মৰিগাঁৱত অসম চৰকাৰৰ অনিৰুদ্ধ যাত্ৰাৰ ১০০ দিন উদযাপন

105
মৰিগাঁৱত অসম চৰকাৰৰ অনিৰুদ্ধ যাত্ৰাৰ ১০০ দিন উদযাপন
ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ২০ আগষ্ট : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্যৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ খনৰ আজি ১০০ দিন সম্পূৰ্ণ কৰাৰ উপলক্ষে ৰাজ্যৰ প্ৰতিখন জিলাতে অনিৰুদ্ধ যাত্ৰাৰ ১০০ টা দিন উদযাপন কৰাৰ লগতে মৰিগাঁৱতো আজি জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হয় । আজি বিয়লি ৪ বজাত মৰিগাঁও সদৰস্থিত পবিতৰাহাটত অনুষ্ঠিত হোৱা অনিৰুদ্ধ যাত্ৰাৰ অনুষ্ঠানত মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই অসম চৰকাৰে ১০০ টা দিনত  ৰূপায়ন কৰা কাৰ্যসূচী সমূহৰ বহল ব্যাখ্যা আগবঢ়ায় । লগতে মৰিগাঁও জিলা আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে বক্তব্য কয় যে-চৰকাৰে অসম পুলিচক নিজা আৰ্হিত কাম কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতে অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীয়ে অভিযান চলাই সফলতা কঢ়িয়াবলৈ সক্ষম হৈছে । উক্ত অনুষ্ঠানত মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক প্ৰতাপ হাজৰিকাই অংশ গ্ৰহণ কৰি চৰকাৰ খনৰ ১০০ দিনীয়া সাফল্যৰ ওপৰত ব্যাখ্যা কৰাৰ উপৰিও মৰিগাঁও জিলাত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং , চিকিৎসা মহাবিদ্যালয় স্থাপন , মৰিগাঁও অসামৰিক চিকিৎসালয় খন শ্বহীদ তিলক ডেকা , গুণাভিৰাম বৰদলৈ আৰু হেমৰাম পাতৰৰ নামত উৎসৰ্গা কৰা কাৰ্যৰ বাবে চৰকাৰক প্ৰশংসা কৰে । মৰিগাঁৱৰ জ্যেষ্ঠ নাগৰিক মিলেশ্বৰ পাতৰে অনুষ্ঠানটোত অংশগ্ৰহণ কৰি ভাষণ আগবঢ়োৱাৰ উপৰিও মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষিতীশ পেগু , চাৰিগৰাকীকৈ অতিৰিক্ত উপায়ুক্ত ক্ৰমে ৰিংখাং মুছাহাৰী , গৰ্গমোহন দাস , অৰুন্ধতী মিপুন , মৈত্ৰেয়ী মৰাণ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।