মৰঙিৰ বকিয়াল চাহ বাগিছাত পিষ্টল উদ্ধাৰ, দুজনক আটক আৰক্ষীৰ

116

মৰঙিৰ বকিয়াল চাহ বাগিছাত পিষ্টল উদ্ধাৰ, দুজনক আটক আৰক্ষীৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , জানমনি দও , প্ৰতিবেদক , নুমলীগড় , ১৫ ছেপ্তেম্বৰ : মৰঙি মৌজাৰ বকিয়াল চাহ বাগিছাৰ এজন লোকৰ হাতৰ পৰা আৰক্ষীয়ে এটা হস্তনিৰ্মিত পিষ্টল উদ্ধাৰক কেন্দ্ৰ কৰি অঞ্চলটোত চেঁপা উত্তেজনাই বিৰাজ কৰিছে ৷ ঘটনাৰ বিৱৰণী মতে , বকিয়াল চাহ বাগিছাৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক কৃষ্ণ তাঁতীয়ে নিশা ফোনেৰে বগীজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক অৱগত কৰে যে , দিবাকৰ তাঁতী নামৰ এজন লোকে এটা পিষ্টল লৈ আন এঘৰত ভাবুকি দিবলৈ অহা অৱস্থাত তেওঁলোকে দিবাকৰ তাঁতীক আটক কৰি ৰাখিছে ৷ লগে লগেই ঘটনাস্থলীত আৰক্ষীৰ দল এটা উপস্থিত হয় আৰু দিবাকৰ তাঁতীৰ পৰা হস্তনিৰ্মিত পিষ্টলটো উদ্ধাৰ কৰি দিবাকৰ তাঁতীক নিজৰ জিম্মাত লয় ৷ ক্ষীপ্ৰ তদন্তৰে আৰক্ষী বিষয়াই টংকে তাঁতী নামৰ আন এজন লোককো নিশাই আটক কৰে ৷ দিবাকৰ তাঁতীয়ে প্ৰকাশ কৰা মতে , পিষ্টলটোৰ প্ৰকৃত গৰাকী টংকে তাঁতীহে ৷ কিন্তু ঘটনাৰ সিমানতে সামৰণি নপৰিল ৷ টংকে তাঁতীয়ে জেৰাত স্বীকাৰোক্তি দিয়ে যে , পিষ্টলটো তেওঁ পাইছিল বাগিছাৰে এজন অৱসৰপ্ৰাপ্ত মহৰী কুতুবুদ্দিন আহমেদৰ পৰা ৷ কুতুবুদ্দিন আহমেদকো তদন্তৰ আওতালৈ আনিব বুলি প্ৰকাশ কৰিছে যদিও বৰ্তমানলৈকে তেওঁক সোধপোছৰ বাবেও পোৱা নাই বগীজান থানাৰ আৰক্ষীয়ে ৷ উল্লেখ্য যে , গোলাঘাটৰ মৰঙিৰ কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী বগীজান আৰক্ষী থানাৰ অন্তৰ্গত সমগ্ৰ এলেকাটো সাম্প্ৰতিক সময়ত কেৱল অপৰাধজনিত কাৰণতে চৰ্চাৰ শীৰ্ষত আছে ৷ অতিকে স্পৰ্শকাতৰ অঞ্চলটোত গঢ়ি উঠা অবৈধ সুৰাৰ ঘাটিবোৰেই মূলত অপৰাধজনিত ঘটনাবোৰৰ কেন্দ্ৰবিন্দু হিচাপে চিহ্নিত হৈ আহিছে ৷ জিলা প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে যিকোনো মুহূৰ্ততে যিকোনো অনাকাংক্ষিত ঘটনাৰ সৃষ্টি হ’ব পাৰে বুলিও শংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ লগতে বকিয়াল বাগিচাৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক কৃষ্ণ তাঁতীৰ সমাজ সচেতনতাৰো সকলোৱে একেমূখে শলাগ লৈছে ৷