মুখ্যমন্ত্ৰীক বাঁহৰ পাগুৰি আৰু বাঁহৰ গামোছা উপহাৰ

69

মুখ্যমন্ত্ৰীক বাঁহৰ পাগুৰি আৰু বাঁহৰ গামোছা উপহাৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা, বেচামাৰি ,২৬ আগষ্ট : নগাঁও জিলাৰ ধিঙৰ এগৰাকী সাধাৰণ যুৱকৰ অসাধাৰণ কাম-কাজে গৌৰাৱাম্বিত কৰি তুলিছে সমগ্ৰ ধিংবাসীক ৷ ধিং বেটকাতি বালিগাঁৱৰ ভৰত জ্যোতি দেৱনাথ নামৰ এই সাধৰণ যুৱক গৰাকীৰ শেহতীয়া কিছু কাম কাজে অঞ্চলবাসীৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে ৷ আজি এই যুৱক গৰাকীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক নিজ হাতেৰে প্ৰস্তুত কৰি উলিওৱা বাঁহৰ পাগ আৰু বাঁহৰ গামোছা উপহাৰ দি সমগ্ৰ ধিং বাসীকে গৌৰাৱাম্বিত কৰি তুলে ৷ আজি মুখ্যমন্ত্ৰী গৰাকীৰ কাৰ্যালয়ত উপস্থিত থাকি দেৱশ্ৰী আৰু ভৰত জ্যোতি নাথে বাঁহৰ এই প্ৰস্তুত সামগ্ৰী মুখ্যমন্ত্ৰী গৰাকীলৈ উপহাৰ স্বৰুপে আগবঢ়ায় ৷ যুৱক জনৰ এই উপহাৰ সামগ্ৰী লাভ কৰি বিশেষ ভাৱে উৎফুল্লিত হৈ পৰে মুখ্যমন্ত্ৰী গৰাকী৷ যুৱক গৰাকীৰ উপহাৰ ৰাজিক সন্মান সহকাৰে গ্ৰহণ কৰি তেওঁক প্ৰসংশাৰে উপচাই দিয়াৰ লগতে বিশেষ ভাৱে উৎসাহ-উদ্দীপনা যোগায় ৷ যুৱক জনৰ ‘এটি সপোনৰ আৰম্ভণি’ শীৰ্ষক কাৰ্যসূচীৰে আৰম্ভ কৰা সামাজিক কামকাজৰো খবৰ লয় মন্ত্ৰী গৰাকীয়ে ৷ লগতে ভৰত জ্যোতিয়ে নিজে স্থাপন কৰা ‘বেম্ব’ কষ্টিওম এণ্ড ক্ৰাফ্ট’ নামৰ প্ৰতিষ্ঠানটোৰ বেনাৰত চলাই থকা কামকাজৰো বুজ লয় আৰু তাক পৰিচালনা কৰিবৰ বাবে উৎসাহ যোগোৱাৰ লগতে প্ৰতিষ্ঠানটিলৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ মুখ্যমন্ত্ৰী গৰাকীৰ এই আশ্বাস বাণীত উৎসাহিত হৈ পৰে ভৰত জ্যোতি দেৱনাথ ৷ উল্লেখ যোগ্য যে , এই সাধাৰণ যুৱকজনে নিজৰ শিপা ধৰি ৰখাৰ আপ্ৰান চেষ্টাও অব্যাহত ৰাখিছে বৰ্তমান সময়ত ৷ যুৱকজনে নিজে স্থাপন কৰা ‘বেম্ব’ কষ্টিওম এণ্ড ক্ৰাফ্ট’ নামৰ প্ৰতিষ্ঠানটোৰ বেনাৰত ইতিমধ্যে বাহেঁৰে নিৰ্মাণ কৰা সত্ৰীয়া নৃত্যৰ সাজ , কৃষ্ণ নৃত্যৰ সাজ, গামোছা, পানী বটল, ফ্লাক্স আৰু অসমীয়া গহনাই ইতিমধ্যে সংবাদ শিৰোনামা দখল কৰিবলৈ সক্ষম হৈছে ৷ পেছাত এগৰাকী গাড়ী চালক হিচাপে যোৱা বছৰলৈকে জীৱননিৰ্বাহ কৰা এই যুৱকজনৰ জীৱনধাৰণৰ প্ৰণালী লক্‌ডাউনে সম্পূৰ্ণৰূপে সলনি কৰি পেলালে ৷ বৰ্তমান এইজন যুৱক ব্যস্ত সাচিগছৰ ছালেৰে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজী সাঁচিপাত প্ৰস্তুত কৰাত৷ এখন সম্পূৰ্ণ পুথিৰ জুখেৰে ইতিমধ্যে সাচিঁপাত প্ৰায় প্ৰস্তুত সম্পূৰ্ণ কৰি তুলিছে যুৱকজনে । ভৰত জ্যোতি নাথে আজি মুখ্যমন্ত্ৰী গৰাকীক আগবঢ়োৱা উপহাৰ সামগ্ৰীৰ বাবে ধিং বাসীয়ে তেওঁলৈ কৃতজ্ঞতা জ্ঞাপন কৰে ৷