মূল্যবৃদ্ধিৰ বিৰুদ্ধে গোসাঁইগাঁওত কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ: মূল্যবৃদ্ধিক লৈ টুলুঙা মন্তব্য কৰা ভৱেশ কলিতাক গ্ৰেফতাৰৰ দাবী ভূপেন বৰাৰ

182

মূল্যবৃদ্ধিৰ বিৰুদ্ধে গোসাঁইগাঁওত কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ: মূল্যবৃদ্ধিক লৈ টুলুঙা মন্তব্য কৰা ভৱেশ কলিতাক গ্ৰেফতাৰৰ দাবী ভূপেন বৰাৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা, মিজানুৰ ৰহমান, গোসাঁইগাঁও, ১২ অক্টোবৰঃ অচ্ছা দিনৰ সপোন দেখুৱাই শাসনভাৰ লোৱা বিজেপিৰ দিনত এশ টকা পেট্ৰলৰ মুল্য এক লিটাৰ পানীৰ দামতকৈ কম বুলি উপহাস কৰা মন্তব্য অসমবাসী ৰাইজৰ বাবেই দুঃভাগ্যজনক৷ ক্ষমতাই মুৰত ধৰা বিজেপিয়ে অতীত পাহৰিছে৷এই সকলেই পিয়াজৰ মালা পিন্ধি, গৰুৰ গাড়ীত উঠি, ছিলিণ্ডাৰ মুৰত লৈ বিধান সভাৰ মজিয়া পাইছিল৷এতিয়া এই সকলেই সাংবাদিক, ছাত্ৰ ছাত্ৰী আৰু ৰাইজক খোজকাঢ়ি, চাইকেল চলাবলৈ, মটৰচাইকেলত তিনিজন উঠি চলাচল কৰিবলৈ পৰামৰ্শ দিয়ে৷ বিজেপিৰ উপদেষ্টা মানি কোনোবাই এটা মটৰচাইকেলত তিনিজন উঠালে, তেওঁলোকক আকৌ পুলিচে আটক কৰিব। কেৱলমাত্ৰ ৰাজনৈতিক স্বাৰ্থত জনসাধাৰণৰ মন আৰু মানসিকতা, জীৱন জীৱিকাক সৰ্বস্বান্ত কৰা বিজেপিয়ে এনেকুৱা পাতল কথাৰে মুল্যবৃদ্ধিৰ প্ৰসংগ তল পেলাব বিচৰা ৰাজ্যিক বিজেপিৰ সভাপতিক আৰক্ষীয়ে গ্ৰেফতাৰ কৰিব লাগে৷ এই ক্ষেত্ৰত অসম আৰক্ষীৰ যদি সৎসাহস থাকিব লাগিব। কিন্তু এই বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে দিনটো হেলিকপ্টাৰ উৰুৱাই এদিনতে তিনি ঠাইত নিৰ্বাচনত মনোনয়নপত্ৰ দাখিলত অংশ গ্ৰহন কৰিছে৷ক্ষমতাৰ ক্ষকে মুৰত ধৰা বিজেপিক সময় থাকোতে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে ৰাইজৰ বিপদ দুগুণে বাঢ়িব৷ এই ভাষ্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভুপেন কুমাৰ বৰাৰ৷’নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ জুই চাই দাম, এইবাৰ ম’হৰ গাড়ীত উঠি পুজা চাম’ শীৰ্ষক শ্লোগান লৈ আজি গোসাঁইগাঁৱত অসম প্ৰদেশ কংগ্রেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই ম’হৰ গাড়ীত উঠি বিভিন্ন দুৰ্গাপূজা মণ্ডপত আশীষ গ্ৰহণ কৰি মুল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰা সময়ত বিজেপিক মাতাল হাতীৰ সৈতে তুলনা কৰি কয়, মাতাল হাতীক যেনেকৈ অংকুশেৰে খুচি নিয়ন্ত্ৰণ কৰা হয়, তেনেদৰে বিজেপিক ৰাইজে নিয়ন্ত্ৰণ কৰিব লাগিব৷বছৰি পাঁচ লাখ অসমৰ যুৱকৰ কৰ্মসংস্থাপন, আত্মনিৰ্ভৰশীল, স্বাৱলম্বী অসম গঢ়ৰ সপোন, মুল্যবৃদ্ধি নিয়ন্ত্ৰণ আদি সহ বিভিন্ন ভুৱা প্ৰতিশ্ৰুতিৰে শাসনৰ গাদীত বহা সকলে এতিয়া জাত-পাত, ধৰ্মৰ নামত বিভাজন আনি মুল্যবৃদ্ধিৰ প্ৰসংগ তল পেলাবলৈ চেষ্টা কৰিছে৷বিনামূলীয়া ভেকচিনৰ বাবেই মুল্যবৃদ্ধি বুলি কেন্দ্ৰীয় মন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয়, তাৰ বাবেই গুৱাহাটীৰ এয়াৰপৰ্ট, জাগীৰোডৰ কাগজ কল পানীৰ দৰত বিক্ৰী কৰিলে নেকি বুলি কটাক্ষ কৰি বিভিন্ন সময়ত তৰল মন্তব্যৰে ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰা বিজেপিৰ পৰা ৰাইজে উপ নিৰ্বাচনত উত্তৰ বিচাৰিব লাগিব বুলিও মন্তব্য কৰে৷ আজিৰ এই কাৰ্যসূচীত বিধান সভাৰ বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইন কয়, বিজেপিয়ে গাদীৰ স্বাৰ্থত বড়ো-অবড়োৰ মাজত বিভাজনৰ ৰাজনীতি আৰম্ভ কৰি এতিয়া বিটিচিৰ সকলো ক্ষমতা কাঢ়ি দিছপুৰলৈ নিলে৷তেখেতে কয়, ৰাইজৰ লগত কংগ্ৰেছ সদায় আছে আৰু থাকিব বুলি মন্তব্য কৰি উপ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিবলৈ ৰাইজক আহ্বান জনায়৷আজিৰ প্ৰতীকী প্ৰতিবাদত গোসাঁইগাঁও বিধানসভা সমষ্টিৰ কংগ্রেছ দলৰ মনোনীত প্ৰাৰ্থী জুৱেল টুডু সহ আন আন কৰ্মকৰ্তা, সমৰ্থক সকলে বিভিন্ন প্ৰতিবাদী শ্লোগান দিয়ে৷ গোসাঁইগাঁও শ্মশান মন্দিৰৰ পৰা প্ৰতীকী ম’হৰ গাড়ী যাত্ৰা আৰম্ভ কৰা কংগ্ৰেছৰ প্ৰতিবাদী দলটোৱে গোসাঁইগাঁও বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চলৰ দুৰ্গা মণ্ডপ পৰিদৰ্শন কৰি দুৰ্গতি নাশিনী দেৱী দুৰ্গাৰ আশীষ গ্ৰহণ কৰে।