মুখ্যমন্ত্ৰীৰ কোভিড-১৯ বিধৱা সাহায্য আঁচনিৰ অধীনত বিশ্বনাথত পীযুষ হাজৰিকাৰ হিতাধিকাৰীক চেক প্ৰদান

104

মুখ্যমন্ত্ৰীৰ কোভিড-১৯ বিধৱা সাহায্য আঁচনিৰ অধীনত বিশ্বনাথত পীযুষ হাজৰিকাৰ হিতাধিকাৰীক চেক প্ৰদান

দুৰ্নীতিৰ দৰ্পণ সেৱা,ছয়নিকা ডেকা, বিশ্বনাথ , ২৬ আগষ্ট : বিশ্বনাথ জিলাৰ ‘অভিভাৱক মন্ত্ৰী’ তথা অসম চৰকাৰৰ জলসম্পদ , তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাদেৱে আজি বিশ্বনাথ চাৰিআলি আৱৰ্ত্ত ভৱনত আয়োজিত এক অনুষ্ঠানত ‘মুখ্যমন্ত্ৰীৰ কোভিড-১৯ বিধৱা সাহায্য আঁচনি’ৰ অধীনত ৯ (ন) গৰাকী বিধৱা মহিলাক চেক প্ৰদান কৰে । কোভিডৰ ফলত স্বামীহাৰা হোৱা বিধৱা মহিলা কেইগৰাকীক এককালীন বিত্তীয় সাহায্য হিচাপে প্ৰত্যেককে ২.৫ লাখ টকাৰ চেক প্ৰদান কৰা হয় । ইয়াৰ পূৰ্বে যোৱা ১৭ জুলাই তাৰিখে মন্ত্ৰী গৰাকীয়ে উক্ত আঁচনিৰ অধীনত ৩২ গৰাকী হিতাধিকাৰীক চেক প্ৰদান কৰিছিল । এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে , যদিও চৰকাৰে প্ৰিয়জনৰ ক্ষতি পূৰণ কৰিব নোৱাৰে,তথাপিও এককালীন আৰ্থিক সাহায্যই বিধৱাসকলৰ আৰ্থিক দুৰ্দশা কিছু পৰিমাণে লাঘৱ কৰিব আৰু তেওঁলোকক এক সন্মানীয় জীৱন যাপন কৰাত সহায় কৰিব । জনকল্যানমূলক আঁচনি গ্ৰহণৰ ক্ষেত্ৰত সদায় অগ্ৰণী ভুমিকা লৈ থকাৰ বাবে শ্ৰীযুত হাজৰীকাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাকো ধন্যবাদ জ্ঞাপন কৰে । উল্লেখযোগ্য যে , যিসকল মহিলাৰ স্বামীয়ে কোভিড-১৯ ত আক্ৰান্ত হোৱাৰ পিছত মৃত্যুবৰণ কৰিছে , তেওঁলোক এই আঁচনিৰ অধীনত লাভাম্বিত হোৱাৰ যোগ্য । অৱশ্যে,বিধৱা গৰাকী নিম্ন উপাৰ্জনকাৰী হ’ব লাগিব আৰু বাৰ্ষিক উপাৰ্জন ৫ (পাচঁ) লাখ টকাৰ ভিতৰত হ’ব লাগিব । ‘মুখ্যমন্ত্ৰীৰ কোভিড-১৯ বিধৱা সাহায্য আঁচনি’খন ৰাজ্য চৰকাৰৰ ‘শিশু সেৱা আঁচনি’ৰ পিছতে আৰম্ভ কৰা হৈছে , য’ত কোভিড-১৯-ৰ ফলত পিতৃ-মাতৃ হেৰুওৱা শিশুসকলক আৰ্থিক সাহায্য প্ৰদান কৰা হয় । শ্ৰীযুত হাজৰীকাই কয় যে , চৰকাৰ আৰু কোভিড যোদ্ধা সকলৰ সামূহিক আৰু উৎসৰ্গিত প্ৰচেষ্টাৰ ফলস্বৰুপে অসমত আজি দেশৰ ভিতৰতে কোভিডত মৃত্যুৰ হাৰ আটাইতকৈ কম । “আমি প্ৰত্যেকগৰাকী কোভিড ৰোগীৰ মৃত্যুত দুখ প্ৰকাশ কৰোঁ । সকলো ৰোগীৰ জীৱন ৰক্ষা কৰিব পৰা হ’লে ভাল পালো হেতেন, কিন্তু মই সুখী যে আমাৰ একাণপতীয়া প্ৰচেষ্টাৰ বলতে আজি ৰাজ্যখনত দেশৰ ভিতৰতে কোভিডত মৃত্যুৰ হাৰ আটাইতকৈ কম” । তেখেতে লগতে আৰু কয় যে , ৰাজ্যখনৰ সকলো জনসাধাৰণকে টিকাকৰণ কৰাৰ উদ্দেশ্যেৰে চৰকাৰে পূৰ্ণগতিত টিকাকৰণ অভিযান চলাই আছে , যাতে ভৱিষ্যতে কোভিডৰ তৃতীয় ঢৌ আহিলেও কাৰো মৃত্যু নহয় । আজিৰ অনুষ্ঠানটোত তেজপুৰৰ সাংসদ শ্ৰীযুত পল্লৱ লোচন দাস , বিশ্বনাথৰ বিধায়ক শ্ৰীযুত প্ৰমোদ বৰঠাকুৰ,বিশ্বনাথৰ উপায়ুক্ত শ্ৰীযুত প্ৰণৱ কুমাৰ শৰ্মা , আৰক্ষী অধীক্ষক শ্ৰীমতী লীণা দলে আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।