মৰিগাঁও জিলা তিৱা ছাত্ৰ সন্থাৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন , মুখ্যমন্ত্ৰীলৈ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ

177
মৰিগাঁও জিলা তিৱা ছাত্ৰ সন্থাৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন , মুখ্যমন্ত্ৰীলৈ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ
ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ১৯ আগষ্ট : জাগীৰোড টাউন কমিটি গঠন কৰিবলৈ লোৱা কাৰ্যৰ বিৰোধিতা কৰাকে ধৰি জাগীৰোড উন্নয়ন প্ৰাধীকৰণ ভংগ কৰাৰ লগতে আৰু তিৱা স্বায়ত্ব পৰিষদক সাংবিধানিক মৰ্যাদা প্ৰদান কৰি ভূমি স্বত্ব প্ৰদান কৰাৰ দাবীত আজি সদৌ তিৱা ছাত্ৰ সন্থাৰ মৰিগাঁও জিলা সমিতিয়ে মৰিগাঁৱত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । মৰিগাঁও চহৰৰ বিহুতলিত আজি পুৱাৰ ভাগত সংগঠনটোৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে । প্ৰতিবাদৰ অন্তত সংগঠনটোৰ সভাপতি কন্দৰ্প হোগাই আৰু সাধাৰণ সম্পাদক দিগন্ত বৰদলৈৰ স্বাক্ষৰিত এক স্মাৰক পত্ৰ মৰিগাঁও জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে । সংগঠনটোৱে স্মাৰক পত্ৰত উল্লেখ কৰে যে- জাগীৰোড টাউন কমিটি গঠন হ’লেও ট্ৰাইৱেল ব্লকৰ আইন সুৰক্ষিত হ’ব বুলি যেতিয়ালৈকে আইনী ভাৱে নিশ্চিত দিয়া নহ’ব , তেতিয়ালৈকে সদৌ তিৱা ছাত্ৰ সন্থাই টাউন কমিটি গঠনৰ তীব্ৰ বিৰোধীতা কৰি যাব । লগতে জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ এলেকা আজিও জাগীৰোড , পালিগুৰী আৰু দেওশাল গাঁও পঞ্চায়তৰ ভিতৰত অন্তৰ্ভুক্ত । গতিকে , জনজাতি তথা খিলঞ্জীয়া থলুৱা লোকসকলৰ কোনো কামত নহা জাগীৰোড উন্নয়ন প্ৰাধিকৰণ তৎকালে কাৰ্যকৰী হোৱাকৈ ভংগ কৰি দিবলৈ দাবী জনায় । ২০০৫ চনতে অসম চৰকাৰে তিৱা স্বায়ত্ব পৰিষদ আইন ১৯৯৫ ৰ সংশোধন কৰি পৰিষদ এলেকাৰ ভূমি বন্দোবস্তী কৰাৰ অধিকাৰ প্ৰদান কৰিছিল । কিন্তু এই সংশোধনী মতে , তিৱা স্বায়ত্ব পৰিষদক ভূমিস্বৰ্ত প্ৰদান কৰা নাই । তিৱা স্বায়ত্ব পৰিষদক সাংবিধানিক মৰ্যাদা প্ৰদান কৰি ভূমিস্বৰ্ত প্ৰদান কৰিবলৈ অসম চৰকাৰক সংগঠনটোৱে দাবী জনায় । আজি সংগঠনটোৱে মৰিগাঁও চহৰৰ বিহুতলিত ৰূপায়ন কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত সংগঠনটোৰ বিষয়ববীয়া সকলৰ লগতে শতাধিক সদস্যই অংশ গ্ৰহণ কৰে ।