মুখ্যমন্ত্ৰীৰ কোভিড-১৯ বিধৱা সাহায্য আঁচনি’ৰ অধীনত কামৰূপ জিলাৰ ৮০ গৰাকী হিতাধিকাৰীক সাহায্যৰ চেক প্ৰদান কৰিলে অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে

149

মুখ্যমন্ত্ৰীৰ কোভিড-১৯ বিধৱা সাহায্য আঁচনি’ৰ অধীনত কামৰূপ জিলাৰ ৮০ গৰাকী হিতাধিকাৰীক সাহায্যৰ চেক প্ৰদান কৰিলে অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে

দুৰ্নীতিৰ দৰ্পণ সেৱা , পঙ্কজ নাথ , চাংসাৰি , ২৫ আগষ্ট : আজি কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজিত এক অনুষ্ঠানত জিলাখনৰ ৮০ গৰাকী হিতাধিকাৰীক ‘মুখ্যমন্ত্ৰীৰ কোভিড-১৯ বিধৱা সাহায্য আঁচনি’ৰ চেক প্ৰদান কৰা হয় ৷ প্ৰতিগৰাকী হিতাধিকাৰীলৈ আঢ়ৈ লাখ টকাকৈ আগবঢ়োৱা এই চেকসমূহ প্ৰদান কৰে জিলাখনৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য , পৰিবহন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ৷ সভাত তেওঁৰ ভাষণ প্ৰসংগত মন্ত্ৰী পাটোৱাৰীয়ে কয় যে , আপোনজনক হেৰুওৱাৰ বেদনা কোনো আৰ্থিক মূল্যৰে পূৰণ কৰিব নোৱাৰি যদিও এই আঁচনিখন হ’ল দুৰ্যোগপূৰ্ণ মুহূৰ্তত দুৰ্গত পৰিয়ালসকলৰ ওচৰত থিয় দি তেওঁলোকৰ দুখৰ সমভাগী হ’বলৈ লোৱা মুখ্যমন্ত্ৰীগৰাকীৰ এক মানৱীয় প্ৰয়াস ৷ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে , আগন্তুক দিনত এই পৰিয়ালসকলৰ যিকোনো অসুবিধাৰ ক্ষেত্ৰত চৰকাৰখনক ওচৰত পাব ৷ তেওঁ আৰু কয় যে , বিজ্ঞানৰ ইমান উন্নতিৰ যুগতো বৰ্তমানেও কোভিডৰ কোনো ঔষধ এতিয়ালৈকে উলিয়াব নোৱৰা অৱস্থাটোৱে যেন প্ৰকৃতিৰ ৰূষ্টতাকেই অনুকিয়াইছে ৷ প্ৰকৃতিয়েই ইয়াৰ পথ দেখুৱাব লাগিব বুলিও তেওঁ কয় ৷ জীৱনৰ এই দুৰ্যোগপূৰ্ণ মুহূৰ্তত তেওঁ প্ৰতিগৰাকী মহিলাকে ধৈৰ্য্যৰে প্ৰতিকূল পৰিৱেশৰ এই প্ৰত্যাহ্বান নেওচি নিজৰ নিজৰ পৰিয়ালটিৰ পৰিচালনাৰ দায়িত্ব বহন কৰিবলৈও আহ্বান জনায় ৷
সভাত উপস্থিত থাকি গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা আৰু বিধায়ক ত্ৰয় ক্ৰমে দিগন্ত কলিতা , হেমাংগ ঠাকুৰীয়া আৰু সুমন হৰিপ্ৰিয়াইও ভাষণ প্ৰদান কৰে ৷ ভাষণ প্ৰসংগত তেওঁলোকে হিতাধিকাৰীসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি কোভিডত মৃত্যুবৰণ কৰা লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে ভৱিষ্যতে যিকোনো জটিল মুহূৰ্ততে তেওঁলোকৰ ওচৰত থিয় দিব বুলি আশ্বাস প্ৰদান কৰে ৷ ইয়াৰ আগেয়ে আদৰণি ভাষণ প্ৰদান কৰি জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে জিলাখনৰ প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীকে এই আঁচনিৰ অধীনত সাহায্য প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰে ৷ উল্লেখযোগ্য যে , এই আঁচনিখনৰ অধীনত ইতিপূৰ্বে জিলাখনৰ ২৪ গৰকাী হিতাধিকৰী উপকৃত হৈছে ৷  আজিৰ সভাত হিতাধিকাৰীসকল আৰু জিলা প্ৰশাসনৰ বিষয়াবৰ্গৰ উপৰি স্বাস্থ্য , সমাজ কল্যাণ আদি বিভিন্ন বিভাগৰ বিষয়াবৰ্গ উপস্থিত থাকে ।