মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ জাল কৰি ৱৰ্ক অৰ্ডাৰ বনোৱা ইমৰান শ্বাহ চৌধৰী আৰক্ষীৰ জালত, দিল্লীত গ্ৰেপ্তাৰ কৰিলে দিছপুৰ আৰক্ষীয়ে

134

মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ জাল কৰি ৱৰ্ক অৰ্ডাৰ বনোৱা ইমৰান শ্বাহ চৌধৰী আৰক্ষীৰ জালত, দিল্লীত গ্ৰেপ্তাৰ কৰিলে দিছপুৰ আৰক্ষীয়ে

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ১৩ ছেপ্তেম্বৰঃ কিছুদিন পূৰ্বে লোহিত কনষ্ট্ৰাকচনে জনস্বাস্থ্য কাৰিকৰী বিভাগত দাখিল কৰা এখন ৱৰ্ক অৰ্ডাৰত মুখ্যমন্ত্ৰীৰ ভুৱা স্বাক্ষৰ প্ৰত্যক্ষ কৰিছিল বিভাগৰ লোকে ৷ লগে-লগে বিভাগৰ ফালৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অৱগত কৰাত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে দিছপুৰ আৰক্ষী থানাত দাখিল কৰে এক এজাহাৰ ৷ এজাহাৰৰ ভিত্তিত তদন্ত চলাবলৈ গৈ প্ৰথমে দিছপুৰ আৰক্ষীয়ে লোহিত কনষ্ট্ৰাকচনৰে জড়িত ৪ জন ঠিকাদাৰ ক্ৰমে বিনীত পোড্ডাৰ , দীপজ্যোতি দত্ত , জয়মিনি মোহন আৰু পংকজ গগৈক আটক কৰিছিল ৷ চাৰিওগৰাকী ঠিকাদাৰক সোধা–পোছা কৰাত ওলাই পৰিছিল , কেনেদৰে ইমৰান শ্বাহ চৌধৰীয়ে মুখ্যমন্ত্ৰীৰ ভুৱা স্বাক্ষৰ কৰি বনাই দিছিল ৱৰ্ক অৰ্ডাৰ ৷ সংবাদ মাধ্যমত এই বাতৰি প্ৰকাশ পোৱাৰ পিছতে দিল্লীত গৈ আত্মগোপন কৰিছিল ইমৰান শ্বাহ চৌধৰীয়ে ৷ ইমৰানক আটক কৰাৰ উদ্দেশ্যে দিল্লীত গৈ দিছপুৰ আৰক্ষী উপস্থিত হোৱাৰ পিছতে আৰক্ষীৰ চকুত ধূলি দিবৰ বাবে বাৰম্বাৰ ঠাই সলনি কৰিছিল ইমৰানে ৷ অৱশেষত ইমৰানক দিল্লীত ঠাই সলনি কৰাত সহায় কৰা ৰাজীৱ চৌধৰীসহ ইমৰান শ্বাহ চৌধৰীক গ্ৰোপ্তাৰ কৰিবলৈ সক্ষম হয় দিছপুৰ আৰক্ষীয়ে ৷ দিল্লীৰ সমান্তৰালকৈ গুৱাহাটীৰ কেইবাটাও স্থানত অভিযান চলোৱাৰ অন্তত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দিলীপ দাস নামৰ ইমৰানৰ আন এজন সহযোগীক ৷ দিলীপ দাস , অনুপম চৌধৰী আৰু প্ৰকাশ বসুমতাৰী নামৰ ৩ প্ৰৱঞ্চকে মুখ্যমন্ত্ৰীৰ প্ৰকৃত চহী কালেকচন কৰি আনি দিছিল ইমৰান শ্বাহ চৌধৰীক ৷ সম্প্ৰতি মাষ্টাৰমাইণ্ড ইমৰানক দিল্লীৰ পৰা গুৱাহাটীলৈ লৈ অনাৰ বিপৰীতে আন দুই প্ৰৱঞ্চক ক্ৰমে অনুপম চৌধৰী আৰু প্ৰকাশ বসুমতাৰীক বিচাৰি অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷