোচনৰ লগতে এইবাৰ মুক্ত কবি কন্ঠ বঁটা ১৮০ জন কবিক প্ৰদান কৰিব । উক্ত অনুষ্ঠানতে অসমৰ পাঁচজন নতুন প্ৰজন্মৰ সাংবাদিকক প্ৰদান কৰিবলগীয়া বিশেষ বটাঁৰ বাবে শোণিতপুৰ জিলা তথা চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ ৰঙাচকুৱাৰ যুৱ সাংবাদিক চন্দন শৰ্মাৰ নাম ঘোষণা কৰাত শোণিতপুৰবাসী ৰাইজে আনন্দ প্ৰকাশ কৰাৰ লগতে “মুক্ত কবি কন্ঠ আন্তৰ্জাতিক কবি মঞ্চৰ” এনে পদক্ষেপৰ বাবে বহু শলাগ লৈছে । উল্লেখ্য যে , ২০১৭ চনৰ পৰা সংবাদ মাধ্যমৰ লগত জড়িত হৈ জামুগুৰিহাটৰ স্থানীয় সাংবাদিক ৰূপে গুৱাহাটী আৰু ধুবুৰীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকত “দুৰ্নীতিৰ দৰ্পণ”ত সাংবাদিকতা সেৱা আগবঢ়োৱা চন্দন শৰ্মাই জিলাখনৰ লগতে জামুগুৰিহাট অঞ্চলৰ বিভিন্ন প্ৰান্তৰ সংবাদ মাধ্যমৰ জড়িয়তে নিৰ্ভিক আৰু নিষ্ঠা সহকাৰে আপোচবিহীন এজন সংবাদকৰ্মী হিচাবে সমাজৰ সেৱা আগবঢ়াই নিজৰ এক সুকীয়া পৰিচয় দিবলৈ সক্ষম হৈছে । “মুক্ত কবিকন্ঠ আন্তৰ্জাতিক কবি মঞ্চই” বিশেষ বটাঁৰ বাবে নিৰ্বাচিত কৰাত উৎফুল্লিত হৈ পৰিছে জামুগুৰিহাট তথা চতিয়া সমষ্টিৰ ৰাইজৰ লগতে যুৱ সাংবাদিক চন্দন শৰ্মাৰ পিতৃ-মাতৃৰ লগতে তেওঁৰ পৰিয়ালবৰ্গই ।